ETV Bharat / bharat

ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃ্দ্ধি 96.44 লক্ষাধিকলৈ

author img

By

Published : Dec 6, 2020, 3:39 PM IST

ভাৰতত 6 ডিচেম্বৰলৈ 96.44 লক্ষাধিক লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্তৰ সংখ্য়া ৷ অৱশ্যে সম্প্ৰতি দেশত 4,03,248 গৰাকীহে সক্ৰিয় আক্ৰান্ত ৰোগী আছে ৷

ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃ্দ্ধি 96.44 লক্ষাধিকলৈ
ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃ্দ্ধি 96.44 লক্ষাধিকলৈ

নেশ্যনেল ডেস্ক, 6 ডিচেম্বৰ: ভাৰতত 96.44 লক্ষাধিক লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা ৷ অৱশ্যে এই তাৰ ভিতৰত বৰ্তমানলৈ 91 লাখ লোকে আৰোগ্য লাভ কৰিছে মহামাৰী বিধৰ কবলৰ পৰা ৷ কৰ'ণা মহামাৰীৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা মুঠ আক্ৰান্তৰ সংখ্যাৰ 94.37 শতাংশ বুলি জানিবলৈ দিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৷

138 দিনৰ পাচত ভাৰতত সক্ৰিয় কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ 4 লাখ ৷ ইয়াৰ লগে লগে মুঠ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা পোৱা গৈছে 96,44,222 গৰাকী ৷ বিগত 24 ঘণ্টাত দেশত 36,011 গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে ৷ আনহাতে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 1.40 লক্ষাধিক লোকলৈ ৷ বিগত 24 ঘণ্টাত মৃত্যুক সাৱটি লৈছে 482 গৰাকী লোকে ৷

উল্লেখ্য যে, কৰ'ণাৰ কবলৰ পৰা দেশত 91,00,792 গৰাকী লোকে আৰোগ্য লাভ কৰিছে আৰু কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা মুঠ আক্ৰান্তৰ 1.45 শতাংশ বুলি তথ্য প্ৰদান কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে ৷ সম্প্ৰতি 4,03,248 গৰাকী সক্ৰিয় আক্ৰান্ত লোক দেশত আছে যাৰ পৰিমাণ মুঠ আক্ৰান্তৰ 4.18 শতাংশ ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে উল্লেখ কৰা তথ্য অনুসৰি, দেশত বৰ্তমানলৈ কৰ'ণা পৰীক্ষণৰ বাবে মুঠ 14,69,86,575 টা নমুনা সংগ্ৰহ কৰা হৈছে ৷ 5 ডিচেম্বৰত মুঠ 11,01,063 নমুনা সংগ্ৰহ কৰা হৈছে ৷

লগতে পঢ়ক: ৰামেশ্বৰী দেৱী মন্দিৰত বিজেপি নেত্ৰী উমা ভাৰতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.