প্ৰতিযোগিতামূলক কেছলেচ ব্যৱস্থা
আমেৰিকা যুক্তৰাষ্ট্ৰই ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ডৰ ব্যৱহাৰেৰে সমগ্ৰ বিশ্বতে মুদ্ৰাহীন বা কেছলেছ ব্যৱস্থাৰ পাতনি মেলিছিল। চীনৰ লোকসকলে ই-কমাৰ্চ চাইটত অনলাইনযোগে সামগ্ৰী ক্ৰয়তে হওক অথবা কোনোবা ভিৰ থকা ৰেস্তোৰাতে হওক তেওঁলোকে ডিজিটেল ৱালেট আৰু কিউ আৰ ক'ড ব্যৱহাৰ কৰি আহিছে । ইতিমধ্যে প্ৰায় ৮৩ মিলিয়ন লোকে ডিজিটেল লেনদেনৰ বাবে স্মাৰ্টফোন আৰু ছ’চিয়েল মিডিয়া এপ্লিকেশ্যনবোৰ ব্যৱহাৰ কৰিবলৈ লৈছে । আচৰিত থকাটো হ’ল চীনৰ ভিক্ষাৰীসকলেও ৰাইজৰ পৰা দান-দক্ষিণা গ্ৰহণ কৰিবৰ বাবে কিউ আৰ ক'ড ব্যৱহাৰ কৰে । ডিজিটেল লেনদেন ব্যৱস্থা এই হাৰত চীনত বৃদ্ধি পাইছে । চীনৰ আমাজ’ন বুলি খ্যাত আলিবাবা আৰু ফেচবুক হিচাপে জনাজাত টেনচেণ্টে লেনদেনৰ ক্ষেত্ৰত বেংকৰ স্থান দখল কৰিছে । খুচুৰা ব্যৱসায়ীসকলে ক্ৰেডিট কাৰ্ডেৰে ধনৰ লেনদেনৰ ক্ষেত্ৰত চীনা বেংকসমূহক ০.৫ ৰ পৰা ০.৬ শতাংশ প্ৰচেচিং মাচুল আদায় দিব লাগে। ইয়াৰ বিপৰীতে ম’বাইল ৱালেটৰে অনলাইন লেনদেন কৰিলৈ আদায় দিব লগা হয় মাত্ৰ ০.১ শতাংশ । যাৰ বাবে বিগত বৰ্ষত ১২.৮ ট্ৰিলিয়ন ডলাৰতকৈ অধিক ডিজিটেল লেনদেন আলিপে’(আলিবাবা) আৰু উইচাটপে’(টেনচেণ্ট) এপেৰে কৰা হৈছে । বৰ্তমান পৃথিৱীৰ মুঠ ডিজিটেল লেনদেনৰ আধা অংশই অধিকাৰ কৰে চীনে ।
আফ্ৰিকাৰ বাবে নতুন গতিঃ
বেংকিং সুবিধা নগণ্য থকা আফ্ৰিকাত চীনে আৰম্ভ কৰা কেছলেচ লেনদেন বিপ্লৱে সম্প্ৰসাৰণ লাভ কৰিছে । চীনৰ বিনিয়োগ আৰু প্ৰযুক্তিৰ বাবে বৰ্তমান আফ্ৰিকাত ৪জি নেটৱৰ্ক, স্মাৰ্টফোন, ম’বাইল পেমেণ্ট আদি সুলভ হৈ পৰিছে । ভাৰতত এই বৰ্ষৰ অক্টোবৰত প্ৰথমবাৰৰ বাবে ইউ পি আই অৰ্থাৎ ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচতকৈ কম সংখ্যক কাৰ্ড ব্যৱহাৰ হৈছে । গুগল পে’, ভীম, ফোনপে’ আদিৰ জৰিয়তে ডিজিটেল লেনদেনৰ ক্ষেত্ৰত ৩৮.১০ শতাংশৰে বেংগালুৰু শীৰ্ষ স্থানত আছে । ১২.৫০ শতাংশৰে হায়দৰাবাদ দ্বিতীয় আৰু ১০.২২ শতাংশৰে দিল্লী তৃতীয় স্থানত আছে । এই তথ্য বেংগালুৰুৰ প্ৰতিষ্ঠান ৰেজৰপে’য়ে প্ৰকাশ কৰিছে । যদিও আলিবাবা আৰু উইচাট পে’য়ে বেংক সেৱাৰ স্থান দখল কৰিছে, এই দুটা ম’বাইল ৱালেট এতিয়াও ব্যৱহাৰকাৰীৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত হৈ থাকে । আমেৰিকান কোম্পানী ফেচবুকে নিজাববীয়াকৈ ‘Digital-Crypto’ মুদ্ৰা লিব্ৰা ২০২০ চনত মুকলি কৰাৰ বাবে বহু দূৰ আগবাঢ়িছে । বেংক আৰু স্থানীয় মুদ্ৰাৰ পৰা এই মুদ্ৰা পৃথক হ’ব। ইয়াকে অনুসৰণ কৰি চীনেও নিজৰ কেন্দ্ৰীয় বেংকৰ জৰিয়তে নিজাববীয়া ডিজিটেল মুদ্ৰা প্ৰৱৰ্তনৰ চেষ্টা চলাইছে । লিব্ৰাৰ লগত সংগতি ৰাখি খুউব সম্ভৱ চীনৰ এই ডিজিটেল মুদ্ৰা ২০২০ চনৰ মাজভাগত মুকলি কৰা হ’ব। এই বৰ্ষৰ প্ৰথমছোৱাত বিশ্বৰ শীৰ্ষস্থানীয় বেংক জে পি মৰ্গান চেছ্ এণ্ড কোম্পানী বা জে পি এমে নিজৰ ‘Crypto' মুদ্ৰা ‘Coin’ মুকলি কৰি প্ৰতিযোগিতাত নামি পৰে। এই মুদ্ৰা ব্লক চেইন প্ৰযুক্তিৰ ওপৰত প্ৰতিষ্ঠিত । বেংক একাউণ্টৰগৰাকীয়ে দ্ৰুতগতিত ধন পঠিয়াবলৈ ইয়াক ব্যৱহাৰ কৰে ।
‘লিব্ৰা’ই কেনেদৰে কাম কৰে ?
আনহাতে ফেচবুকে ‘লিব্ৰা’ক আন্তঃৰাষ্ট্ৰীয় ডিজিটেল মুদ্ৰা হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । কিন্তু চীনে ডিজিটেল পেমেণ্টত খোজ পেলালে আমেৰিকা আৰু ইউৰোপত বেংকিং খণ্ড আৰু নিয়ন্ত্ৰণকাৰী সংস্থাসমূহৰ পৰা লিব্ৰাই বাধা লাভ কৰিব । লিব্ৰা হৈছে ক্ৰাইপ্টো মুদ্ৰা। সকলো ক্ৰাইপ্টো মুদ্ৰাই ডিজিটেল যদিও সকলো ডিজিটেল মুদ্ৰাই ক্ৰাইপ্টো নহয় । পৃথিৱীৰ যিকোনো ঠাইৰ পৰা নিৰাপদভাৱে আৰু ততাতৈয়াকৈ কোনো মাচুল নোহোৱাকৈ লিব্ৰা পঠিয়াব পাৰি । ক্ৰাইপ্টো মুদ্ৰা বিটকইনৰ দৰে লিব্ৰাৰ মূল্য উঠা-নমা নহয় ।‘Depreciation’ ডলাৰ, ইউৰো আৰু য়েনৰ ওপৰত নিৰ্ভৰশীল। যেতিয়া কোনোবাই লিব্ৰা ক্ৰয় কৰে তেতিয়া ইয়াৰ সমান মূল্য বেংক একাউণ্টত ডলাৰ, ইউৰো, য়েনৰ ৰূপত জমা কৰা হ’ব। এই জমাৰ সুতো লাভ কৰা যাব । লিব্ৰাক ডলাৰ আৰু ইউৰোলৈ সলাবৰ বাবে ফেচবুক এপ্ কেলিব্ৰাই সালসলনিৰ মাচুল বহন কৰিব ।
ছুইজাৰলেণ্ডৰ এক স্বেচ্ছাসেৱী অনুষ্ঠানৰ তত্বাৱধানত লিব্ৰাই কাম কৰে । যেতিয়া লিব্ৰা প্ৰৱৰ্তন হ’ব যিকোনো কোম্পানীয়ে এই ডিজিটেল মুদ্ৰাৰ জৰিয়তে লেনদেন কৰিব পাৰিব । ফেচবুক, ইয়াৰ মেচেঞ্জাৰ সেৱা আৰু হোৱাটছ্ এপৰ সমগ্ৰ বিশ্বতে ২৭০ মিলিয়নতৈ অধিক ব্যৱহাৰকাৰী আছে । তেওঁলোক সকলোৱে লিব্ৰাক এনে এক ডিজিটেল মুদ্ৰালৈ পৰ্যবসিত হোৱাটো বিচাৰে যিয়ে ধন আদায়, বিনিয়োগ আৰু ঋণ প্ৰদান ডিজিটেল ভাৱে কৰাৰ সুযোগ প্ৰদান কৰে । পেমেণ্ট চাৰ্ভিছ প্লেটোফৰ্ম হিচাপে প্ৰথমতে ফেচবুক পে’ আৰম্ভ কৰা হৈছিল । ফেচবুকৰ অধীন হোৱাটছ্ এপ্, ইনষ্টাগ্ৰাম আৰু মেছেঞ্জাৰৰ জৰিয়তেও ধন আদান-প্ৰদান কৰিব কৰিব পাৰি । হোৱাটছ্ এপে শেহতীয়াভাৱে ভাৰতত ডিজিটেল পেমেণ্টৰ এক সম্পৰীক্ষা আৰম্ভ কৰিছে । ১০০ টা বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানক লিব্ৰাৰ অংশীদাৰ কৰা হৈছে । যদিও পশ্চিমীয়া বিশ্বৰ আটাইতকৈ ডাঙৰ বেংক জেপি মৰ্গানেও লিব্ৰাৰ লগত যোগ দিয়াৰ আশা কৰা হৈছিল পাছত কোম্পানীটোৱে নিজৰেই ডিজিটেল মুদ্ৰা জে পি এম কইন আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। লিব্ৰা প্ৰকল্পই মাষ্টাৰ কাৰ্ড,ভিছা,পে’পল আৰু ইবে’ ক্ষতি ক্ষতি সাধন কৰিব । উবেৰ আৰু স্পটিফায়ে কেৱল লিব্ৰাৰ পৰাহে ধন গ্ৰহণ কৰে। অপৰাধীৰ দলবোৰে ড্ৰাগছ সৰবৰাহৰ লগতে ধনিক শ্ৰেণীয়ে অবৈধ ধন সৰবৰাহ কৰিবলৈ লিব্ৰা ব্যৱহাৰ কৰিব পাৰে বুলিও সন্দেহ কৰা হৈছে । গ্ৰাহক সুৰক্ষা আৰু বিত্তীয় স্থিৰতাকলৈও বিভিন্ন চিন্তাৰ অৱতাৰণা হৈছে ।
এনে আশংকাৰ ফলতে ফ্ৰান্সৰ আৰু জাৰ্মানীয়ে লিব্ৰাক ইউৰোপত প্ৰৱেশ কৰাত বাধা আৰোপ কৰি আছে আৰু ব্যক্তিগত ডিজিটেল মুদ্ৰাৰ সলনি চৰকাৰৰ জৰিয়তে ক্ৰাইপ্টো মুদ্ৰা প্ৰৱৰ্তনৰ বাবে দেশ দুখনে পোষকতা কৰিছে । তেনে এক পৰিৱেশত ২০২০ চনৰ জুনত লিব্ৰা মুকলি হোৱাৰ সম্ভাৱনা নাই ।
ডলাৰৰ একাধিপত্যৰ প্ৰতি প্ৰত্যাহ্বানঃ
আনহাতে চীনে নিজৰ কেন্দ্ৰীয় বেংকৰ ডিজিটেল মুদ্ৰা প্ৰৱৰ্তনৰ পৰিকল্পনা কৰিছে । ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা ভাণ্ডাৰ হিচাপে ডলাৰৰ একাধিপত্য হ্ৰাস পাব পাৰে । বিশেষকৈ এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ দেশসমূহে ডলাৰৰ সলনি আন্তঃৰাষ্ট্ৰীয় চীনা ডিজিটেল মুদ্ৰা ব্যৱহাৰ কৰিব পাৰে । যেনেদৰে ব্যৱসায়-বাণিজ্য, ৫ জি সেৱাৰ প্ৰৱৰ্তন হাই টেক খণ্ড আদিত চীন আৰু আমেৰিকাৰ প্ৰতিদ্বন্দ্বিতা তুংগত আছে, এই প্ৰতিদ্বন্দ্বিতা ডিজিটেল মুদ্ৰালৈ সম্প্ৰসাৰিত হ’ব। বেংক অৱ ইংলেণ্ডেও এই সন্দৰ্ভত সকীয়নি প্ৰদান কৰি কৈছে যে চীনৰ আন্তঃৰাষ্ট্ৰীয় ডিজিটেল মুদ্ৰাই বৰ্তমান ডলাৰেৰে সম্পন্ন হোৱা সকলোবোৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়-বাণিজ্যকে দখল কৰিব। যদি আমেৰিকা আৰু ইউৰোপে লিব্ৰাক অনুমতি প্ৰদান নকৰে, তেন্তে ফেচবুকে আফ্ৰিকা, এছিয়া আৰু লেটিন আমেৰিকাত ইয়াৰ ডিজিটেল মুদ্ৰা আৰম্ভ কৰিব পাৰে । ভাৰতত ৭২ শতাংশ গ্ৰাহক লেনদেন বৰ্তমানেও নগদ ধনেৰে হয় । চীনৰ তুলনাত এয়া দুগুণতকৈ বেছি ।গ্ৰামাঞ্চলত ইণ্টাৰনেটৰ পৰ্যাপ্ত সুবিধাৰ অভাৱৰ বাবে খুচুৰা ব্যৱসায়ীসকলে ডিজিটেল লেনদেন ব্যৱহাৰ কৰিবলৈ আগ্ৰহ নকৰে । যাৰ ফলত ভাৰতত প্ৰতিজন লোকৰ বিপৰীতে ডিজিটেল লেনদেনৰ হাৰ তেনেই কম ।
যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে কেছলেছ অৰ্থনীতিৰ উদ্দেশ্যে ২০১৬ চনত অধিক মূল্যৰ নোটসমূহ বন্ধ কৰিছিল, বিগত সময়ত নগদ ধনৰ ব্যৱহাৰ বেছিকৈ হ্ৰাস হোৱা নাই । বৰ্তমান ১০ মিলিয়ন ভাৰতীয়ই ইউ পি আই সেৱা আৰু ডিজিটেল লেনদেন ব্যৱস্থা ব্যৱহাৰ কৰি আছে । কিন্তু মুখ্য কাৰ্যবাহী বিষয়া দিলীপ এচবেয়ে কয় যে অনাগত পাঁচ বছৰত কমেও ৫০ মিলিয়ন ডিজিটেল পে’মেণ্ট ব্যৱহাৰকাৰী হোৱাটো লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । পে’টিএমে ইতিমধ্যে আলিবাবা গ্ৰুপৰ লগত লগ লাগিছে আৰু এই এপ্লিকেশ্বনটো ভাৰতত বহুলভাৱে ব্যৱহৃত । ফেচবুকে হোৱাটছ্ এপৰ জৰিয়তে ধন আদান-প্ৰদানৰ সুবিধা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । আনকি ৰতন টাটাক ব্যক্তিগত বিনিয়োগবোৰ পে’টিএমৰ জৰিয়তে কৰা হয় । চীনে বিভিন্ন ধৰণে ভাৰতৰ ঘৰুৱা এপ্লিকেশ্বনবোৰ যেনে ভীমৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰাৰ চেষ্টা চলাই আহিছে ।ভাৰতে এক কঠিন প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হ’বলৈ সাজু থকাৰ লগতে অনাগত দিনত ভাৰতৰ ১৩০ কোটি জনসংখ্যাক কেছলেছ লেনদেন ব্যৱস্থাত অভ্যস্ত কৰাৰ ক্ষেত্ৰত জয়ী হ’ব লাগিব। বৰ্তমান সময়ৰ ডিজিটেল যুগত যাতে দেশখন পিছ পৰি নাথাকে তাৰ বাবে দেশখনে প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। এই কথাকে অনুধাৱন কৰি ভাৰতে আন্তঃৰাষ্ট্ৰীয় ৰচিদ আৰু ধনৰ আদান-প্ৰদান ভীম ইউ পি আইৰে কৰাৰ বাবে তৎপৰ হৈ পৰিছে । এই উদ্দেশ্যে অলপতে অনুষ্ঠিত ছিংগাপুৰ ফিনটেক উৎসৱত পৰীক্ষামূলকভাৱে ধনৰ লেনদেনো কৰা হয় ।
দ্ৰুত গতিৰে সাজু হৈছে ভাৰতঃ
কেছলেছ ডিজিটেল অৰ্থনীতিৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে ভাৰতবৰ্ষই । আলিপে’ আৰু উইচাটপে’য়ে চীনা বজাৰ দখল কৰাৰ বিপৰীতে ভাৰতত গুগল পে’,আমাজন পে’ আৰু পে’টিএমৰ দৰে ৮৭ টা এপ আছে । চীনত নথকাৰ দৰে ভাৰতত অনাগত দিনত আহিবলগীয়া প্ৰতিষ্ঠানসমূহ বা ষ্টাৰ্টআপ বিত্তীয় সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহৰ বাবে বেছি সুযোগ আছে । ২০১৫ চনৰ পৰা ভাৰতবৰ্ষত ডিজিটেলভাৱে ধনৰ আদান-প্ৰদানৰ হাৰ পাঁচ গুণ বৃদ্ধি পাইছে । নেশ্যনেল পে’মেণ্ট এজেন্সী অৱ্ ইণ্ডিয়াৰ অধীনত ইউ পি আয়ে তৎক্ষণাত ম’বাইলৰ জৰিয়তে ধনৰ লেনদেনৰ সুবিধা প্ৰদান কৰে । ইউ পি আয়ে বিভিন্ন বেংকৰ একাউণ্ট পে’মেণ্ট এপবোৰৰ সৈতে সংযোগ কৰি ডিজিটেল লেনদেন ব্যৱস্থা আৰম্ভ কৰিছে । কিন্তু কেছলেছ ব্যৱস্থাৰ ক্ষেত্ৰত বিশ্ব অৰ্থনীতিত নিজৰ স্থান দখল কৰিবলৈ ভাৰতে এতিয়াও বহু দূৰ বাট বুলিবলৈ বাকী আছে ।
লগতে চাওকঃ বিশিষ্ট সমাজকৰ্মী কিশোৰ হাজৰিকালৈ আন্তঃ ৰাষ্ট্ৰীয় বঁটা