নিউজ ডেস্ক, ২৬ জুলাইঃ দেওবাৰে পুৱা প্ৰায় ১০ বজাৰ পৰা আৰম্ভ হৈছে কংগ্ৰেছৰ এক বিশেষ অভিযান । ডিজিটেল মাধ্যমেৰে কংগ্ৰেছে আৰম্ভ কৰিছে "Speak Up For Democracy" নামৰ এক অভিযান । বিজেপিয়ে সাংবিধানিক আৰু গণতান্ত্ৰিক মূল্যবোধ উলংঘা কৰাৰ প্ৰয়াসৰ বিৰুদ্ধে এই অভিযান আৰম্ভ কৰে বুলি জানিবলৈ দিয়ে অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অবিনাশ পাণ্ডে ।
লগতে তেখেতে অভিযোগ উত্থাপন কৰে যে, বিজেপিয়ে সাংবিধানিক আৰু গণতান্ত্ৰিক মূল্যবোধ উলংঘা কৰি আহিছে । তাৰোপৰি বিজেপিয়ে এখনৰ পৰা আন এখন ৰাজ্য চৰকাৰ পদচ্যুত কৰাৰ চেষ্টা কৰে বুলি অভিযোগ উত্থাপন কৰে ।
শনিবাৰে এটা ভিডিঅ' বাৰ্তাৰে অবিনাশ পাণ্ডে কয় যে, "বিজেপিয়ে প্ৰথমে মধ্য প্ৰদেশ চৰকাৰৰ ক্ষেত্ৰত যিদৰে ভূমিকা গ্ৰহণ কৰিছিল ঠিক সেইদৰে এতিয়া ৰাজস্থান চৰকাৰৰ লগত ষড়যন্ত্ৰ কৰিছে ।"