ETV Bharat / bharat

থানেত দুৰ্বৃত্তৰ চুৰিকাঘাটত আহত কনিষ্টবল

author img

By

Published : Oct 24, 2020, 12:23 PM IST

অমৰনাথত চুৰি কৰা বাহনেৰে নিশা চাৰি দুৰ্বৃত্তই কনিষ্টবল এজনক চুৰিৰে আক্ৰমন কৰে ৷ ইতিমধ্যে ঘটনাটোৰ লগত জড়িত থকাৰ সন্দেহত চাৰিজন লোকক আটক কৰে আৰক্ষীয়ে ৷

Constable injured in knife attack, four held
দুৰ্বৃত্তৰ চুৰিকাঘাটত আহত কনিষ্টবল !

নিউজ ডেস্ক, 24 অক্টোবৰঃ মহাৰাষ্ট্ৰৰ থানে জিলাৰ অন্তৰ্গত অম্বৰনাথত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ দুৰ্বৃত্তৰ এটা দলে আৰক্ষীৰ এজন কনিষ্টবলক আক্ৰমন কৰে ৷ ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় কনিষ্টবলজন ৷ ইতিমধ্যে উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত চাৰিজন লোকক আটক কৰিছে আৰক্ষীয়ে ৷

উক্ত ঘটনাত আহত কনিষ্টবলজন মহাৰাষ্ট্ৰৰ উলহানগৰৰ বিট্টলবাদীৰ বালা চন্দন বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আৰক্ষীৰ জেৰাত ধৃত লোক কেইজনে উক্ত ঘটনাৰ সৈতে জড়িত থকা বুলি সদৰি কৰিছে ৷

ইফালে উক্ত ঘটনাটোত জড়িত থকাত ধৃত লোক কেইজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক- কিশোৰীক যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী বৃদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.