ETV Bharat / bharat

উত্তৰ প্ৰদেশত কংগ্ৰেছ নেতাৰ ঘৰৰ বাথৰূমত কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ - congress_district_president

কংগ্ৰেছৰ জিলা সভাপতিৰ ঘৰৰ বাথৰূমত সন্দেহজনক অৱস্থাত উদ্ধাৰ হৈছে তেওঁৰ ঘৰতে কৰ্মৰত কৰ্মচাৰীৰ মৃতদেহ ৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মুৰাদাবাদত ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

congress-district-president-cervant-death
উত্তৰপ্ৰদেশত কংগ্ৰেছ নেতাৰ ঘৰৰ বাথৰূমত কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Jan 14, 2021, 10:44 PM IST

নেশ্যনেল ডেস্ক,14 জানুৱাৰী : উত্তৰ প্ৰদেশৰ মুৰাদাবাদৰ কংগ্ৰেছৰ জিলা সভাপতিৰ ঘৰৰ বাথৰূমত সন্দেহজনক অৱস্থাত উদ্ধাৰ হৈছে তেওঁৰ ঘৰতে কৰ্মৰত কৰ্মচাৰীৰ মৃতদেহ ৷

congress-district-president-cervant-death
উত্তৰপ্ৰদেশত কংগ্ৰেছ নেতাৰ ঘৰৰ বাথৰূমত কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ

ঘৰত কাম কৰা কৰ্মচাৰীৰ মৃতদেহ বাথৰূমত প্ৰত্য়ক্ষ কৰি আৰক্ষীক খবৰ দিয়ে কংগ্ৰেছৰ জিলা সভাপতি বিনোদ গুম্বৰৰ পুত্ৰই ৷ ইয়াৰ পাছতে ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

বিনোদ গুম্বৰৰ পুত্ৰই ঘটনা সন্দৰ্ভত কয় যে, তেওঁ গা ধুবলৈ বাথৰূমত উপস্থিত হোৱাত তেওঁলোকৰ ঘৰত কৰ্মৰত মুকেশ ৰাৱত নামৰ কৰ্মচাৰীজনক মজিয়াত পৰি থকা প্ৰত্যক্ষ কৰে ৷ সহায়ৰ বাবে আগবাঢ়ি যাই যদিও ইতিপূৰ্বে লোকজনৰ মৃত্যু হোৱা বুলি নিশ্চিত হয় গুম্বৰৰ পুত্ৰ ৷

উল্লেখ্য যে, এই ঘটনা পোহৰলৈ অহাৰ সময়ত বিনোদ গুম্বৰৰ পৰিয়ালৰ বাকী লোকসকল হৰিদ্বাৰলৈ গৈছিল ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷ এতিয়া আৰক্ষীৰ তদন্তৰ পাছতহে সমগ্ৰ ঘটনাৰ আঁৰৰ ৰহস্য পোহৰলৈ আহিব ৷

লগতে পঢ়ক : পাঁচটাকৈ নতুন জীৱন দানেৰে 20 মহীয়া এটি শিশু হৈ পৰিল কনিষ্ঠতম অংগদাতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.