দিল্লী, 24 আগষ্ট: সোমবাৰে দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হৈছে কংগ্ৰেছ কাৰ্যকৰী কমিটিৰ ভাৰ্চুৱেল বৈঠক ৷ বৈঠকত কংগ্ৰেছৰ অন্তঃৱৰ্তীকালীন অধ্যক্ষা ছোনীয়া গান্ধীৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী বাদ্ৰা, কেপ্টেইন অমৰেন্দ্ৰ সিঙৰ লগতে কেইবাগৰাকী শীৰ্ষ নেতৃত্বই বৈঠকত অংশ গ্ৰহণ কৰে ৷
ছোনীয়া গান্ধীয়ে 10 আগষ্টত কংগ্ৰেছৰ অন্তঃৱৰ্তীকালীন অধ্যক্ষৰ এবছৰীয়া কাৰ্যকাল সমাপ্ত কৰিছে । সম্প্ৰতি তেওঁ পত্ৰৰ জৰিয়তে দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ কথা উল্লেখ কৰিছে আৰু জ্যেষ্ঠ নেতাসকলক দলৰ স্থায়ী সভাপতি নিৰ্বাচিত কৰিবলৈ আহ্বান জনাইছে ৷
লগতে পঢ়ক : বগৰীবাৰীৰ মথাউৰি নিৰ্মাণৰ কামত অনিয়মৰ অভিযোগ