নিউজ ডেস্ক, ১০ জুলাই : উত্তৰ প্ৰদেশৰ কানপুৰৰ ঘটনাৰ পিচতে শুকুৰবাৰে কংগ্ৰেছ দলে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ শাসনাধীন চৰকাৰখনে উত্তৰ প্ৰদেশক 'অপৰাধ প্ৰদেশ'লৈ ৰূপান্তৰিত কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ ৷ লগতে বিকাশ ডুবেৰ ঘটনা সন্দৰ্ভত উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে কংগ্ৰেছ দলে ।
দলটোৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী বাদ্ৰা আৰু দলটোৰ প্ৰবক্তা গৰাকীয়ে জনোৱা অনুসৰি, ৰাজ্যখনত আইন-শৃংখলা বিশৃংখল হৈছে যাৰ বাবে বিকাশ ডুবেৰ নিচিনা অপৰাধী ৰাজ্যখনত থকা বুলি উল্লেখ কৰে । ইয়াৰোপৰি ৰণদীপ সুৰেজবালাইও বিকাশ ডুবেক চৰকাৰে কিয় চিনাক্ত কৰিব পৰা নাছিল বা ৰাজ্যখনৰ ৪০ শীৰ্ষ অপৰাধীৰ তালিকাত বিকাশ ডুবেৰ নাম কিয় অন্তৰ্ভূক্ত নাছিল সেই সম্পৰ্কতো প্ৰশ্নৰ উত্থাপন কৰে চৰকাৰক ।
উল্লেখ্য যে, কানপুৰৰ ঘটনাৰ পিচতে বিকাশ ডুবেক বৃহস্পতিবাৰে মধ্য প্ৰদেশৰ উজ্জয়নৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আৰু শুকুৰবাৰে আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।