ETV Bharat / bharat

ন্যায়াধীশ ববডেক উত্তৰসূৰী হিচাপে প্ৰস্তাৱ প্ৰেৰণ ৰঞ্জন গগৈৰ - ৰঞ্জন গগৈৰ উত্তৰসূৰী হ'ব ববডে

ন্যায়াধীশ এছ. এ. ববডেক উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে প্ৰস্তাৱ জনাইছে ৰঞ্জন গগৈয়ে ৷ এখন পত্ৰ প্ৰেৰণৰ জৰিয়তে ববডেৰ নামত প্ৰস্তাৱ প্ৰেৰণ কৰে বৰ্তমানৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৷

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ
author img

By

Published : Oct 18, 2019, 2:53 PM IST

নেশ্বনেল ডেস্ক, 18 অক্টোবৰ : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে নিজৰ উত্তৰসূৰী হিচাপে দ্বিতীয় জ্যেষ্ঠ ন্যায়াধীশ এছ. এ. ববডেৰ নাম প্ৰস্তাৱ কৰিছে ৷ এখন পত্ৰ প্ৰেৰণৰ জৰিয়তে ববডেৰ নামত প্ৰস্তাৱ প্ৰেৰণ কৰে বৰ্তমানৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৷

পূৰ্বৰ পৰা প্ৰচলিত নিয়ম অনুসৰি, মুখ্য ন্যায়াধীশগৰাকীয়ে অৱসৰ গ্ৰহণৰ পূৰ্বে তেওঁ অধিগ্ৰহণ কৰি থকা পদৰ বাবে কোনো এজন ন্যায়াধীশৰ নাম প্ৰস্তাৱ কৰিব লাগে ৷ ইয়াৰ পাচতে আইনমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত এই প্ৰস্তাৱ ৰাখে আৰু প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক পৰামৰ্শ প্ৰদান কৰে ৷

উল্লেখ্য যে, নৱেম্বৰৰ 17 তাৰিখে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে নিজৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব ৷ ৰঞ্জন গগৈৰ অৱসৰ গ্ৰহণৰ পাচতে ন্যায়াধীশ ববডেই মুখ্য ন্যায়াধীশ পদত অধিস্থিত হ'ব ৷

Intro:Body:Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.