ETV Bharat / bharat

বাংগালুৰুত কৰ'ণাত আক্ৰান্ত এজন : ভাৰতত 44 লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

author img

By

Published : Mar 9, 2020, 8:47 PM IST

বাংগালুৰুত কৰ'ণাভাইৰাছত আক্ৰান্ত হৈছে এজন ব্যক্তি ৷ ভাৰতত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা 44 জন ৷

ভাৰতত 44 লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা
কৰ'ণাভাইৰাছ আতংক

নেশ্যনেল ডেস্ক, 9 মাৰ্চ : সোমবাৰে বাংগালুৰুৰ এজন লোক কৰ'ণাভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ পোৱাৰ পাচতে ভাৰতত আক্ৰান্তৰ সংখ্য 44 জনলৈ বৃদ্ধি পাইছে ৷ কৰ্ণাটকৰ চিকিৎসা শিক্ষা বিজ্ঞান বিভাগৰ মন্ত্ৰী কে. সুধাকৰে জানিবলৈ দিয়া অনুসৰি আক্ৰান্ত ব্যক্তিজনে আমেৰিকা ভ্ৰমণ কৰিছিল ৷

উল্লেখ্য যে, মঙলবাৰৰ পৰা অনিৰ্দিষ্ট সময়লৈ বাংগালুৰুৰ সকলোবোৰ প্ৰাথমিক বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে ৷ আনহাতে, মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়েও ৰাজ্যখনৰ অংগনবাদীসমূহৰ 7 দিনীয়া বন্ধ ঘোষণা কৰিছে ৷

প্ৰায় 1,10,000 লোক আক্ৰান্ত
কৰ'ণাভাইৰাছ আতংক

বৰ্তমানলৈকে বিশ্বৰ 100 খন বিভিন্ন দেশত প্ৰায় 1,10,000 লোক আক্ৰান্ত হোৱাৰ লগতে 3,800 লোকে প্ৰাণ হেৰুৱাইছে ৷ যোৱা বছৰৰ ডিচেম্বৰত এই ভাইৰাছৰ উৎপত্তি ঘটা চীনক ৰোগবিধে সৰ্বাধিক প্ৰভাৱান্বিত কৰিছে ৷ বৰ্তমানলৈকে দেশখনত 80,000 লোক এই ৰোগত আক্ৰান্ত হৈছে ৷ এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে ইউৰোপিয়ান দেশৰ লগতে এছিয়ান দেশসমূহতো সাৰ্বজনীন সভা, ক্ৰীড়া ইভেন্ট সমূহত উপস্থিতিত বাধ্যবাধকতা আৰু বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে ৷

চীনৰ পাচতে সৰ্বাধিকভাৱে প্ৰভাৱান্বিত হৈছে ইটালী ৷ বৰ্তমানলৈকে 7,375 লোক ইটালীত আক্ৰান্ত হোৱাৰ লগতে 366 জন লোকে প্ৰাণ হেৰুৱাইছে ৷ আনহাতে, দক্ষিণ কোৰিয়াত মৃত্যুমুখত পৰিছে 51 জন লোকে ৷

আৰু পঢ়ক : ৰাজনৈতিক অশান্তি : জ্যেষ্ঠ নেতৃত্বৰে মিলিত হ'ব মুখ্যমন্ত্ৰী কমল নাথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.