ETV Bharat / bharat

এপ্ৰিলৰ শেষলৈ ভাৰতত অত্যাধিক বৃদ্ধি পাব পাৰে কোভিড-19 আক্ৰান্তৰ সংখ্যা - কোভিড-19 আক্ৰান্তৰ সংখ্যা

ইণ্ডিয়ান চেষ্ট ছচাইটি (The Indian Chest Society, ICS) চমুকৈ আইচিএছে প্ৰকাশ কৰা অনুসৰি, এপ্ৰিলৰ শেষলৈ ভাৰতত মাত্ৰাধিক হাৰে বৃদ্ধি পাব পাৰে কোভিড-19 আক্ৰান্তৰ সংখ্যা ৷

এপ্ৰিলৰ শেষলৈ ভাৰতত অত্যধিক বৃদ্ধি পাব পাৰে কোভিড-19 আক্ৰান্তৰ সংখ্যা

author img

By

Published : Apr 4, 2020, 9:01 AM IST

Updated : Apr 4, 2020, 10:16 AM IST

নিউজ ডেস্ক, 4 এপ্ৰিলঃ ভাৰতীয় চেষ্ট ছচাইটি চমুকৈ আইচিএছে প্ৰকাশ কৰা অনুসৰি, এপ্ৰিল মাহৰ শেষৰ ফালে ভাৰতে কোভিড-19ৰ আক্ৰান্তৰ সংখ্যাৰ শিখৰত উপনীত হোৱাৰ সম্ভাৱনা আছে ৷ এইক্ষেত্ৰত ভাৰতে আমেৰিকাৰ তুলনাত এমাহ পিচপৰি আছে বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে ৷ অৱশ্যে ভাৰতত জাৰী কৰা লকডাউনে এই সংখ্যা কম কৰাত অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰিছে সংস্থাটোৰ প্ৰধান ডিজে খ্ৰিষ্টোফাৰে ৷

1919ত স্পেনিছ ফ্লুৰ সময়ত হোৱা অভিজ্ঞতাৰ ফালৰ পৰা ভাৰতে জাৰী কৰা লকডাউনৰ ফলত কোভিড-19ৰ সংখ্যাত হ্ৰাস হোৱাৰ সম্ভাৱনা আছে ৷ লকডাউনে ভাৰতত কৰ‘ণা ভাইৰাছৰ দ্বাৰা সৃষ্ট কোভিড-19ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা লোকৰ সংখ্যাও কম হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে সংস্থাটোৱে ৷ সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি, 21 দিনীয়া লকডাউনে ভাৰতত কৰ‘ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ লগতে ইয়াৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা বহু পৰিমানে কম কৰিবলৈ সক্ষম হ‘ব ৷

কোভিড-19ৰ বিৰুদ্ধে প্ৰস্তুতি আৰু স্বাস্থ্যকৰ্মীৰ সুৰক্ষা বিষয়কৈ লৈ সংস্থাটোৱে এক ৱেবিনাৰ (webinar)ৰ আয়োজন কৰিছিল ৷ আলোচনাৰ অন্তত সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি, দীৰ্ঘসময় ধৰি কৰ‘ণাত আক্ৰান্ত ৰোগীৰ সৈতে মোকাবিলা কৰি থকা অথবা কৰ‘ণাত আক্ৰান্ত লোকৰ ওচৰে-পাজৰে থকাসকলৰ দেহলৈ এই ভাইৰাছ সংক্ৰমণ হোৱাৰ সম্ভাৱনা অধিক থাকে ৷

10 ঘন্টা নাইবা তাৰ অধিক সময় অত্যধিক বিপদজ্জনক কোভিড কেয়াৰ এলেকাত নিৰৱিচিন্নভাৱে কাম কৰিলে শ্বাস-প্ৰশ্বাসজনিত সমস্যা বৃদ্ধি হোৱাৰ লগতে পৰ্যাপ্ত পৰিচ্ছন্নতাৰ অনুশীলন আৰু পৰ্যাপ্ত ব্যক্তিগত সুৰক্ষা সৰঞ্জামৰ অনুপস্থিতিত স্বাস্থ্যকৰ্মীসকলৰ মাজত এই ভাইৰাছ সংক্ৰমণ হোৱাৰ অত্যধিক সম্ভাৱনা আছে বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে ৷

Last Updated : Apr 4, 2020, 10:16 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.