শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ লগতে তিক্ষ্ণ চকু ৰখা হৈছে সামাতিক সংযোজনৰ মাধ্যম আৰু মূল সুঁতিৰ সংবাদ মাধ্যমৰ ওপৰত ৷ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মূল প্ৰত্যাহ্বান হৈছে ভুৱা বাতৰি আৰু ভুল তথ্য ৷ সংবাদ বিশ্লেষক নালাকা গুণাৱৰ্দনেয়ে ভুৱা বাতৰি আৰু ভুল তথ্যই কিদৰে ভোটাৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় সেই সন্দৰ্ভত অৱগত কৰে ৷
ভুৱা বাতৰি নিৰ্বাচনৰ এক অংগ বুলি মন্তব্য কৰি তেওঁ কয় যে, সকলো নিৰ্বাচনী প্ৰচাৰতে প্ৰতিটো দলে নিজৰ প্ৰাৰ্থীৰ প্ৰশংসাত পঞ্চমুখ হৈ কথাৰ ফুলজাৰি মাৰে যদিও পূৰ্বৰ তুলনাত ইয়াৰ পৰিমাণ 2019 নিৰ্বাচনত বেচি হৈছে ৷ ইষ্টাৰ হিংসাৰ পিছত প্ৰচাৰিত হোৱা বহুত ভুৱা বাতৰিয়ে ইতিমধ্যে জনসাধাৰণৰ ওপৰত বিৰূপ প্ৰভাব পোলাইছে ৷
সংবাদ মাধ্যমৰ ওপৰত তেওঁ মন্তব্য কৰে যে, টিভি হৈছে দ্বীপ ৰাষ্ট্ৰখনৰ প্ৰধান তথ্য ভাণ্ডাৰ ইয়াৰ লগতে ইণ্টাৰনেটে এক মুখ্য ভুমিকা পালন কৰিছে ৷ তেওঁ লগতে কয় যে, দেশখনৰ প্ৰধান পাচঁটা টিভি চেনেল বৈছে ব্যক্তিগত চেনেল আৰু এই চেনেলসমূহে নিজৰ পচণ্ডৰ এজন প্ৰাৰ্থীৰ ফৰে বাতৰি পৰিৱেশন কৰিছে যাৰ বাবে শ্ৰোতায়ে সেই প্ৰাৰ্থীজনৰ ফৰে ভোটদান কৰিবলৈ ঢাল খাইছে ৷
সংবাদ মাধ্যমৰ স্বাধীনতা সন্দৰ্ভত তেওঁ আৰু কয় যে, দেশখনৰ পূৰ্বৰ নিৰ্বাচনৰ পিছত সংবাদ মাধ্যমৰ স্বাধীনতা দেশখনত বহুত বাঢ়িছে ৷