দিল্লী, 27 মে': 2019 লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচতে ভংগ কৰা হল 16 সংখ্যক লোকসভা ৷ লোকসভা ভংগ হোৱাৰ পিচতে ম্যাদ উকলি গ'ল বিতৰ্কিত তথা সংসদৰ মজিয়া উত্তাল কৰা দুখনকৈ বিধেয়কৰ ৷
ম্যাদ উকলি যোৱা বিধেয়ক দুখন ক্ৰমে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু তিনি তালাক বিধেয়ক ৷ দেশজুৰি বিতৰ্কৰ শীৰ্ষত থকা বিধেয়ক দুখন বিগত আঠ জানুৱাৰীত লোকসভাৰ শীতকালীন অধিৱেশনত গৃহীত হৈছিল যদিও ৰাজ্যসভাত গৃহীত নহ'ল এই বিধেয়ক দুখন ৷ শনিবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নিম্ন সদন ভংগ কৰাৰ পিচতে ম্যাদ উকলি যায় এই বিধেয়ক কেইখনৰ ৷
উল্লেখ্য যে, আগন্তুক 3 জুনত বৰ্তমানৰ লোকসভাৰ কাৰ্যকাল অন্ত পৰি 6 জুনৰ পৰা 17 সংখ্যক লোকসভা আৰম্ভ হ'ব ৷