ETV Bharat / bharat

উত্তৰ প্ৰদেশত চাঞ্চল্য়কৰ হত্য়াকাণ্ড

author img

By

Published : Dec 31, 2020, 12:27 PM IST

উত্তৰ প্ৰদেশৰ প্ৰসিদ্ধপুৰত চুবুৰীয়াৰ গুলিত নিহত জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি লগতে তেওঁৰ ভতিজা । এক পুৰণি কাজিয়াৰ বাবেই এই হত্য়াকাণ্ড সংঘটিত হোৱাৰ সন্দেহ আৰক্ষীৰ ।

উত্তৰ প্ৰদেশত চাঞ্চল্য়কৰ হত্য়াকাণ্ড
উত্তৰ প্ৰদেশত চাঞ্চল্য়কৰ হত্য়াকাণ্ড

নেশ্য়নেল ডেস্ক,৩১ ডিচেম্বৰ : উত্তৰ প্ৰদেশৰ প্ৰসিদ্ধপুৰত চাঞ্চল্য়কৰ হত্য়াকাণ্ড । কমলেশ কুমাৰ নামৰ এজন ব্য়ক্তিয়ে গুলিয়াই হত্য়া কৰে চুবুৰীয়া দুজন লোকক । নিহত লোক দুজনৰ এজন ৫৫ বছৰীয়া জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অশোক পেটেল আৰু তেওঁৰ ভতিজা সুভম। আৰক্ষী অধীক্ষক অংকিত মিট্টালে জনোৱা মতে কমলেশে মঙলবাৰে নিশা অশোক পেটেলৰ ঘৰত প্ৰৱেশ কৰে আৰু নিজৰ পিস্তলেৰে গুলিয়াই,যাৰ ফলত অশোক পেটেল আৰু তেওঁৰ ভতিজা সুভম থিতাতে নিহত। অধীক্ষকজনৰ মতে এক পুৰণি কাজিয়াৰ বাবেই এই হত্য়াকাণ্ড সংঘটিত হৈছে ।

হত্য়াকাণ্ড সংঘটিত কৰিয়ে কমলেশ কুমাৰ পলায়ন কৰে আৰু আৰক্ষীয়ে তেওঁক বিচাৰি বিভিন্ন স্থানত ইতিমধ্য়ে অভিযান চলাইছে । এই ঘটনাৰ পিছতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত,আনকি মৃত পেটেলৰ পৰিয়ালে প্ৰতিশোধ স্বৰূপে হত্য়াকাৰীৰ ঘৰতো অগ্নি সংযোগ কৰাৰ চেষ্টা কৰে। অৱশ্য়ে আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি শান্ত হয় ।

লগতে পঢ়ক : অশোক গেহলটলৈ পত্ৰ প্ৰেৰণ সাসংসদ দিয়া কুমাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.