গুৱাহাটী, 16 মাৰ্চঃ সমগ্ৰ বিশ্বৰ লগতে অসমতো কৰ’ণা ভাইৰাছক লৈ সতৰ্কতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷ সোমবাৰে অসম চৰকাৰে কৰ’ণা ভাইৰাছৰ পৰা পৰিত্ৰাণৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ সংৰক্ষিত বনাঞ্চলসমূহ বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে ৷ এই কথা সংৰক্ষিত অঞ্চলৰ কৰ্মকৰ্তাসকলে জানিবলৈ দিয়ে ৷
![কৰ’ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱঃ অসমৰ সংৰক্ষিত বনাঞ্চলসমূহ বন্ধৰ নিৰ্দেশ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6426901_corona.jpg)
সংৰক্ষিত বনাঞ্চলৰ অতিৰিক্ত অধ্যক্ষ প্ৰধান এম কে যাদৱৰ দ্বাৰা জাৰি কৰা অধিসূচনাত কোৱা হৈছে যে, ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ দৰে সংৰক্ষিত বনাঞ্চলসমূহত হোৱা পৰ্যটকৰ ভিৰৰ ফলত কৰ’ণা ভাইৰাছৰ প্ৰকোপ বৃদ্ধি হ’ব পাৰে ৷ উল্লেখ্য যে, ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহ আগন্তুক 17 মাৰ্চৰ পৰা 29 মাৰ্চলৈ বন্ধ থাকিব ৷ গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানাতো 29 মাৰ্চলৈ দৰ্শনাৰ্থীৰ প্ৰৱেশৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ বনাঞ্চলসমূহত হ’বলগীয়া ছবিৰ শ্বুটিংসমূহো 29 মাৰ্চলৈ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়া হয় ৷
লগতে পঢ়কঃ COVID-19 মহামাৰীঃ কাৰাগাৰক লৈ উচ্চতম ন্যায়ালয়ৰ নিজাববীয়া সিদ্ধান্ত গ্ৰহণ