ETV Bharat / bharat

আকৰিক লো ৰপ্তানি কেলেংকাৰী সম্পৰ্কত চৰকাৰলৈ অভিযোগ কংগ্ৰেছৰ

আকৰিক লো ৰপ্তানি কেলেংকাৰী সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে ৷ কংগ্ৰেছে মন্তব্য কৰে যে, প্ৰধানমন্ত্ৰী মোডীয়ে 'মেক ইন ইণ্ডিয়া'ৰ বিষয়ে সঘনে কয় যদিও বিজেপিয়ে দেশক বিক্ৰী কৰি আহিছে ৷

কংগ্ৰেছৰ মুখপাত্ৰ
পৱন খেৰা
author img

By

Published : Oct 8, 2020, 9:32 PM IST

নেশ্যনেল ডেস্ক, 8 অক্টোবৰ : আকৰিক লো ৰপ্তানি কেলেংকাৰী সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে ৷ কংগ্ৰেছে মন্তব্য কৰে যে, প্ৰধানমন্ত্ৰী মোডীয়ে 'মেক ইন ইণ্ডিয়া'ৰ বিষয়ে সঘনে কয় যদিও বিজেপিয়ে দেশক বিক্ৰী কৰি আহিছে ৷

কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই এক প্ৰেছ বিজ্ঞপ্তিত কয়, "2014 চনত মোডী চৰকাৰ শাসনলৈ অহাৰ পাচতে তীখা মন্ত্ৰণালয়ে আকৰিক লোৰ ওপৰত থকা আয়ৰন কেপৰ কনচেন্ট্ৰেচন 64% লৈ হ্ৰাস কৰাৰ লগতে KIOCL ক চীন, টাইৱান, দক্ষিণ কোৰিয়া আৰু জাপানলৈ ৰপ্তানি কৰাৰ অনুমতি প্ৰদান কৰে ৷"

কংগ্ৰেছে লগতে দাবী কৰে যে, KIOCL য়ে আকৰিক লো ৰপ্তানি কৰাৰ অনুমতি লাভ কৰিছে যদিও 2014 চনৰ পৰা অন্যান্য ব্যক্তিগত ফাৰ্মসমূহেও আয়ৰন পেলেটৰ ৰপ্তানিৰ সৈতে জড়িত হৈ বহু লাভ আদায় কৰিবলৈ সক্ষম হৈছে ৷

খেৰাই লগতে কয় যে, এই কেলেংকাৰী কেন্দ্ৰীয় চৰকাৰৰ জ্ঞাতে হৈ আছে যদিও তীখা মন্ত্ৰণালয়ে ব্যক্তিগত ফাৰ্মসমূহক কোনো প্ৰশ্ন কৰা নাই ৷

তেওঁ কয়, "2014 চনৰ পৰা এই ব্যক্তিগত ফাৰ্মসমূহে প্ৰায় 40,000 কোটি টকাৰ আকৰিক লো ৰপ্তানি কৰিছে ৷ কিন্তু ৰপ্তানিৰ বাবে ফাৰ্মসমূহৰ নাই কোনো লাইচেঞ্চ ৷ অৰ্থনৈতিক উন্নয়নৰ আধাৰ দেশৰ সম্পদসমূহৰ চুৰ কৰিবৰ বাবে চৰকাৰে অনুমতি প্ৰদান কৰিছে ৷"

লগতে পঢ়ক : কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছৱানৰ পৰলোকপ্ৰাপ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.