ETV Bharat / bharat

ক’ভিড-১৯ ৰ পৰৱৰ্তী সময়ত ভাৰতৰ অৰ্থনৈতিক পুনৰুদ্ধাৰত স্বচ্ছ ইন্ধন হ’ব পাৰে সহায়ক

author img

By

Published : Jul 1, 2020, 11:37 PM IST

ভাৰতৰ পৰিবহণ আৰু শক্তি খণ্ডত চাহিদা আৰু যোগানৰ ক্ষেত্ৰত ক’ভিড-১৯ এ গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । লিকুইডিটীৰ সমস্যাৰ পৰা গ্ৰাহকৰ চাহিদা আৰু পছন্দ হ্ৰাসলৈকে নানা সমস্যাৰ সৈতে এই খণ্ডসমূহে মোকাবিলা কৰিবলগীয়া হৈছে । ক’ভিড-১৯ মহামাৰী অন্ত পৰাৰ পাছত ভাৰতৰ অৰ্থনীতি পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হ’ব বুলি আত্মবিশ্বাস ব্যক্ত কৰিছে নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে ।

Clean Energy Can Support India’s Economic Recovery post Covid 19

গুৱাহাটী, 1 জুলাইঃ নীতি আয়োগ আৰু ৰকী মাউণ্টেইন ইনষ্টিটিউটটে ৩০ জুনত প্ৰকাশ কৰিছে ক্লীন এনাৰ্জী ইক’নমী : পোষ্ট ক’ভিড-১৯ অপৰচুনিটী ফৰ্ ইণ্ডিয়াছ এনাৰ্জী এণ্ড ম’বিলিটী চেক্টৰ্ছ শীৰ্ষক এক প্ৰতিবেদন । এই প্ৰতিবেদনে ভৱিষ্যতৰ বাবে স্বচ্ছ, সক্ষম, আৰু কম খৰচী শক্তি সৃষ্টিৰ পোষকতা কৰে । বৈদ্যুতিক বাহন, শক্তি সঞ্চয় আৰু নৱীকৰণযোগ্য শক্তিৰ বাবে আঁচনি গ্ৰহণ কৰাৰ বাবে এই প্ৰতিবেদনত পৰামৰ্শ প্ৰদান কৰা হৈছে ।

ক’ভিড-১৯ ৰ ফলত ভাৰতৰ স্বচ্ছ ইন্ধনৰ ক্ষেত্ৰখন বিশেষকৈ পৰিবহণ আৰু শক্তি খণ্ডটো কেনেদেৰে প্ৰভাৱিত হৈছে সেই বিষয়ে এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে । তদুপৰি দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰ আৰু স্বচ্ছ ইন্ধন অৰ্থনীতিৰ দিশে দেশৰ নেতৃত্বক নীতি আৰু উপায়ৰ পৰামৰ্শ দিয়ে এই প্ৰতিবেদনে ৷

ভাৰতৰ পৰিবহণ আৰু শক্তি খণ্ডত চাহিদা আৰু যোগানৰ ক্ষেত্ৰত ক’ভিড-১৯ এ গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । লিকুইডিটীৰ সমস্যাৰ পৰা গ্ৰাহকৰ চাহিদা আৰু পছন্দ হ্ৰাসলৈকে নানা সমস্যাৰ সৈতে এই খণ্ডসমূহে মোকাবিলা কৰিবলগীয়া হৈছে । ক’ভিড-১৯ মহামাৰী অন্ত পৰাৰ পাছত ভাৰতৰ অৰ্থনীতি পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হ’ব বুলি আত্মবিশ্বাস ব্যক্ত কৰিছে নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে । এই বিষয়ে তেওঁ এনেদৰে কয়—“ভাৰতৰ শক্তিশালী গণতান্ত্ৰিক অনুষ্ঠানসমূহে নীতিগত সুস্থিৰতাক সমৰ্থন কৰে । যদি বৰ্তমানৰ অৰ্থনৈতিক সংস্কাৰ সমূহ ভালদৰে ৰূপায়ণ কৰিব পাৰি তেন্তে হেঁচা সত্বেও দেশৰ অৰ্থনৈতিক বিকাশ অক্ষুন্ন থাকিব।”

ভাৰতৰ অৰ্থনৈতিক পুনৰুদ্ধাৰত স্বচ্ছ ইন্ধন হ’ব পাৰে সহায়ক

নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তৰ মতে, ভাৰতৰ অৰ্থনীতিৰ পুনৰুদ্ধাৰ আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ ক্ষেত্ৰত স্বচ্ছ ইন্ধনে মূল ভূমিকা গ্ৰহণ কৰিব পাৰে ।

তেওঁৰ মত এনেধৰণৰ—“এই নতুন পৰিৱেশত আমাৰ দেশ আৰু উদ্যোগলৈ কিদৰে নতুন গতি আনিব পাৰি তাৰ বাবে আমাৰ ঘৰুৱা উদ্ভাৱনী ব্যৱস্থাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰাটো প্ৰয়োজন । আমি কিছু নিৰ্দিষ্ট পৰামৰ্শ প্ৰদান কৰিছোঁ যাৰ জৰিয়তে ভাৰতে আমাৰ অৰ্থনীতিৰ দুটা ডাঙৰ সমলক পুনৰুজ্জীৱিত কৰিব পাৰে । সেয়া হ’ল--পৰিবহণ আৰু শক্তি খণ্ড।”

ভাৰতৰ স্বচ্ছ ইন্ধনৰ ভৱিষ্যতৰ স্বাৰ্থত এই প্ৰতিবেদনে চাৰিটা পৰামৰ্শ নীতি প্ৰণয়নকাৰীসকলৰ বাবে আগবঢ়াইছে ।

  1. কম খৰচী শক্তিৰ মাধ্যমত বিনিয়োগ কৰক
  2. দীৰ্ঘম্যাদী আৰু নিৰাপজ শক্তি ব্যৱস্থাৰ প্ৰতি মনোনিৱেশ কৰক
  3. সক্ষমতা আৰু প্ৰতিযোগিতাৰ ওপৰত প্ৰাধান্য দিয়ক
  4. সামাজিক আৰু পাৰিপাৰ্শ্বিক সমতাৰ ওপৰত গুৰুত্ব দিয়ক

নীতি আয়োগৰ প্ৰিঞ্চিপাল কনছালটেণ্ট আৰু মিছন সঞ্চালক অনিল শ্ৰীবাস্তৱে এনেদৰে কয়—“ভাৰতে হ্ৰস্ব, মধ্যমীয়া আৰ দীৰ্ঘকালীনভাৱে এনেধৰণৰ অৰ্থনৈতিক পুনৰুদ্ধাৰৰ ব্যৱস্থা চিনাক্ত কৰিব লাগে যিবোৰে ক’ভিড-১৯ এ সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহক স্বচ্ছ ইন্ধনৰ সুযোগলৈ ৰূপান্তৰিত কৰিব পাৰে।”

পৰিবহণ ক্ষেত্ৰত সুযোগ বুলিলে ৰাজহুৱা পৰিবহণক নিৰাপদ কৰি তোলা, নন-মটৰাইজড পৰিবহণ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু বিকাশ, যিমান দূৰ সম্ভৱ ৱৰ্ক ফ্ৰম হোমৰ জৰিয়তে যান-বাহনেৰে কৰ্মস্থলীলৈ যোৱা হ্ৰাস কৰা,ফেৰী আৰু যাত্ৰী খণ্ডত ৰাষ্ট্ৰীয় নীতি-নিয়ম অনুসৰি ইলেকট্ৰিক বাহনৰ ব্যৱহাৰ আৰু ভাৰতক অটোমটিভৰ আমদানিৰ মূলকেন্দ্ৰ হিচাপে গঢ়ি তোলা আদি উল্লেখযোগ্য ।

শক্তি খণ্ডৰ সুযোগসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে—বিদ্যুৎ যোগান সেৱা আৰু ইয়াৰ কাৰ্যাৱলী উন্নত কৰা, নৱীকৰণযোগ্য আৰু বিতৰণযোগ্য সম্পদ ব্যৱহাৰ কৰা, শক্তি মজুতকৰণ আদি ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.