নিউজ ডেস্ক,৭জুনঃ আগন্তুক ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি গুজৰাটৰ ১৫ জন কংগ্ৰেছী বিধায়কক আছুতীয়াকৈ ৰখা হৈছে গুজৰাটৰ এখন ৰিজৰ্টত । তিনিজন ৰাজ্যসভাৰ সাংসদে পদত্যাগ কৰাৰ পিছতে গৰম হৈ পৰিছে গুজৰাটৰ ৰাজনৈতিক বতাহ । কংগ্ৰেছী নেতা ভাৰত সিং সলকানিয়ে ইতিমধ্যে সকলো বিধায়কক আছুতীয়াকৈ ৰখাৰ কথা স্বীকাৰ কৰিছে । গুজৰাটৰ দুখন আসনৰ বাবে 19 জুনত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্য়ৱস্থা গ্ৰহণ কৰা হৈছে । কিয়নো কেইদিনমান আগতেই কংগ্ৰেছৰ ৩ জনকৈ বিধায়কে পদত্যাগ কৰিছিল গুজৰাট বিধানসভাপৰা । সলকানিয়ে বিধায়কসকলৰ লগত কথা বতাৰ পাতিবৰ বাবে আছুতীয়াকৈ ৰাখিছে বুলি জানিব পৰা গৈছে ৷
গুজৰাট ৰাজ্যসভা নিৰ্বাচনঃ ১৫ জন বিধায়কক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কংগ্ৰেছৰ - ৰাজ্য সভাৰ নিবাচন
গুজৰাটৰ কংগ্ৰেছী নেতা ভাৰত সিং সলকানিয়ে নিজৰ দায়িত্ব গ্ৰহণ কৰি ৰাজ্যসভাৰ সাংসদ নিৰ্বাচনৰ বাবে বিধায়কসকলক ৰাজস্থান আৰু গুজৰাটত আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে তেওঁলোকক কোনেও লগ ধৰিব নোবাৰে ।