ETV Bharat / bharat

হাথৰসৰ ধৰ্ষণকাৰী শিৰচ্ছেদ কৰাজনলৈ পুৰস্কাৰ ঘোষণা কৰাৰ বাবে আটক কংগ্ৰেছ নেতা

হাথৰস কাণ্ডত জড়িত অপৰাধীৰ মূৰ কাটি আনিব পৰা ব্যক্তিক 1 কোটি টকা প্ৰদানৰ ঘোষণা কৰাৰ বাবে দেওবাৰে বুলন্দশ্বাহৰ কংগ্ৰেছ নেতা নিজাম মালিকক আটক ৷ উল্লেখ্য যে,ডিএনডি উৰণীয়া সেঁতুত হোৱা আৰক্ষীৰ লাঠিচালনাৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল কংগ্ৰেছ নেতাজন ৷

author img

By

Published : Oct 4, 2020, 7:07 PM IST

Congress leader arrested for announcing Rs 1 crore for beheading Hathras accussed
হাথৰছ কাণ্ড: অপৰাধীৰ শিৰচ্ছেদ কৰাজনলৈ পুৰস্কাৰ ঘোষণা কৰাৰ বাবে আটক কংগ্ৰেছ নেতা

নিউজ ডেস্ক,4 অক্টোবৰ: দেওবাৰে বুলন্দশ্বাহৰ কংগ্ৰেছ নেতা নিজাম মালিকক আটক ৷ হাথৰস কাণ্ডত জড়িত অপৰাধীৰ শিৰচ্ছেদ কৰা ব্যক্তিক 1 কোটি টকা প্ৰদানৰ ঘোষণা কৰাৰ বাবে আটক কৰা হয় কংগ্ৰেছ নেতাজনক ৷

উল্লেখ্য যে,ডিএনডি উৰণীয়া সেঁতুত হোৱা আৰক্ষীৰ লাঠিচালনাৰ সময়ত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে আটক কৰাৰ লগতে নিজাম মালিকো আঘাতপ্ৰাপ্ত হৈছিল ৷

ইয়াৰ মাজতে ঠাকুৰ আৰু ব্ৰাহ্মণসহ উচ্চ জাতিৰ লোকসকলে শনিবাৰে হাথৰছ গণধৰ্ষণৰ পীড়িতাৰ গাঁৱৰ বুলঘাৰীৰ পৰা 2 কিলোমিটাৰ দূৰত্বৰ বাগনা গাঁৱত এক পঞ্চায়তৰ আয়োজন কৰে ৷ এই আলোচনাত চাৰিওটা অভিযুক্ত ধৰ্ষণকাৰী নিৰ্দোষী বুলি কোৱাৰ লগতে ঘটনা সন্দৰ্ভত চিবিআইৰ তদন্ত বিচাৰিছে গাঁওবাসীয়ে ৷

আনহাতে,দেওবাৰে পুনৰ আয়োজিত হোৱা এক পঞ্চায়তত অভিযুক্ত লোককেইজনক ভুৱা অপবাদেৰে এই ঘটনাত সাঙোৰ খুওৱা বুলি সৰহসংখ্যক লোকে দাবী উত্থাপন কৰে ৷ লগতে তেওঁলোকে পীড়িতাৰ পৰিয়ালৰ সকলো সদস্যৰ ফোনকল ৰেকৰ্ড পৰীক্ষা আৰু চিডিআৰৰ তদন্ত বিচৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: মহিলাৰ মৰ্ফড ফটো শ্বেয়াৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.