নতুন দিল্লী , 5মে' : দেওবাৰে ঘোষণা নহয় চি বি এচ ইৰ দশম শ্ৰেণীৰ ফলাফল ৷ কেন্দ্ৰীয় শিক্ষা পৰিষদে এক বিবৃতি যোগে ঘোষণা কৰে এই কথা ৷
বিবৃতিটোত ছচিয়েল মিডিয়াত দেওবাৰে কেন্দ্ৰীয় শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ হ'ব বুলি প্ৰচাৰিত খবৰ এক উৰাবাতৰি বুলি প্ৰকাশ কৰে শিক্ষা পৰিষদে ৷ ফলাফল প্ৰকাশ হোৱাৰ প্ৰকৃত তাৰিখ পৰিষদৰ তৰফৰ পৰা জনোৱা হ'ব বুলি পৰিষদে বিবৃতি যোগে প্ৰকাশ কৰে ৷
লগতে চাওক : ওড়িশাত ফেনীৰ ধ্বংসলীলা
উল্লেখযোগ্য যে , 2 ফেব্ৰুৱাৰীৰ পৰা 29 মাৰ্চলৈ অনুষ্ঠিত হৈছিল চি বি এচ ইৰ দশম শ্ৰেণীৰ পৰীক্ষা ৷ দেশজুৰি 27 লাখ শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত ৷