ETV Bharat / bharat

বাংলাদেশ, ভূটান, শ্ৰীলংকা আৰু আফগানিস্তানলৈ প্ৰেৰণৰ বাবে ভাৰতীয় স্থলসেনাৰ দল

author img

By

Published : Apr 22, 2020, 11:53 AM IST

দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা চমুকৈ ছাৰ্কৰ অনুৰোধত ভাৰতীয় স্থলসেনাই কোভিড-১৯ৰ সৈতে মোকাবিলা কৰিবলৈ ইতিমধ্যে দল সাজু কৰি তুলিছে ।

ভাৰতীয় স্থলসেনাৰ দল
ভাৰতীয় স্থলসেনাৰ দল

নিউজ ডেস্ক, ২২ এপ্ৰিলঃ ভাৰতীয় স্থলসেনাই ইয়াৰ অন্তৰ্গত কেবাটাও দলক ভূটান, বাংলাদেশ, শ্ৰীলংকা আৰু আফগানিস্তানলৈ প্ৰেৰণ কৰিবলৈ সাজু কৰি তুলিছে । সমগ্ৰ বিশ্বতে দেখা দিয়া কোভিড-১৯ মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ উল্লেখ কৰা দেশসমূহলৈ ভাৰতে প্ৰেৰণ কৰিব স্থলসেনাৰ দলকেইটা । দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা চমুকৈ ছাৰ্কৰ অনুৰোধত প্ৰতিৰক্ষা বিভাগে সাজু কৰি তুলিছে স্থলসেনাৰ দক্ষ মেডিকেল বিষয়াৰ দল । প্ৰতিৰক্ষা বিভাগে মঙলবাৰে স্পষ্ট কৰিছে এই কথা ।

বিগত মাহত ভাৰতীয় স্থলসেনাই কোভিড-১৯ৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ ইয়াৰ এটা ১৪ জনীয়া মেডিকেল টীম মালদ্বীপলৈ প্ৰেৰণ কৰিছিল । চলিত মাহৰ আৰম্ভনিতে আন এটা ১৫ জনীয়া দল কুৱেইটলৈ প্ৰেৰণ কৰিছিল স্থলসেনাই । সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বাংলাদেশ, শ্ৰীলংকা, ভূটান আৰু আফগানিস্তানলৈ প্ৰেৰণ কৰিবলগীয়া দলকেইটাও ইতিমধ্যে সাজু হৈ উঠিছে আৰু মহামাৰীৰ সৈতে যুঁজিবলৈ শীঘ্ৰেই স্থলসেনাৰ দলকেইটাক দেশকেইখনলৈ প্ৰেৰণ কৰা হ'ব ।

উল্লেখ্য যে, ১৫ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছাৰ্কৰ নেতাসকলৰ সৈতে কোভিড-১৯ মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ এক ভিডিঅ' কনফাৰেন্সযোগে আলোচনাত মিলিত হৈছিল । এই আলোচনাতে ভাৰত চৰকাৰে ছাৰ্ক তথা ইয়াৰ সহযোগী দেশসমূহক কোভিড-১৯ৰ বিৰুদ্ধে সকলোধৰণৰ সহযোগিতাৰ আশ্বাস প্ৰদান কৰাৰ লগতে এক আপাতকালীন পূঁজি গঠনৰ সিদ্ধান্ত লৈছিল । এই আপাতকালীন পূঁজিৰ দ্বাৰা ১০ মিলিয়ন আমেৰিকান ডলাৰ ভাৰতে ছাৰ্কৰ সহযোগী দেশসমূহক প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল । ইতিমধ্যে ভাৰতে এই পূঁজি সংগ্ৰহ কৰাৰ লগতে প্ৰদান কৰিছে ।

ভাৰতৰ সহযোগী ৰাষ্ট্ৰসমূহক সহায় কৰাৰ পৰিকল্পনাৰে ইতিমধ্যে ভাৰতে বিশ্বৰ প্ৰায় ৫৫ খনকৈ দেশক হাইড্ৰক্সিক্লৰকুইন প্ৰেৰণ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.