নেশ্যনেল ডেস্ক, 7 জানুৱাৰী : এইবাৰ আহমেদাবাদত সংঘৰ্ষত লিপ্ত National Students Union of India(NSUI) আৰু Akhil Bharatiya Vidyarthi Parishad(ABVP) ৰ সদস্য ৷ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সংঘটিত মাৰপিটৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰাজ্য গুজৰাটত পৰস্পৰৰ সৈতে সংঘৰ্ষত লিপ্ত হয় সৰ্ব ভাৰতীয় ছাত্ৰ সংগঠন দুটাৰ সদস্যসকল ৷ সংঘৰ্ষৰ ঘটনা ৰোধ কৰিবলৈ আৰক্ষীয়ে লাঠি ছালনাও কৰিব লগা হয় ৷
দুয়োটা ছাত্ৰ সংগঠনৰ সংঘৰ্ষত প্ৰায় 10 জন সদস্য গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ইয়াৰ ভিতৰত অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় NSUIৰ নেতা নিখিল ছাৱানাক ৷
আৰু পঢ়ক : জেএনইউ আক্ৰমণ, CAA প্ৰতিবাদ ৰোধ কৰাৰ এক প্ৰচেষ্টা!