নিউজ ডেস্ক,12 আগষ্ট: হাৰিয়ানাৰ ফৰিদাবাদত বুধবাৰে এহাল দম্পতীক অচিনাক্ত দুৰ্বৃত্তই বাসগৃহত প্ৰৱেশ কৰি গুলীয়াই হত্যা কৰে ৷ নিহত দম্পতী সুখবীৰ (27) আৰু তেখেতৰ পত্নী মণিকা (26) বুলি জানিব পৰা গৈছে ৷ মঙলবাৰে দুয়োৰে গুলীবিদ্ধ মৃতদেহ ফৰিদাবাদৰ জাচানা গাঁৱৰ ঘৰৰ এটা কোঠালীত উদ্ধাৰ কৰা হয় ৷
দুয়োকে হত্যাৰ পূৰ্বে হাত বান্ধি লোৱা হৈছিল বুলি আৰক্ষী সুত্ৰই জানিবলৈ দিছে ৷
ঘৰখনত গাখীৰ দিবলৈ অহা লোকজনে গাখীৰ দিবলৈ আহি বহু সময় মতাৰ পিছত কোনো ওলাই নহাত গাখীৰ দিবলৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷
ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ উক্ত চুবুুৰীটোৰ পৰা সংগ্ৰহ কৰা এটা চিচিটিভি ফুটেজত চাৰিজন সন্দেহযুক্ত লোকক উক্ত ঘৰখনৰ পৰা ওলাই যোৱা প্ৰত্যক্ষ কৰা গৈছে ৷
লগতে পঢ়ক : মিছন কম্ৰজিপোৰা: এগৰাকী সন্ত্ৰাসবাদী নিহত