ETV Bharat / bharat

বিজেপি মুখপাত্ৰৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ বিধায়কৰ

author img

By

Published : Jan 23, 2021, 1:55 PM IST

বাৰাবাৰ্তি-কটকৰ বিধায়ক মহম্মদ মোকুইমে শুকুৰবাৰে মানহানিৰ গোচৰ ৰুজু কৰে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰৰ বিৰুদ্ধে । যোৱাবছৰ তেওঁৰ বিৰুদ্ধে কৰা মন্তব্য়ৰ বাবে এই গোচৰ বিধায়ক গৰাকীৰ ।

বিজেপি মুখপাত্ৰৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ বিধায়কৰ
বিজেপি মুখপাত্ৰৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ বিধায়কৰ

নিউজ ডেস্ক , ২৩ জানুৱাৰী : বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সমিত পাত্ৰৰ বিৰুদ্ধে আদালতত মানহানি গোচৰ । ওড়িশাৰ কংগ্ৰেছ বিধায়ক মহম্মদ মোকুইমে শুকুৰবাৰে তেওঁৰ বিৰুদ্ধে ফৌজদাৰী মানহানি গোচৰ ৰুজু কৰে লগতে তদন্তৰ দাবী জনায় ।

উল্লেখ যে নয়াগড় জিলাত এগৰাকী যুৱতীক ৰহস্য়জনকভাৱে অপহৰণ কৰি হত্য়া কৰা হৈছিল । এই ঘটনাত সৈতে জড়িত থকা বুলি ৰাজ্য়খনৰ ৯ গৰাকীকৈ কংগ্ৰেছ বিধায়কৰ নাম উল্লেখ কৰি অভিযোগ উত্থাপন কৰিছিল সম্বিত পাত্ৰই । ইয়াৰ পিছতে ৰাজ্য়খনৰ কংগ্ৰেছ নেতাসকলৰ ওচৰত ক্ষমা বিচাৰিবলৈ ডিচেম্বৰ মাহতে বিধায়ক মোকুইমে সম্বিত পাত্ৰলৈ এক আইনী জাননীও প্ৰেৰণ কৰিছিল ।

কিন্তু সম্বিতে ভুল স্বীকাৰ নকৰাত অৱশেষত তেওঁ এই পদক্ষেপ লোৱা বুলি মন্তব্য় কৰে বিধায়ক মহম্মদ মোকুইমে । কটকৰ মহকুমা দণ্ডাধীশৰ এক আদালতত অধিবক্তাৰ জৰিয়তকে গোচৰ ৰুজু কৰে বিধায়ক মহম্মদ মোকুইমে ।

লগতে পঢ়ক :ডেৰাডুনৰ সৈতে নেতাজীৰ সম্পৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.