নিউজ ডেস্ক, 14 এপ্ৰিলঃ মহাৰাষ্ট্ৰৰ থানে জিলাত কৰ’ণা ভাইৰাছত আক্ৰান্ত সংখ্যা 240গৰাকীলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, সোমবাৰে জিলাখনত 54গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় ৷ আক্ৰান্তসকলৰ ভিতৰত মহাৰাষ্ট্ৰৰ এগৰাকী মন্ত্ৰীৰ সৈতে জড়িত 16 গৰাকী ব্যক্তিৰ লগতে আৰক্ষী বিষয়া তথা সাংবাদিকো আছে ৷ থানে পৌৰসভাৰ মুখপাত্ৰ সন্দীপ মালাভীয়ে প্ৰকাশ কৰিছে এই কথা ৷
পৌৰসভাৰ অন্তৰ্গত বিভিন্ন স্থানত 31 গৰাকী ব্যক্তি আক্ৰান্ত হয় কৰ’ণা ভাইৰাছত ৷ যাৰ পিচতেই এই সংখ্যা 76 গৰাকীলৈ বৃদ্ধি পায় ৷ আনহাতে, কেইবাগৰাকীও সাংবাদিক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পিচতে টিএমচি বিল্ডিঙৰ অধীনস্থ প্ৰেছ ৰুম বন্ধ কৰি দিয়া হৈছে ৷
এদিন পূৰ্বে মহাৰাষ্ট্ৰৰ গৃহনিৰ্মাণ মন্ত্ৰী জীতেন্দ্ৰ আওহাড়ে তেওঁৰ সৈতে কাম কৰা এগৰাকী আৰক্ষীৰ লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি প্ৰকাশ কৰি পৰৱৰ্তী পৰ্যায়ত নিজকে আছুতীয়াকৈ ৰাখিছে বুলি উল্লেখ কৰিছিল ৷
জিলাখনৰ টিএমচিত 76গৰাকী, কেডিএমচিত 55গৰাকী, এনএমএমচিত 50গৰাকী, অম্বৰনাথত 3গৰাকী, বদলাপুৰত 4গৰাকী, এমবিএমচিত 47গৰাকী, থানে গ্ৰাম্যত 3গৰাকী আৰু ভিৱান্দী তথা ইউএমচিত 1গৰাকীকৈ লোক কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৷