ETV Bharat / bharat

সীমান্তত পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘনঃ আহত কেইবা গৰাকী নাগৰিক

author img

By

Published : Aug 13, 2020, 7:00 PM IST

যোৱাটো সপ্তাহত জম্মু কাশ্মীৰৰ কুপৱাৰা জিলাৰ অন্তৰ্গত ভাৰত পাক সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পাকিস্থানী সেনাই যুদ্ধ বিৰতি উলংঘনেৰে গুলিচালনা কৰাৰ ফলত এগৰাকী স্থানীয় নাগৰিক আহত হৈছিল । গুৰুতৰভাৱে আহত এই নাগৰিক জনক শ্ৰীনগৰৰ একেএআইএমএচ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছিল যদিও বৃহস্পতিবাৰে লোকজনৰ মৃত্যু ঘটে ।

Civilian injured in ceasefire violation in J-K succumbs to injuries
সীমান্তত পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন: আহত কেইবা গৰাকী নাগৰিক

নিউজ ডেস্ক,১৩ আগষ্ট: যোৱাটো সপ্তাহত জম্মু কাশ্মীৰৰ কুপৱাৰা জিলাৰ অন্তৰ্গত ভাৰত পাক সীমান্তৰ টংধাৰ চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পাকিস্থানী সেনাই যুদ্ধ বিৰতি উলংঘনেৰে গুলিচালনা কৰাৰ ফলত আহত নাগৰিকজনৰ বৃহস্পতিবাৰে শ্ৰীনগৰৰ এখন চিকিৎসালয়ত মৃত্যু ঘটিছে ।

আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া অনুসৰি, কুপৱাৰা জিলাৰ কৰ্ণাহ চেক্টৰত যুদ্ধ বিৰতি উলংঘনৰ কেইদিনমানৰ পিছতে পুনৰ জিলাখনৰ টংধাৰ চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পাক সেনাই কৰা গুলিবৰ্ষণত কাচাদিয়া বাঘবেলা গাঁৱৰ ম: ইয়াকুব মিৰ নামৰ ৬০ বছৰীয়া এগৰাকী বৃদ্ধ লোক গুৰুতৰ ভাৱে আহত হৈছিল । ছয়দিনৰ চিকিৎসাৰ অন্তত বৃহস্পতিবাৰে শ্ৰীনগৰত চিকিৎসাধীন অৱস্থাতে মৃত্যু হ'ল এই গৰাকী লোকৰ ।

আৰক্ষী বিষয়া গৰাকীয়ে উল্লেখ কৰা মতে, এসপ্তাহ পূৰ্বে যুদ্ধ বিৰতি উলংঘন কৰি পাক সেনাই টংধাৰ চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত কৰা নিৰ্বিচাৰ গুলিচালনাত এজন অসামৰিক ব্যক্তি মৃত্যু হোৱাৰ লগতে ৬ জন লোক গুৰুতৰ ভাৱে আহত হৈছিল । এই আক্ৰমণত প্ৰায় ২০ টাতকৈয়ো অধিক ঘৰ হৈছিল ক্ষতিগ্ৰস্ত ।

তাৰোপৰি পুঞ্চ জিলাৰ অন্তৰ্গত মেনধাৰ আৰু বালাকুট চেক্টৰতো পাক সেনাই যুদ্ধ বিৰতি উলংঘন কৰি সেনা আৰু অসামৰিক লোকৰ ওপৰত কৰা গুলিবৰ্ষণ কৰিছিল । একে ধৰণেই জিলাখনৰ নাওগাম, টংধাৰ, মাচাল চেক্টৰত পাক সেনাই মৰ্টাৰ নিক্ষেপ আৰু সৰু মাৰণাস্ত্ৰৰে গুলিচালনা কৰি ভংগ কৰিছিল যুদ্ধ বিৰতি ।

উল্লেখ্য যে, চলিত বৰ্ষত এলঅ'চিত পাকিস্তানে যুদ্ধ বিৰতি উলংঘনেৰে কৰা আক্ৰমণত ২৪জনকৈ অসামৰিক লোকৰ মৃত্যুৰ লগতে শতাধিক লোক আহত হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.