ETV Bharat / bharat

কোভিড-১৯ আক্ৰান্তৰ সংখ্য়া বৃদ্ধি পালেও নিয়ন্ত্ৰণত আছে দিল্লীত পৰিস্থিতি

author img

By

Published : Jun 26, 2020, 9:10 PM IST

ৰাজধানী দিল্লীত বিগত ২৪ ঘণ্টাত ৩,৩৯০ জন লোক নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে । সম্প্ৰতি দিল্লীত মুঠ আক্ৰান্তৰ সংখ্যা ৭৩,৭৮০ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ২,৪২৯ জন লোক মৃত্যু মুখত পৰিছে ।

Arvind Kejriwal
COVID-19 cases high in Delhi but situation is under control: Arvind Kejriwal

নিউজ ডেস্ক, ২৬ জুনঃ ৰাজধানী দিল্লীৰ কোভিড-১৯ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, "চহৰখনত কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্য়া বৃদ্ধি হৈছে যদিও বৰ্তমানেও নিয়ন্ত্ৰণত আছে পৰিস্থিতি। দিল্লীবাসীয়ে কোনো ভয় কৰাৰ কাৰণ নাই" বুলি মন্তব্য কৰে কেজৰিৱালে।

দিল্লীত কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্য়া বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ নমুনা পৰীক্ষাৰ ব্যৱস্থাও বৃদ্ধি কৰা হৈছে বুলি মুখ্য়মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেখেতে উল্লেখ কৰা অনুসৰি প্ৰতিদিনে দিল্লীত প্ৰায় ৩০০০ লোকৰ কোভিড-১৯ ৰ নমুনা পৰীক্ষা কৰা হয়।

ৰাজধানী দিল্লীত বিগত ২৪ ঘণ্টাত ৩,৩৯০ জন লোক নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে । সম্প্ৰতি দিল্লীত মুঠ আক্ৰান্তৰ সংখ্যা ৭৩,৭৮০ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ২,৪২৯ জন লোক মৃত্যু মুখত পৰিছে । অৰবিন্দ কেজৰিৱালে সংবাদমেলত উল্লেখ কৰা অনুসৰি সম্প্ৰতি ২৬,৫৮৬ গৰাকী লোক চিকিৎসাধীন অৱস্থাত আছে আৰু ৪৪,৭৬৫ লোকে এই মহামাৰীৰ পৰা আৰোগ্য লাভ কৰিছে।

দিল্লীত কোভিড-১৯ আক্ৰান্তৰ সংখ্য়া বৃদ্ধি হৈছে যদিও নিয়ন্ত্ৰণত আছে পৰিস্থিতিঃ অৰবিন্দ কেজৰিৱাল

সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক সময়ত দিল্লী চৰকাৰক আৰু অধিক ICU বিচনা লাগিব পাৰে। সেয়ে দিল্লীৰ বুৰাড়ীত নতুনকৈ নিৰ্মাণ কৰা হাস্পতালৰ পৰা ৪৫০ খন বিচনা কোভিড-১৯ ৰোগীৰ বাবে প্ৰদান কৰা হ'ব বুলি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰি দিল্লীৰ বিভিন্ন ঠাইত হাস্পতালৰ আশে-পাশে ৰোগীৰ বাবে বিচনাৰ সংখ্যা বৃদ্ধি কৰা হ'ব। লগতে, হোটেলত ৩,৫০০ খন বিচনাৰ ব্যৱস্থা কৰা হৈছে বুলি অৰবিন্দ কেজৰিৱালে উল্লেখ কৰে। জুন মাহৰ প্ৰথম ভাগত ৰাজধানী চহৰখনত কোভিড-১৯ ৰোগীৰ বাবে বিচনাৰ নাটনি হৈছিল যদিও বৰ্তমান স্বাস্থ্য বিভাগত ১৩,৫০০ খন বিচনা সাজু আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

লগতে পঢ়ক : বাণিজ্য শাখাত ষষ্ঠ স্থানেৰে ডিফুলৈ গৌৰৱ কঢ়িয়ালে শ্ৰুতি জৈনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.