নতুন দিল্লী,8 ডিচেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 সদনত উত্থাপন কৰাৰ পূৰ্বে নতুন দিল্লীত কংগ্ৰেছে দেওবাৰে এক বৈঠকত মিলিত হয় ৷ কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীৰ বাসগৃহত অনুষ্ঠিত বৈঠকখনত দলীয় কাৰ্যবাহী নীতিৰ লগতে কেব সম্পৰ্কে আলোচনা কৰা হয় ৷ আহমেদ পেটেল,অধীৰ ৰঞ্জন চৌধুৰী,আনন্দ শৰ্মা,কপিল ছিৱাল আৰু মনীষ তিৱাৰীকে আদি কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল উক্ত বৈঠকত উপস্থিত থাকে ৷ পূৰ্বে কংগ্ৰেছ সভানেত্ৰী গৰাকীয়ে এক উচ্চস্তৰীয় প্ৰতিনিধিৰ দল কেবৰ প্ৰসংগত উত্তৰ-পূৰ্বাঞ্চললৈ পঠাইছিল ৷ দলটোৰ প্ৰতিবেদনৰ ভিত্তিত উত্তৰ-পূৰ্বাঞ্চলত এই বিধেয়কখনৰ প্ৰভাৱ সৰ্বাধিক হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰে ৷ ইয়াৰ পিছত অন্য এখন কমিটি গঠন কৰা হয় ৷ যাৰ জৰিয়তে জনসাধাৰণৰ মাজত বিধেয়কখনৰ সঠিক বিশ্লেষণ কৰিব পৰা যাব ৷ সংসদৰ শীতকালীন অধিৱেশনৰ অন্তিম সপ্তাহত লোকসভাত 9 খন বিধেয়ক উত্থাপন কৰা হ’ব ৷ ইয়াৰ ভিতৰত নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 তথা ব্যক্তিগত ডাটা সংৰক্ষণ বিধেয়ক অন্যতম ৷ বিধেয়কখনে পাকিস্তান,বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ধৰ্মৰ ভিত্তিত অহা লোকসকলক নাগৰিকত্ব প্ৰদান কৰিব ৷ উল্লেখ্য যে, বিধেয়কখনে বুধবাৰে কেবিনেটৰ অনুমোদন লাভ কৰিছিল ৷ নাগৰিকত্ব সংশোধনী বিধেয়কখন সোমবাৰে সদনত উত্থাপন কৰা হ’ব ৷ সংসদৰ শীতকালীন অধিৱেশনখন 13 ডিচেম্বৰত সামৰণি পৰিব ৷
কেবৰ পূৰ্বে নতুন দিল্লীত সম্পন্ন কংগ্ৰেছৰ বৈঠক - আহমেদ পেটেল,অধীৰ ৰঞ্জন চৌধুৰী,আনন্দ শৰ্মা,কপিল ছিৱাল, মনীষ তিৱাৰী
কংগ্ৰেছে দেওবাৰে নতুন দিল্লীত এক বৈঠকত মিলিত হয়,বৈঠকখনত দলীয় কাৰ্যবাহী নীতিৰ লগতে কেব সম্পৰ্কে আলোচনা কৰা হয়
![কেবৰ পূৰ্বে নতুন দিল্লীত সম্পন্ন কংগ্ৰেছৰ বৈঠক বৈঠকখনত দলীয় কাৰ্যবাহী নীতিৰ লগতে কেব সম্পৰ্কে আলোচনা কৰা হয়](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5311301-thumbnail-3x2-congress.jpg?imwidth=3840)