নতুন দিল্লী,27 ডিচেম্বৰ: ভাৰতবৰ্ষত 1,01,87,850 গৰাকী ব্যক্তি বৰ্তমানলৈকে কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ শেহতীয়াকৈ এদিনতে 18,732 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে ভাইৰাছবিধৰ অৱস্থিতি ৷ আক্ৰান্তসকলৰ ভিতৰত 97,61,538 গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰে ৷ সম্প্ৰতি দেশত আৰোগ্যৰ হাৰ 95.82 শতাংশ ৷ দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰে এই তথ্য ৷
ইপিনে, ভাইৰাছবিধত আক্ৰান্ত ব্যক্তিসকলৰ ভিতৰত 1,47,622 গৰাকী ব্যক্তিয়ে মৃত্যুক সাৱটি লয় ৷ বিগত 24 ঘণ্টাত প্ৰাণ হেৰুৱাই 279 গৰাকী আক্ৰান্ত ব্যক্তিয়ে ৷ ভাৰতবৰ্ষত মৃত্যুৰ হাৰ হৈছে 1.44 শতাংশ ৷
বৰ্তমানেও দেশখনত 2,78,690 গৰাকী ব্যক্তিয়ে ভাইৰাছবিধত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছে ৷ পূৰ্বৰ তুলনাত আক্ৰান্তৰ হাৰ হৈছে 2.73 শতাংশ ৷ আইচিএমআৰৰ তথ্য অনুসৰি, 16,81,02,657 টা নমুনাৰ পৰীক্ষা এতিয়ালৈকে সম্পন্ন হৈছে ৷ শনিবাৰৰ দিনটোলৈকে 9,43,368 টা নমুনাৰ পৰীক্ষা সম্পন্ন হয় ৷
লগতে চাওকঃ মা কামাখ্যাৰ আশিস ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে