ETV Bharat / bharat

ক’ৰোণা ভাইৰাছঃ চীনত মৃত্যুৰ সংখ্যা 2,118 লৈ বৃদ্ধি

author img

By

Published : Feb 21, 2020, 11:18 AM IST

Updated : Feb 21, 2020, 12:06 PM IST

চীনৰ স্বাস্থ্য বিভাগৰ শুকুৰবাৰৰ প্ৰতিবেদন অনুসৰি মৃত্যুৰ সংখ্যা 2,118 গৰাকীলৈ বৃদ্ধি হৈছে ৷ ইতিমধ্যে চীনৰ বাহিৰত ইয়াৰ কৱলত পৰি হোৱা মৃত্যুৰ সংখ্যা 8 জনলৈ বৃদ্ধি হৈছে ৷

Coronavirus death toll in China's Hubei province exceeds 2,100
ক’ৰোণা ভাইৰাছঃ চীনত মৃত্যুৰ সংখ্যা 2,118 লৈ বৃদ্ধি

ইন্টাৰনেশ্যনেল ডেস্ক, 21 ফেব্ৰুৱাৰীঃ চীনত ভয়াৱহৰূপ ধাৰণ কৰিছে ক’ৰোণা ভাইৰাছে ৷ বৃহস্পতিবাৰে চীনৰ হুৱেই প্ৰদেশত এই ভাইৰাছৰ ফলত 115 গৰাকী লোকৰ মৃত্যু হৈছে ৷ চীনৰ স্বাস্থ্য বিভাগৰ শুকুৰবাৰৰ প্ৰতিবেদন অনুসৰি মৃত্যুৰ সংখ্যা 2,118 গৰাকীলৈ বৃদ্ধি হৈছে ৷

ইয়াৰোপৰি প্ৰদেশখনৰ প্ৰতিবেদনত ইয়াৰ প্ৰভাৱত নতুনকৈ 411 টা ঘটনাৰ বিষয়ে নিশ্চিত কৰা হৈছে ৷ উল্লেখ্য যে, ইয়াৰ মাত্ৰ এদিন পূৰ্বে 349 টা ঘটনাৰ নিশ্চিত কৰা হৈছিল ৷ সমগ্ৰ প্ৰদেশত ইয়াৰ প্ৰভাৱত পৰা লোকৰ সংখ্যা 62,442 লৈ বৃদ্ধি হৈছে ৷ চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে বৃহস্পতিবাৰলৈ কিন্তু নতুন ঘটনাৰ বিষয়ে কোনো প্ৰতিবেদন দাখিল কৰা নাই ৷

উল্লেখ্য যে ক’ৰোণা ভাইৰাছৰ প্ৰভাৱ পোনপ্ৰথমে চীনৰ য়ুৱান প্ৰদেশত দেখা গৈছিল আৰু ক্ৰমান্বয়ে ই বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰে ৷ ইতিমধ্যে চীনৰ বাহিৰত ইয়াৰ কৱলত পৰি হোৱা মৃত্যুৰ সংখ্যা 8 জনলৈ বৃদ্ধি হৈছে ৷ বুধবাৰে ইৰাণত ক’ৰোণা ভাইৰাছৰ ফলত দুজন লোকৰ মৃত্যু হৈছিল ৷

আৰু পঢ়কঃকৰণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ

Last Updated : Feb 21, 2020, 12:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.