নেশ্বনেল ডেস্ক, 21 নৱেম্বৰঃ শীতকালীন অধিৱেশনৰ মাজতে বৃহস্পতিবাৰে উত্তাল হৈ পৰে সংসদ ৷ বিৰোধীৰ প্ৰতিবাদৰ মাজতে দিনৰ ভাগত ৰাজ্যসভা স্থগিত ৰাখিবলগীয়া হোৱাৰ লগতে 15 মিনিটৰ বাবে লোকসভা ত্যাগ কৰে কংগ্ৰেছে ৷
ৰাজহুৱা খণ্ডৰ উদ্যোগৰ ব্যক্তিগতকৰণকে ধৰি ইলেক্টৰেল চুক্তিৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধীয়ে ৷ ৰাজ্যসভাৰ লগতে লোকসভাতো বিষয় দুটাৰ ওপৰত সৰৱ হৈ প্ৰতিবাদ কৰে কংগ্ৰেছে ৷ ইলেক্টৰেল চুক্তিৰ বিষয়টোক ৰাজনৈতিক উৎকোচ আঁচনি আখ্যা দিয়ে কংগ্ৰেছে ৷ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক একপক্ষীয় আখ্যা দি এইয়া বিজেপিৰ ৰাজনৈতিক অভিসন্ধি বুলি কয় বহুকেইগৰাকী কংগ্ৰেছী নেতাই ৷
লগতে পঢ়ক : নাগালেণ্ডত শান্তিপূৰ্ণ ভাবে সম্পন্ন 18 ঘণ্টীয়া বন্ধ
ইলেক্টৰেল চুক্তিপত্ৰক লৈ ইতিমধ্যেই সৰৱ চৰ্চা চলিছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ৷ আজি সংসদটো বিৰোধী দল কংগ্ৰেছ সহিতে বিভিন্ন ৰাজনৈতিক দলৰ সাংসদসকলে বিষয়টো উত্থাপন কৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ কংগ্ৰেছ দলে এই বিষয়টো লৈ ইতিমধ্যে চৰকাৰক সকলো তথ্য সদৰী কৰিবলৈ দাবী উত্থাপন কৰি ইলেক্টৰেল চুক্তিপত্ৰক "ৰাজনৈতিক উপঢৌকন আঁচনি" বুলি সমালোচনা কৰে ৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গুলাম নবী আজাদে এই চুক্তিপত্ৰই অবৈধ ধনৰ লেনদেন সংঘটিত কৰি ৰাজনৈতিক দললৈ অহা পূঁজি বন্ধ কৰি তুলিব বুলি অভিযোগ উত্থাপন কৰে ৷
লগতে পঢ়কঃ এন আৰ এলৰ পৰা এন আৰ চি লৈ, সৰৱ চৰ্চা ৰাজ্যসভাত
ইলেক্টৰেল চুক্তিপত্ৰ অনুসৰি, ৰাজনৈতিক দললৈ পূঁজি আগবঢ়োৱা সংস্থা তথা ব্যক্তিসকলক গোপনীয়তা প্ৰদান কৰে ৷ যিকোনো এগৰাকী ক্ৰেতাই গোপনীয়তাৰ অধীনত এই চুক্তিপত্ৰ ক্ৰয় কৰি তেওঁৰ পচন্দৰ যিকোনো ৰাজনৈতিক দলকে ইয়াক অৰ্পণ কৰিব পাৰে ৷ বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে এই বিধেয়ক উত্থাপন কৰাৰ লগতে ইয়াক গৃহীত কৰাইছিল ৷ বিষয়টো সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় ৰিজাৰ্ভ বেংক সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে ৷ দেশৰ মুদ্ৰানিধিৰ লগতে ভাৰতীয় টকাৰ ওপৰত থকা ৰাইজৰ বিশ্বাস এই ব্যৱস্থাই খৰ্ব কৰিব বুলি কোৱাৰ লগতে অবৈধ ধনৰ লেনদেনক অধিক প্ৰশ্ৰয় দিব বুলি কয় ৰিজাৰ্ভ বেংকে ৷