ETV Bharat / bharat

৯ নৱেম্বৰত অৰ্ণৱ গোস্বামীৰ ন্যায়িক জিম্মা সন্দৰ্ভত গ্ৰহণ কৰা হ'ব শুনানি

author img

By

Published : Nov 7, 2020, 10:45 PM IST

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক আৰক্ষীৰ জিম্মাৰ সলনি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ বাবে দণ্ডাধীশৰ নিৰ্দেশৰ ওপৰত আৰক্ষীৰ সংশোধনী আবেদনৰ শুনানি অহা ৯ নৱেম্বৰত মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ আলিবাগ সত্ৰ ন্যায়ালয়ে প্ৰদান কৰিব। ২০১৮ বৰ্ষত এগৰাকী ইন্টেৰিয়ৰ ডিজাইনাৰৰ আত্মহত্যাৰে নাম সাঙুৰ খাইছে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক গৰাকীৰ।

court-to-hear-cops-plea-over-arnabs-judicial-remand-on-nov-9
৯ নৱেম্বৰত অৰ্ণৱ গোস্বামীৰ ন্যায়িক জিম্মা সন্দৰ্ভত গ্ৰহণ কৰা হ'ব

নেশ্যনেল ডেস্ক, ৭ নৱেম্বৰ: ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক আৰক্ষীৰ জিম্মাৰ সলনি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ বাবে দণ্ডাধীশৰ নিৰ্দেশৰ ওপৰত আৰক্ষীৰ সংশোধনী আবেদনৰ শুনানি অহা ৯ নৱেম্বৰত মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ আলিবাগ সত্ৰ ন্যায়ালয়ে প্ৰদান কৰিব। ২০১৮ বৰ্ষত এগৰাকী ইন্টেৰিয়ৰ ডিজাইনাৰৰ আত্মহত্যাৰে নাম সাঙুৰ খাইছে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক গৰাকীৰ।

বম্বে উচ্উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ গোস্বামী আৰু আন দুগৰাকী ব্যক্তি ক্ৰমে ফিৰোজ শ্বেখ আৰু নিতেশ সাৰদাৰ অন্তৰ্বৰ্তীকালীন জামিনৰ শুনানি গ্ৰহণ কৰা বাবে শনিবাৰে আলিবাগৰ জিলা সত্ৰ ন্যায়ালয়ে এই শুনানিৰ নিৰ্দেশনা জাৰি কৰে।

আলিবাগ আৰক্ষীয়ে নিম্ন আদালতৰ সিদ্ধান্তক খাৰিজ কৰি তিনিওগৰাকী অভিযুক্তৰ জিম্মা আৰক্ষীক প্ৰদান কৰাৰ বাবে সত্ৰ ন্যায়ালয়ত আবেদন দাখিল কৰিছে।

উল্লেখ্য যে, বুধবাৰে পুৱা গোস্বামীৰ লৱাৰ পেৰেলৰ নিজ বাসগৃহ পৰা আৰক্ষীয়ে তেখেতক আটক কৰে। ৫৩ বৰ্ষীয় ইন্টেৰিয়ৰ ডিজাইনাৰ অনভয় নাইকৰ আত্মহত্যাৰে নাম সাঙুৰ খাইছে গোস্বামীৰ। আটক কৰাৰ পিছতে তেখেতক মুখ্য ন্যায়িক দণ্ডাধিশ সুনেইনা পিংগলৰ আগত হাজিৰ কৰোৱা হয়। বুধবাৰে দণ্ডাধিশে তিনিও গৰাকী অভিযুক্তকে আৰক্ষীৰ জিম্মাত প্ৰেৰণৰ বাবে অমান্তি হয় আৰু ১৮ নৱেম্বৰলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। সম্প্ৰতি তেখেতক আলিয়াগ কাৰাগাৰৰ ক'ভিড ১৯ চেন্টাৰৰ বাবে সাজি উলিওৱা এখন বিদ্যালয়ত ৰখা হৈছে।

লগতে পঢ়ক : অৰ্ণৱ গোস্বামীৰ ন্যায়িক জিম্মা: ৰায়গড় আৰক্ষীৰ আবেদনৰ শুনানি স্থগিত কৰিলে আদালতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.