ETV Bharat / bharat

আম্বেদকাৰ জয়ন্তীত দুখীয়াক সহায় কৰিবলৈ আহ্বান কংগ্ৰেছৰ - কোভিড-19 মহামাৰী

ভাৰতীয় সংবিধানৰ প্ৰণেতা ভীমৰাও আম্বেদকাৰৰ জন্মতিথিত দেশৰ বিভিন্ন স্থানৰ দুখীয়া লোকসকলক সহায় কৰিবলৈ দলীয় কৰ্মীসকলক আহ্বান জনাইছে কংগ্ৰেছে ৷

author img

By

Published : Apr 14, 2020, 11:30 AM IST

নিউজ ডেস্ক, 14 এপ্ৰিলঃ ভাৰতীয় সংবিধানৰ প্ৰণেতা, ভীমৰাও আম্বেদকাৰৰ আজি পূণ্য জন্মতিথি ৷ আম্বেদকাৰ জয়ন্তীৰ লগত সংগতি ৰাখি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ইয়াৰ অন্তৰ্গত সকলো প্ৰদেশ কংগ্ৰেছ কমিটী আৰু জিলা তথা খণ্ড কমিটীসমূহক সাধাৰণ ৰাইজৰ মাজত থাকি ইয়াক পালন কৰিবলৈ আহ্বান জনাইছে ৷ সমাজৰ দুখীয়া জনসাধাৰণৰ বাবে নিজৰ জীৱন অৰ্পণ কৰা ভীমৰাও আম্বেদকাৰৰ প্ৰেৰণাৰে কংগ্ৰেছকৰ্মীসকলক এইদৰে দুখীয়া ৰাইজক সহায় কৰিবলৈ কোৱা হৈছে ৷

আম্বেদকাৰ জয়ন্তীত দুখীয়াক সহায় কৰিবলৈ আহ্বান কংগ্ৰেছৰ

ইতিমধ্যে এই সন্দৰ্ভত এক বিজ্ঞপ্তি জাৰী কৰিছে দলটোৱে ৷ দেশত কৰ’ণা ভাইৰাছৰ সংকটকালত ভাৰত চৰকাৰ আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰী কৰা নিৰ্দেশনা পালন কৰি এইদৰে আম্বেদকাৰ জয়ন্তী উদযাপন কৰিবলৈ কোৱা হৈছে ৷ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কেচি বেনুগোপালে এই বিজ্ঞপ্তি জাৰী কৰি, সামাজিক দুৰত্ব বৰ্তাই ৰাখি সকলো কাৰ্যসূচী পালন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ দলটোৰ নেতাসকলক ঘৰতে থাকি বাবাচাহেব আম্বেদকাৰৰ জয়ন্তী পালন কৰিবলৈ কোৱা হৈছে ৷ এই দিনটোত কৰ’ণা ভাইৰাছৰ দ্বাৰা প্ৰভাৱিত অঞ্চল তথা ব্যক্তিসমূহৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱা প্ৰদান কৰিবলৈয়ো লগতে কোৱা হৈছে বিজ্ঞপ্তিটোত ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.