ETV Bharat / bharat

সমগ্ৰ বিশ্বতে কৰ'ণাত মৃত্যু হোৱা লোকৰ সংখ্যা 10,049 লৈ বৃদ্ধি

author img

By

Published : Mar 20, 2020, 12:34 PM IST

ক্ৰমাৎ অধিক ভয়াৱহ ৰূপ লৈছে কৰ'ণা ভাইৰাছে ৷ চীন, ইটালী, ইৰাণ, স্পেইন, জাৰ্মানী আদিকে ধৰি বহুকেইখন দেশত প্ৰতিদিনে দ্ৰুত গতিত বৃদ্ধি পাইছে COVID-19ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ তদুপৰি চীনতকৈও ইটালীত মৃত্যুমুখত পৰিছে অধিক সংখ্যক লোক ৷

Corona virus: Italy overtakes China's death toll
সমগ্ৰ বিশ্বতে কৰ'ণাত মৃত্যু হোৱা লোকৰ সংখ্যা 10,049 লৈ বৃদ্ধি

নিউজ ডেস্ক, 20 মাৰ্চঃ সমগ্ৰ বিশ্বতে কালৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছত বৰ্তমানলৈকে আক্ৰান্ত হৈছে 2 লাখ 65 হাজাৰ, 669 গৰাকী লোক ৷ তদুপৰি এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে 10 হাজাৰ 49 গৰাকী ব্যক্তিৰ ৷ আনহাতে, 88 হাজাৰ 441 গৰাকী ৰোগী ইতিমধ্যে আৰোগ্য হৈছে ৷

আনহাতে, ভাৰতত কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা 197 জনলৈ বৃদ্ধি পাইছে ৷ আক্ৰান্ত সকলৰ ভিতৰত 165 গৰাকী ভাৰতীয় আৰু 32 গৰাকী বিদেশীমূলৰ লোক ৷ বৰ্তমানলৈ দেশত এই মহামাৰীত 5 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আৰোগ্য হৈছে 20 জন ব্যক্তি ৷

চীনৰ পাচতে ইটালীত অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ'ণা ভাইৰাছে ৷ চীনত এই পৰ্যন্ত 80, 967 গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 3,2,48 গৰাকী লোকৰ ৷ আনহাতে, ইটালীত 41,035 গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে 3,405 গৰাকী লোকৰ মৃত্যু হৈছে ৷

তদুপৰি ইৰাণ আৰু স্পেইনতো 18 হাজাৰৰো অধিক লোক COVID - 19 ত আক্ৰান্ত হৈছে ৷ ইৰাণত এইপৰ্যন্ত 1,284 মৃত্যুমুখত পৰাৰ বিপৰীতে স্পেইনত মৃত্যু হৈছে 831 গৰাকী লোক ৷ উল্লেখ্য যে, সমগ্ৰ বিশ্বৰ প্ৰায় 180 খন দেশৰ লোক আক্ৰান্ত হৈছে COVID-19ত ৷

লগতে পঢ়কঃগুজৰাটত পোহৰলৈ আহিল তৃতীয়টো কৰ'ণা ভাইৰাছ সংক্ৰমণৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.