নিউজ ডেস্ক, 12 এপ্ৰিলঃ দিল্লী ষ্টেট কেন্সাৰ ইনষ্টিটিউটৰ সকলো কাম কাজ বন্ধ কৰি দিয়া হৈছে ৷ চিকিৎসালয়খনৰ 21 গৰাকীকৈ লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ পিচতে গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷ দিল্লী চৰকাৰৰ দ্বাৰা পৰিচালিত চিকিৎসালয়খন ইতিমধ্যে ছেনিটাইজ কৰি দিয়া হৈছে আৰু সোমবাৰে পুনৰ ছেনিটাইজ কৰা হ’ব বুলি জানিবলৈ দিয়ে সংশ্লিষ্ট কৰ্তৃপক্ষই ৷
চিকিৎসালয়খনত ভৰ্তি হৈ থকা ৰোগীসকলক ওচৰৰ আন এখন চিকিৎসালয়লৈ নিয়া হৈছে আৰু দিল্লী ষ্টেট কেন্সাৰ ইনষ্টিটিউটৰ সকলো কাম-কাজ সাময়িকভাৱে বন্ধ কৰি ৰখা হৈছে ৷ চিকিৎসালয়খনত ভৰ্তি হৈ থকা তিনিগৰাকীকৈ ৰোগীৰ তেজৰ নমুনা পৰীক্ষা কৰাত তেওঁলোক কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে ৷ ইয়াৰ পিচতে চিকিৎসালয়খনত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 21গৰাকীলৈ বৃদ্ধি পায় ৷
এসপ্তাহ পূৰ্বে চিকিৎসালয়খনত এগৰাকী চিকিৎসককে ধৰি 9গৰাকী পেৰা মেডিক কৰ্মী কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল ৷
ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোত এতিয়ালৈকে 903 গৰাকী লোক কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ ইয়াৰে ভিতৰত ইতিমধ্যে 14 গৰাকীয়ে মৃত্যুক সাৱতি লৈছে ৷