ETV Bharat / bharat

সংবিধানৰ প্ৰণয়নৰ আঁৰৰ নায়কসকলৰ অব্যক্ত কাহিনী

author img

By

Published : Nov 27, 2019, 11:37 PM IST

"ড৹ বি আৰ আম্বেদকাৰ সহ সংবিধানৰ প্ৰণেতাসকলে সংবিধানৰ উপস্থাপনটো যথাযথভাৱে অনুসৰণ কৰিব বিচাৰিছিল কিন্তু ৰাজনৈতিক শ্ৰেণীয়ে ইয়াক গুৰুত্বসহকাৰে গ্ৰহণ কৰা নাছিল ৷"-সংবিধান বিশেষজ্ঞ ড৹ পৰানতাপ দাস ৷

Constitution must become guiding light for all Indians
সংবিধানৰ প্ৰণয়নৰ আৰৰ নায়কসকলৰ অব্যক্ত কাহিনী

নতুন দিল্লী, 27 নৱেম্বৰঃ 26 নৱেম্বৰত দেশজুৰি উদযাপন কৰা হয় সংবিধান দিৱস ৷ সংবিধান সম্পৰ্কীয় বিষয়সমূহৰ বিষয়ে ইয়াৰ বিশেষজ্ঞই বিশ্বাস কৰে যে, আইনৰ এই গ্ৰন্থখন মানুহৰ কাষলৈ লৈ যোৱাৰ বাবে দেশে বহু দৈৰ্ঘ্য পথ অতিক্ৰম কৰাৰ প্ৰয়োজন আছে ৷ কাৰণ জনসাধাৰণৰ বহুতৰে এইপৰ্যন্ত সংবিধানত লিপিবদ্ধ কৰি থোৱা নিজৰ অধিকাৰ সন্দৰ্ভত কোনো ধাৰণা নাই ৷

সংবিধান বিশেষজ্ঞ ড৹ পৰানতাপ দাসে ইটিভি ভাৰতক জনায় যে, ধাৰাবাহিক চৰকাৰসমূহে এই ক্ষেত্ৰত যথেষ্ট প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও সংবিধানখনে জনসাধাৰণৰ বাবে কি বহন কৰে সেই সম্পৰ্কে জনগণক সচেতন কৰাৰ উদ্যেশ্যে বহু কৰাৰ প্ৰয়োজন আছে ৷ তেখতে আৰু কয় যে, "ড৹ বি আৰ আম্বেদকাৰ সহ সংবিধানৰ প্ৰণেতাসকলে সংবিধানৰ উপস্থাপনটো যথাযথভাৱে অনুসৰণ কৰিব বিচাৰিছিল কিন্তু ৰাজনৈতিক শ্ৰেণীয়ে ইয়াক গুৰুত্বসহকাৰে গ্ৰহণ কৰা নাছিল ৷"

ড৹ পৰানতাপ দাসৰ ইটিভি ভাৰতৰ সৈতে সাক্ষাৎকাৰ

আইন তথা আদালতৰ ৰায় সম্পৰ্কে দাসে কয় যে, সমগ্ৰ দেশৰ গাঁৱৰ, সাধাৰণ, নিৰপৰাধ তথা নিৰক্ষৰ লোকসকলে আইন সম্পৰ্কে একো বুজি নাপায়, যি এটা অতি দুখজনক পৰিস্থিতি ৷ অনুসূচিত জাতিৰ কমিচন সম্পৰ্কে দলিতসকলক নিজৰ অধিকাৰ সম্পৰ্কে জ্ঞাত কৰাৰ ক্ষেত্ৰত আইন আৰু বিচাৰ মন্ত্ৰনালয়ে ছবি তথা দৃশ্যাৱলীৰ জৰিয়তে উপস্থাপন কৰি কিছু বাখ্যা কৰিছে ৷ তেখেতে আৰু কয় যে, আইন বহিৰ্ভূত আইন বিশ্ববিদ্যালয় আৰু বাৰ এছোচিয়েচনসমূহেও জনসাধাৰণক আইনসমূহ বাখ্যা কৰাৰ লগতে তেঁওলোকক নিজৰ অধিকাৰ সম্পৰ্কে সচেতন কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা উচিত ৷

অন্যতম বৃহত্তম সংবিধানিক পৰিৱৰ্তনক স্পষ্ট কৰি ড৹ পৰানতাপ দাসে ব্যক্ত কৰে যে, পূৰ্বে জম্মু-কাশ্মীৰক বিশেষ মৰ্যদা প্ৰদান কৰা 370 ধৰা উঠাই লোৱাটো শাসনাধীন চৰকাৰখনৰ এক সাহসী পদক্ষেপ আছিল ৷ ই চৰকাৰৰ অধিকাৰৰ মাজত আছিল কাৰণ এই অঞ্চলত তেঁওলোকৰ নিজৰ চৰকাৰ নাছিল ৷ তেখতে আৰ টি আই আইনৰ আওতাত ভাৰতৰ প্ৰধান বিচাৰপতিৰ কাৰ্যালয়ক অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্তক এক ঐতিহাসিক ৰায় আখ্যা দি ভাৰতৰ প্ৰাক্তন প্ৰধান বিচাৰপতি ৰঞ্জন গগৈক প্ৰশংসা কৰে ৷ আনহাতে দেশৰ বিচাৰপতিসকলৰ নিযুক্তি প্ৰক্ৰিয়াক দেশৰ জনসাধাৰণে জনাৰ অধিকাৰ আছে বুলিও তেখেতে মন্তব্য কৰে ৷

লগতে পঢ়ক- ভাৰতীয় সংবিধানৰ প্ৰচাৰ বিমূখ নায়িকাসকল

Intro:Body:

'Constitution must become guiding light for all Indians' 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.