নেশ্যনেল ডেস্ক, 26 অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'মন কী বাত'ক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যে কংগ্ৰেছে আৰম্ভ কৰিছে 'দেশ কী বাত' নামৰ অনুষ্ঠান ৷ শনিবাৰৰ পৰা চ'ছিয়েল মিডিয়াৰ জৰিয়তে সম্প্ৰচাৰ কৰা হয় প্ৰথমটো খণ্ড ৷ শনিবাৰে দিনৰ 11 বজাত সম্প্ৰচাৰ হোৱা প্ৰথমটো খণ্ডত উপস্থিত থাকে কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰা ৷
এই অনুষ্ঠান সম্পৰ্কত কংগ্ৰেছৰ চ'ছিয়েল মিডিয়াৰ মুৰব্বী ৰোহন গুপ্তাই কয় যে, 'দেশ কী বাত'ৰ জৰিয়তে সাধাৰণ জনগণৰ লগত আলোচনাত মিলিত হোৱাৰ লগতে চৰকাৰক বিভিন্ন বিষয়ৰ ওপৰত প্ৰশ্ন কৰা হ'ব ৷ চৰকাৰৰ অসফলতা,মিছা প্ৰতিশ্ৰুতি আৰু অৰ্থনীতি,মূল্যবৃদ্ধিৰ সমস্যা, অপৰাধ,নিবনুৱা সমস্যা আৰু বিভিন্ন বিষয়ত আলোচনা কৰা হ'ব বুলি জানিবলৈ দিয়ে ৰোহন গুপ্তাই ৷
কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতাই এই সম্পৰ্কত মন্তব্য কৰে,"কংগ্ৰেছৰ চ'ছিয়েল মিডিয়াই 'দেশ কী বাত' নামৰ এক অনুষ্ঠানৰ জৰিয়তে দেশৰ বিভিন্ন সমস্যাসমূহ আলোচনা কৰিব ৷ সদ্যঘোষিত বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পৰা এইটো স্পষ্ট হ'ল যে জনসাধাৰণে আমাৰ পৰা কি বিচাৰে ৷ জনসাধাৰণৰ সমস্যাসমূহক চৰকাৰৰ ওচৰত দাঙি ধৰাৰ প্ৰয়োজন আছে ৷ দিনে দিনে আমাৰ বাবে বৃদ্ধি পাই অহা সমৰ্থনে এয়াই সূচাই যে কংগ্ৰেছৰ ওপৰত সকলোৰে বিশ্বাস আছে ৷ প্ৰতিটো খণ্ডতে দলটোৰ নেতা তথা মুখপাত্ৰই বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰিব ৷"
উল্লেখ্য যে,ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতা সন্দীপ দিক্ষীতে প্ৰধানমন্ত্ৰী মোডীৰ 'মন কী বাত'ক প্ৰত্যাহ্বান জনাবৰ বাবে 'কাম কী বাত' নামৰ অনুষ্ঠান আয়োজন কৰিছিল যদিও পাচত বন্ধ কৰি দিছিল ৷