ETV Bharat / bharat

কৰ'ণা ভাইৰাছ : জম্মু-কাশ্মীৰ ভিতৰুৱা অঞ্চলত সেনাৰ সজাগতা - সেনাৰ সজাগতা

কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ সেনাৰ উল্লেখনীয় পদক্ষেপ । জম্মু-কাশ্মীৰ অতি ভিতৰুৱা গ্ৰামাঞ্চলত সজাগতা সভা । বিতৰণ কৰিলে মাস্ক,চেনিটাইজাৰ, খাদ্য সামগ্ৰীৰ লগতে পেম্পলেটছ ।

কৰ'ণা ভাইৰাছঃ জম্মু-কাশ্মীৰ ভিতৰুৱা অঞ্চলত সেনাৰ সজাগতা

author img

By

Published : Mar 31, 2020, 5:50 PM IST

নিউজ ডেস্ক, ৩১ মাৰ্চ : সমগ্ৰ বিশ্ব জৰ্জৰিত কৰ'ণা ভাইৰাছত । ভাৰততো দেখা পোৱা গৈছে এই ভাইৰাছৰ প্ৰভাৱ । যাৰ বাবে ইতিমধ্যে দেশত ঘোষণা কৰা হৈছে লক্ ডাউন । এই ভাইৰাছৰ প্ৰতি সজাগতা বৃদ্ধি কৰিবলৈ জম্মু-কাশ্মীৰত সেনাৰ প্ৰশংসনীয় পদক্ষেপ । জম্মু-কাশ্মীৰৰ ভিতৰুৱা গ্ৰাম্য অঞ্চলত সজাগতাৰ চেষ্টা । যুটীয়া ভাৱে কৰ'ণাক ৰুধিম "Jointly we will put an end to Corona" শীৰ্ষক এই সজাগতা অনুষ্ঠানত লোকসকলৰ মাজত মাস্ক, চেনিটাইজাৰ, খাদ্য সামগ্ৰীৰ লগতে পেম্পলেটছ বিতৰণ কৰা হয় । লগতে হাত ধোৱাৰ বাবে সুবিধা কৰি দিয়া হয় । গ্ৰাম্যাঞ্চলৰ ভিতৰৰ সকলোকে সজাগ কৰিবলৈ বহু ধৰণৰ সজাগতা সভা অনুষ্ঠিত কৰা হৈছে বুলি জানিবলৈ দিয়ে জেষ্ঠ সেনা বিষয়াই । কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ এই সজাগতা সভা সমূহৰ আয়োজন কৰা হৈছে । বহুকেইখন গাঁৱত পেম্পলেটছ বিতৰণ কৰা হৈছে । যিবোৰ বহু কেইটা ভাষাত লিখা হৈছে । সকলো সম্প্ৰদায়ৰ লোকৰ বাবে বুজিব পৰাকৈ এইয়া কৰা হৈছে । ইয়াৰ লগতে যি সকল লোক বাহিৰৰ পৰা আহিছে তেওঁ সকলক তিনি সপ্তাহৰ বাবে আছুতীয়াকৈ থাকিবলৈও কোৱা হৈছে । সেনা বাহিনীৰ এনে পদক্ষেপক শলাগ লৈছে স্থানীয় লোকসকলে ।

আনহাতে ৰজৌৰি জিলাতো সেনাই চেনিটাইজেনৰ ব্যৱস্থা কৰি স্থানীয় লোকসকলক কোভিড-১৯ মহামাৰীৰ বিষয়ে সজাগ কৰে । আনহাতে কৰ্মসূত্ৰে যিসকল শ্ৰীনগৰৰ পৰা তানামাণ্ডি হৈ পচানালৈ গৈছিল সেই সকলো চিনাক্ত কৰা আৰু কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিছে । চিনাক্ত হোৱাৰ পাচত প্ৰাৰম্ভিক চিকিৎসা ডগৰিয়ানত আৰু তাৰ পাচতেই কোৱাৰেণ্টাইনৰ বাবে চুৰণকোট লৈ পঠিওৱা হৈছে ।

জম্মু-কাশ্মীৰৰ পুঞ্জ, ৰজৌৰি, ৰেয়াছি, ৰামবন, ডদা জিলাত মাস্ক, চাবুন, চেনিটাইজাৰ বিতৰণ কৰিছে সেনাই । আনহাতে লকডাউনৰ সময়ত ঘৰৰ ভিতৰতে থাকিবলৈও মাইক যোগে আহ্বান কৰা হৈছে ।

লগতে পঢ়ক : মোডীৰ ২১ দিনীয়া লক ডাউন গুৰুত্বপূৰ্ণঃ ইউৰোপীয়ান বিশেষজ্ঞ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.