নিউজ ডেস্ক, 10 মাৰ্চঃ নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে মধ্যপ্ৰদেশৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা জ্য়োতিৰাদিত্য সিন্ধিয়াই ৷ মধ্যপ্ৰদেশৰ ৰাজনীতিত নতুন মোৰ লোৱাৰ সময়তে বিজেপিৰ সৈতে লগ-লাগি চৰকাৰ ওফৰাই দিবলৈ এইদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰা কথাটোৱে তাৎপৰ্য বহন কৰিছে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিচতে গৃহমন্ত্ৰীগৰাকীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে জ্যোতিৰাদিত্য সিন্ধিয়াই ৷
-
Delhi: Union Home Minister Amit Shah and Congress leader Jyotiraditya Scindia leave from Prime Minister Narendra Modi's residence pic.twitter.com/xTRdHq5SOl
— ANI (@ANI) March 10, 2020 " class="align-text-top noRightClick twitterSection" data="
">Delhi: Union Home Minister Amit Shah and Congress leader Jyotiraditya Scindia leave from Prime Minister Narendra Modi's residence pic.twitter.com/xTRdHq5SOl
— ANI (@ANI) March 10, 2020Delhi: Union Home Minister Amit Shah and Congress leader Jyotiraditya Scindia leave from Prime Minister Narendra Modi's residence pic.twitter.com/xTRdHq5SOl
— ANI (@ANI) March 10, 2020
সিন্ধিয়াৰ ঘনিষ্ঠ সহযোগী বিধায়কসকলে তেওঁক এঘৰীয়া কৰাৰ বাবে কংগ্ৰেছ নেতৃত্বৰ ওপৰত ক্ষুন্ন হৈ আছে ৷ ইয়াৰ ফলত তেওঁলোকে কংগ্ৰেছ ত্যাগ কৰি কমল নাথ নেতৃত্বাধীন চৰকাৰৰ শক্তি কম কৰিবলৈ এইদৰে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
ইয়াৰ পূৰ্বে যোৱাকালি কমল নাথৰ সৈতে হোৱা এক আলোচনাৰ পিচত মধ্যপ্ৰদেশ কেবিনেটে সৰ্বসন্মতিস্বৰূপে পদত্যাগ কৰিছিল ৷
লগতে পঢ়ক : মধ্যপ্ৰদেশত ৰাজনৈতিক খহনীয়া, কেবিনেটৰ মন্ত্ৰীৰ সমূহীয়া পদত্যাগ