গুৱাহাটী, 15 মে’: পশ্চিমবংগৰ ৰাইজে নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছে বাবে মমতা বেনাৰ্জীয়ে এইদৰে হিংসাৰ আশ্ৰয় লৈছে। এনে ঘটনা গৰিহণাৰ যোগ্য, কলকাতাত তৃণমূল কংগ্ৰেছৰ সমৰ্থক বিজেপি কৰ্মীৰ ওপৰত কৰা আক্ৰমণ গণতন্ত্ৰৰ ওপৰত আক্ৰমণ ৷ পশ্চিমবংগত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ এক নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত তৃণমূল কংগ্ৰেছৰ সমৰ্থক সকলে বাধা প্ৰদান কৰাৰ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
মঙলবাৰে নিশা মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত সংবাদমেল অনুষ্ঠিত কৰি লগতে কয় যে, কলকাতাৰ ৰোড শ্ব’ত কৰ্মকতাসকলে হিংসাত্মক কাৰ্যকলাপেৰে গণতান্ত্ৰিক বাতাবৰণ বিনষ্ট কৰিছে ৷
লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচন আয়োগক ৰাজ্যখনত শান্তিপূৰ্ণভাৱে নিৰ্বাচনী প্ৰক্ৰিয়া অনুষ্ঠিত হ’বৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও অনুৰোধ জনায় ৷