ETV Bharat / bharat

কেৰালাত দম্পতীক আৱদ্ধ কৰি ৰখাৰ বাবে গ্ৰেপ্তাৰ চাৰি

author img

By

Published : Mar 16, 2020, 10:47 PM IST

কেৰালাত দম্পতীক ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখি গ্ৰেপ্তাৰ হ'ল চাৰিজন ৷ COVID-19 ত আক্ৰান্ত হোৱাৰ সন্দেহত আছুতীয়া কক্ষত বাস কৰা দম্পতীক চাৰিজন লোকে আৱদ্ধ কৰি ৰাখিছিল ৷

কেৰালাত দম্পতীক আৱদ্ধ কৰি ৰাখিলে চুবুৰীয়াই
COVID-19 আতংক

নেশ্যনেল ডেস্ক, 16 মাৰ্চ : COVID-19 ত আক্ৰান্ত হোৱাৰ সন্দেহত আছুতীয়া কক্ষত থকা দম্পতীক কোঠাত আৱদ্ধ কৰি গ্ৰেপ্তাৰ হ'ব লগা হ'ল কেৰালাৰ চাৰিজন লোক ৷

সোমবাৰে আৰক্ষী বিভাগে এই সম্পৰ্কত কয়, "দেওবাৰে ছৌদি আৰৱৰ পৰা উভতি অহা বয়সীয়া দম্পতীক বিমানবন্দৰত স্ক্ৰীনিং কৰা হয় আৰু তেওঁলোকৰ দেহত কৰ'ণাভাইৰাছৰ উপস্থিতি প্ৰত্যক্ষ কৰা নহয় ৷"

আৰক্ষীয়ে কয়, "দম্পতীয়ে তেওঁলোকৰ দুৱাৰখন বাহিৰৰ পৰা বন্ধ থকাৰ উমান পাই আৰক্ষীক খবৰ দিয়ে ৷ সেই এপাৰ্টমেন্টৰ পৰিচালনাৰ দায়িত্বত থকা লোকে ফ্লেটৰ ভিতৰতে তেওঁলোকক আৱদ্ধ কৰি ৰাখে আৰু দুৱাৰত কৰ'ণাভাইৰাছ সম্পৰ্কীয়ে এক ষ্টিকাৰ লগাই ৰাখে ৷ এইয়া সঠিক উপায় নহয় ৷ তেওঁলোক ইতিমধ্যেই আছুতীয়া কক্ষত বাস কৰি আহিছিল ৷ সেয়ে আমি এটা গোচৰ ৰুজু কৰিছো ৷"

লগতে আৰক্ষীয়ে কয়, "দম্পতীক সহায় কৰি অহা লোকজনে তেওঁলোকৰ দুৱাৰৰ সন্মুখত ঘৰৰ প্ৰয়োজনীয় বস্তু ৰাখি যায় আৰু তেওঁলোকে দুৱাৰৰ পৰা সংগ্ৰহ কৰি লয় ৷ কিন্তু, এদিন বস্তু সংগ্ৰহ কৰিবলৈ লওঁতেই তেওঁলোকে দুৱাৰখন বাহিৰৰ পৰা বন্ধ পায় ৷ চুবুৰীয়াসকলে তেওঁলোকক সহায় কৰাৰ বিপৰীতে আৱদ্ধ কৰি ৰাখে ৷"

এপাৰ্টমেন্ট পৰিচালনাৰ দায়িত্বত থকা সভাপতি, সম্পাদক আৰু দুজন সদস্যক ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে ৷

আৰু পঢ়ক : ৰাজ্যত কৰ'ণাভাইৰাছৰ আতংক : সজাগতামূলক সভাৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.