নাগৰিকত্ব সংশোধনী আইন ২০০৯-এ দেশৰ বিভিন্ন প্ৰান্তত তুমূল বিতৰ্ক আৰু হিংসাত্মক প্ৰতিবাদৰ সূচনা কৰিছে। এই আইনখনে সীমাৰ সিপাৰে ইছলামিক আৰু অনা ইছলামিক দেশসমূহৰ পৰাও সমালোচনা বা বিৰূপ মন্তব্য লাভ কৰিছে। নাগৰিকত্ব সংশোধনী আইনৰ মূল বিষয়বস্তু আৰু উদ্দেশ্য স্পষ্ট। এই আইনে তিনিখন চুবুৰীয়া ইছলামিক ৰাষ্ট্ৰ (আফগানিস্তান,বাংলাদেশ আৰু পাকিস্তান)ত ধৰ্মীয় উৎপীড়নৰ বলি হৈ পলাই আহি ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূ্ৰ্বে ভাৰতবৰ্ষত আশ্ৰয় গ্ৰহণ কৰা ছটা অমুছলমান ধৰ্মৰ লোকসকল অৰ্থাৎ হিন্দু,শিখ,বৌদ্ধ,খ্ৰীষ্টান,জৈন আৰু পাৰ্চী লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰিছে। সচেতনভাৱে আৰু পৰিকল্পিতভাৱে মুছলমানসকলক যোগ্য সংখ্যালঘুৰ তালিকাৰ পৰা বাহিৰ কৰা হৈছে। দেশ আৰু ধৰ্মীয় সংখ্যালঘু নিৰ্দ্ধাৰণত ভাৰত চৰকাৰে গ্ৰহণ কৰা পন্থাটোৰ ফলত দেশৰ লগতে বিদেশতো সমালোচিত হৈছে। ভাৰতীয় সমাজৰ বিভিন্ন স্তৰৰ লোকে বিভিন্ন কাৰণত ‘কা’ৰ বিৰোধিতা কৰিছে । মূলসুঁতিৰ বিৰোধীসকলৰ সমালোচনাৰ কাৰণটো হ’ল যে সংশোধনী আইনখনে ভাৰতীয় সংবিধানৰ সমতাৰ ধাৰণাটো বা ১৪ নং অনুচ্ছেদ আৰু সংবিধানৰ ধৰ্ম নিৰপেক্ষতাৰ ধাৰণাটোক ভংগ কৰে। এই মত ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰৰ উচ্চায়ুক্তৰ ফালৰ পৰাও পোষণ কৰা হৈছে । উচ্চায়ুক্তৰ মুখপাত্ৰই এনেদৰে কয়,“এই আইনে ভাৰতীয় সংবিধানত থকা আইনৰ ওচৰত সকলোৰে প্ৰতি সমদৃষ্টিৰ ধাৰণাটোক নস্যাৎ কৰে।” নাগৰিকত্ব লাভৰ ক্ষেত্ৰত এই আইনখনে অসমতাৰ সৃষ্টি কৰিব বুলিও মুখপাত্ৰগৰাকীয়ে মত প্ৰকাশ কৰে। উত্তৰ-পূব ভাৰতত অব্যাহত থকা আন্দোলনটোৰ কাৰণ হ’ল শংকা। বৃহৎ সংখ্যক অনুপ্ৰৱেশকাৰী (অধিকাংশই চুবুৰীয়া বাংলাদেশৰ) যিসকলৰ বহুসংখ্যকেই বিশেষকৈ অসমত বৰ্তমানেও বসবাস কৰি আছে,তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰাৰ ফলত জনগাথনি আৰু ভাষিক পৰিৱৰ্তনৰ সূচনা কৰিব। যাৰ ফলত তেওঁলোকৰ পৰিচয় লোপ পাই স্বভূমিতে সংখ্যালঘু হৈ পৰিব। বৰ্তমানেও ভাৰতবৰ্ষত বসবাস কৰা দেশহীন মুছলমানসকলক নাগৰিকত্ব প্ৰদান কৰাৰ এই ব্যৱস্থাত অন্তৰ্ভুক্ত নকৰাৰ বাবে ভাৰতীয় মুছলমানসকল ক্ষোভিত হৈ পৰিছে । তেওঁলোকে আনকি চৰকাৰখনক মুছলমানবিৰোধী আৰু বিভাজনকামী বুলিও আখ্যা দিছে ।
অবৈধ বংলাদেশীক অনাৰ বিৰোধিতাৰে প্ৰতিবাদকাৰীৰ ৰাজপথ অৱৰোধ লগতে পঢ়কঃটিংখাঙত গ্ৰেপ্তাৰ লেঙেৰী আছুৰ উপদেষ্টা জয়প্ৰকাশ গগৈ
অমুছলমান সংখ্যালঘুসকলৰ ওপৰত ধৰ্মীয় অত্যাচাৰৰ বাবে ‘কা’য়ে পাকিস্তান,বাংলাদেশ আৰু আফগানিস্তানৰ নাম উল্লেখ কৰি দেশ তিনিখনক লজ্জাবোধ কৰাইছে। এই দেশ কেইখনত বিগত কিছু বছৰৰ পৰা সংখ্যালঘুৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাইছে । যাৰ ফলত আটাইকেইখন দেশ আৰু তেওঁলোকৰ সমৰ্থকসকলে আইনখন সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। পাকিস্তানক ৰাষ্ট্ৰীয় সংসদে তৎক্ষণাতে এক প্ৰস্তাৱ গ্ৰহণ কৰি ‘কা’ত থকা বিভেদকামী অংশসমূহ বাতিল কৰিবলৈ ভাৰতক আহ্বান জনায়। জেনেভাত আন্তঃৰাষ্ট্ৰীয় শৰণাৰ্থী ফৰাম সম্বোধন কৰি পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানে এক ভয়ংকৰ ভৱিষ্যদ্বাণী কৰিছিল। অনাগত দিনত সৰ্ববৃহৎ শৰণাৰ্থীৰ সমস্যা সৃষ্টি হ’ব বুলি কৈ ভাৰতক পুনৰবাৰ পাৰমাণৱিক যুদ্ধৰ সকীয়নি প্ৰদান কৰে।" এই শৰণাৰ্থী সমস্যাই সংঘাতৰ দিশে ধাৱমান কৰিব বুলি পাকিস্তানত আমি চিন্তিত হৈ পৰিছো। পাৰমাণৱিক অস্ত্ৰৰে শক্তিশালী দেশ দুখনৰ মাজত সংঘাত সৃষ্টি হ’ব পাৰে”,খানে এনেদৰে কয়।
কোনো কাৰণত অবৈধ হিন্দু বাংলাদেশীক মানি নলয় অসমে বাংলাদেশৰ বিদেশ আৰু গৃহমন্ত্ৰীৰ ভাৰত ভ্ৰমণ বাতিল কৰি দেশখনে প্ৰতিবাদ সাব্যস্ত কৰে । বাংলাদেশৰ গৃহমন্ত্ৰীগৰাকীৰ মতে এই নীতিয়ে ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰ দুৰ্বল কৰিব। তেওঁ বাংলাদেশত সংখ্যালঘুসকলৰ ওপৰত হোৱা উৎপীড়নৰ কথাটোও নস্যাৎ কৰে। নতুন দিল্লীস্থিত আফগান দূতাবাসে তেওঁলোকৰ দেশে শিখকে ধৰি সকলো সংখ্যালঘুক সন্মান প্ৰদান কৰে বুলি প্ৰকাশ কৰে।
আইনখন বলৱৎ হোৱাৰ পিচতে ৰাজ্যজুৰি বিক্ষোভ ৰাইজৰ লগতে চাওকঃজাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে ৰাজপথৰ আন্দোলনতকৈও অধিক প্ৰয়োজন গ্ৰন্থ আন্দোলনৰঃ শৰ্মিষ্ঠা প্ৰীতম
পূৰ্বতে অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰক লৈ ভাৰতক সমালোচনা কৰা মালয়েছিয়াৰ নেতা মাহাথিৰ মহম্মদেও আইনখনৰ প্ৰয়োজনীয়তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ।মুছলমানসকলৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱ পৰিব পৰা বিষয়সমূহত মাহাথিৰৰ ভাৰত বিৰোধী মন্তব্যক আন্তঃৰাষ্ট্ৰীয় ইছলামিক সমাজখনৰ নেতা হোৱাৰ তেওঁৰ বাসনাৰ দৃষ্টিৰে চাব লাগিব আৰু তেনেবোৰ মন্তব্যক একাষৰীয়াকৈ থ’ব লাগিব। পশ্চিমীয়া বিশ্বৰ স্বঘোষিত মানৱাধিকাৰী কৰ্মীসকল,ধৰ্মীয় স্বাধীনতা,সমতাৰ অধিকাৰৰ প্ৰবক্তাসকলে আইনখনক সমালোচনা কৰাৰ সুযোগ ত্যাগ কৰা নাই । উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা আয়োগে ‘কা’ক ভুল পথত এক বিপজ্জনক দিশ হিচাপে অভিহিত কৰিছে । ভাৰতে তাৎক্ষণিকভাৱে বিদেশত সৃষ্টি হোৱা মিছা ধাৰণাক সঠিকভাৱে নস্যাৎ কৰাৰ লগতে প্ৰত্যুত্তৰ দিছে।
ৰাজ্যত সামৰিক বাহিনীৰ ফ্লেগমাৰ্চ কৰাৰ এটা মূহুৰ্ত দেশৰ ভিতৰত চৰকাৰে স্পষ্টীকৰণ আৰু আশ্বাস প্ৰদানৰ জৰিয়তে সকলোৰে আৱেগ-অনুভূতিক মৰ্যাদা প্ৰদান কৰিছে। পাকিস্তানে এই বিষয়ত কি কয় সেই সন্দৰ্ভত ভাৰত চিন্তিত হোৱাৰ প্ৰয়োজন নাই । বৰ্তমান সময়ত দেশ দুখনৰ যি সম্পৰ্ক তাতকৈ অধিক বেয়া হ’ব নোৱাৰে । কিন্তু বাংলাদেশ আৰু আফগানিস্তানৰ সৈতে যাতে আন্তৰিক সম্পৰ্ক বিনষ্ট নহয় তাৰ বাবে দেশ দুখনৰ আৱেগ-অনুভূতিক প্ৰশমিত কৰাৰ উদ্দেশ্যে ভাৰতে সতৰ্কতাৰে কিছু প্ৰচেষ্টা গ্ৰহণ কৰিছে। অতীতত বাংলাদেশত সামৰিক শাসক আৰু আফগানিস্তানত তালিবানে অত্যাচাৰ কৰা বুলি কৈ বৰ্তমানৰ চৰকাৰক সংখ্যালঘু দৰদী বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছে। এই সংশোধনী আইনৰ ডাঙৰ কথাটো হ’ল যে ই দেশৰ ভিতৰতে বিতৰ্ক আৰু বিভেদৰ সূচনা কৰি বিদেশত ভাৰতৰ ধৰ্ম নিৰপেক্ষ হিচাপে থকা সুনামত আঘাত হানিছে । ইয়াৰ লগতে শাসকীয় বিজেপিৰ ভাৰতক হিন্দু সংখ্যাগৰিষ্ঠ দেশ তথা হিন্দু ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ এজেণ্ডাক প্ৰতিষ্ঠা কৰে। তদুপৰি দেশজুৰি এন আৰ চি আৰম্ভ কৰিলে চৰকাৰে সন্মুখীন হ’ব লগা বিৰোধিতাৰ প্ৰাবল্য কাকলৈ সৃষ্টি হোৱা অসন্তুষ্টিয়ে ইংগিত বহন কৰে ।
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ আৰু চাওকঃনাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ
মোৰ দৃষ্টিত এই বিতৰ্ক এৰাই চলিব পৰা গ’লহেঁতেন যদিহে ধৰ্মীয় সংখ্যালঘুসকলক পোনপটীয়াকৈ চিনাক্ত কৰা নহ’লহেতেন । ২০১৪ৰ ৩১ ডিচেম্বৰ বা তাৰ পূৰ্বে আফগানিস্তান,বাংলাদেশ আৰু পাকিস্তানত ধৰ্মৰ ভিত্তিত অত্যাচাৰৰ সন্মুখীন হৈ ভাৰতলৈ পলাই অহা ধৰ্মীয় সংখ্যালঘুসকলে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে বুলি সাধাৰণভাৱে উল্লেখ কৰিলে ইয়াৰ উদ্দেশ্য সাধন হ’লহেতেন । তেওঁলোকৰ আবেদনক বাতিল কৰাৰ অধিকাৰ থকাৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগতে সকলো দিশ চাইহে বিবেচনা কৰা হ’ব বুলি উল্লেখ কৰিব পাৰিলেহেতেন । মানুহৰ মৃত্যু নোহোৱাকৈ বা সা-সম্পত্তিৰ ক্ষয়-ক্ষতি নোহোৱাকৈ চৰকাৰে এনেদৰে উল্লেখ কৰিব পাৰিলেহেতেন । বিভিন্ন সংগঠনে উচ্চতম ন্যায়ালয়ত ‘কা’ক প্ৰত্যাহ্বান জনাই দাখিল কৰা গোচৰসমূহত সৰ্বোচ্চ ন্যায়ালয়ে কি সিদ্ধান্ত প্ৰদান কৰে আৰু দেশত কেনেদৰে শীঘ্ৰে স্বাভাৱিক জীৱন যাত্ৰা উভতি আহে সেয়াহে চাবলগীয়া বিষয় হিচাপে পৰিগণিত হৈছে ।
আচল মালহোত্ৰা, আই এফ এচ(অৱসৰপ্ৰাপ্ত)
লগতে চাওকঃচক্ৰধৰ গগৈক ক'লা পতাকা প্ৰদৰ্শন

Intro:Body:
Citizenship Amendment Act: Fall out at Home and Abroad
নাগৰিকত্ব সংশোধনী আইনঃ দেশে-বিদেশে বিতৰ্ক
আচল মালহোত্ৰা, আই এফ এচ(অৱসৰপ্ৰাপ্ত)
নাগৰিকত্ব সংশোধনী আইন ২০০৯-এ দেশৰ বিভিন্ন প্ৰান্তত তুমুল বিতৰ্ক আৰু হিংসাত্মক প্ৰতিবাদৰ সূচনা কৰিছে । এই আইনখনে সীমাৰ সিপাৰে ইছলামিক আৰু অনা ইছলামিক দেশসমূহৰ পৰাও সমালোচনা বা বিৰূপ মন্তব্য লাভ কৰিছে ।
নাগৰিকত্ব সংশোধনী আইনৰ মূল বিষয়বস্তু আৰু উদ্দেশ্য স্পষ্ট । এই আইনে তিনিখন চুবুৰীয়া ইছলামিক ৰাষ্ট্ৰ (আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তান)ত ধৰ্মীয় উৎপীড়নৰ বলি হৈ পলাই আহি ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূ্ৰ্বে ভাৰতবৰ্ষত আশ্ৰয় গ্ৰহণ কৰা ছটা অমুছলমান ধৰ্মৰ লোকসকল অৰ্থাৎ হিন্দু, শিখ, বৌদ্ধ, খ্ৰীষ্টান, জৈন আৰু পাৰ্চী লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰিছে । সচেতনভাৱে আৰু পৰিকল্পিতভাৱে মুছলমানসকলক যোগ্য সংখ্যালঘুৰ তালিকাৰ পৰা বাহিৰ কৰা হৈছে ।
দেশ আৰু ধৰ্মীয় সংখ্যালঘু নিৰ্দ্ধাৰণত ভাৰত চৰকাৰে গ্ৰহণ কৰা পন্থাটোৰ ফলত দেশৰ লগতে বিদেশতো সমালোচিত হৈছে । ভাৰতীয় সমাজৰ বিভিন্ন স্তৰৰ লোকে বিভিন্ন কাৰণত ‘কা’ ৰ বিৰোধিতা কৰিছে ।
মূলসুঁতিৰ বিৰোধীসকলৰ সমালোচনাৰ কাৰণটো হ’ল যে সংশোধনী আইনখনে ভাৰতীয়া সংবিধানৰ সমতাৰ ধাৰণাটো বা ১৪ নং অনুচ্ছেদ আৰু সংবিধানৰ ধৰ্ম নিৰপেক্ষতাৰ ধাৰণাটোক ভংগ কৰে । এই মত ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰৰ উচ্চায়ুক্তৰ ফালৰ পৰাও পোষণ কৰা হৈছে । উচাচায়ুক্তৰ মুখপাত্ৰই এনেদৰে কয়, “এই আইনে ভাৰতীয় সংবিধানত থকা আইনৰ ওচৰত সকলোৰে প্ৰতি সমদৃষ্টিৰ ধাৰণাটোক নস্যাৎ কৰে ।” নাগৰিকত্ব লাভৰ ক্ষেত্ৰত এই আইনখনে অসমতাৰ সৃষ্টি কৰিব বুলিও মুখপাত্ৰগৰাকীয়ে মত প্ৰকাশ কৰে ।
উত্তৰ-পূব ভাৰতত অব্যাহত থকা আন্দোলনটোৰ কাৰণ হ’ল শংকা । বৃহৎ সংখ্যক অনুপ্ৰৱেশকাৰী (অধিকাংশই চুবুৰীয়া বাংলাদেশৰ) যিসকলৰ বহুসংখ্যকেই বিশেষকৈ অসমত বৰ্তমানেও বসবাস কৰি আছে, তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰাৰ ফলত জনগাঁথনি আৰু ভাষিক পৰিৱৰ্তনৰ সূচনা কৰিব । যাৰ ফলত তেওঁলোকৰ পৰিচয় লোপ পাই স্বভূমিতে সংখ্যালঘু হৈ পৰিব ।
বৰ্তমানেও ভাৰতবৰ্ষত বসবাস কৰা দেশহীন মুছলমানসকলক নাগৰিকত্ব প্ৰদান কৰাৰ এই ব্যৱস্থাত অন্তৰ্ভুক্ত নকৰাৰ বাবে ভাৰতীয় মুছলমানসকল ক্ষোভিত হৈ পৰিছে । তেওঁলোকে আনকি চৰকাৰখনক মুছলমানবিৰোধী আৰু বিভাজনকামী বুলিও আখ্যা দিছে ।
অমুছলমান সংখ্যালঘুসকলৰ ওপৰত ধৰ্মীয় অত্যাচাৰৰ বাবে ‘কা’য়ে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ নাম উল্লেখ কৰি দেশ তিনিখনক লজ্জাবোধ কৰাইছে। এই দেশ কেইখনত বিগত কিছু বছৰৰ পৰা সংখ্যালঘুৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাইছে । যাৰ ফলত আটাইকেইখন দেশ আৰু তেওঁলোকৰ সমৰ্থকসকলে আইনখন সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।
পাকিস্তানক ৰাষ্ট্ৰীয় সংসদে তৎক্ষণাতে এক প্ৰস্তাৱ গ্ৰহণ কৰি ‘কা’ত থকা বিভেদকামী অংশসমূহ বাতিল কৰিবলৈ ভাৰতক আহ্বান জনায় । জেনেভাত আন্তঃৰাষ্ট্ৰীয় শৰণাৰ্থী ফৰাম সম্বোধন কৰি পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানে এক ভয়ংকৰ ভৱিষ্যদ্বাণী কৰিছিল । অনাগত দিনত সৰ্ববৃহৎ শৰণাৰ্থী সমস্যা সৃষ্টি হ’ব বুলি কৈ ভাৰতক পুনৰবাৰ পাৰমাণৱিক যুদ্ধৰ সকীয়নি প্ৰদান কৰে ।" এই শৰণাৰ্থী সমস্যাই সংঘাতৰ দিশে ধাৱমান কৰিব বুলি পাকিস্তানত আমি চিন্তিত হৈ পৰিছোঁ । পাৰমাণৱিক অস্ত্ৰৰে শক্তিশালী দেশ দুখনৰ মাজত সংঘাত সৃষ্টি হ’ব পাৰে”, খানে এনেদৰে কয় ।
বাংলাদেশৰ বিদেশ আৰু গৃহমন্ত্ৰীৰ ভাৰত ভ্ৰমণ বাতিল কৰি দেশখনে প্ৰতিবাদ সাব্যস্ত কৰে । বাংলাদেশৰ গৃহমন্ত্ৰীগৰাকীৰ মতে এই নীতিয়ে ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰ দুৰ্বল কৰিব । তেওঁ বাংলাদেশত সংখ্যআলঘুসকলৰ ওপৰত হোৱা উৎপীড়নৰ কথাটোও নস্যাৎ কৰে ।
নতুন দিল্লীস্থিত আফগান দূতাবাসে তেওঁলোকৰ দেশে শিওখকে ধৰি সকলো সংখ্যালঘুক সন্মান প্ৰদান কৰে বুলি প্ৰকাশ কৰে ।
পূৰ্বতে অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰক লৈ ভাৰতক সমালোচনা কৰা মালয়েছিয়াৰ নেতা মাহাথিৰ মহম্মদেও আইনখনৰ প্ৰয়োজনীয়তাকলৈ প্ৰশ্ন উত্থাপন কৰিছে । মুছলমানসকলৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱ পৰিব পৰা বিষয়সমূহত মাহাথিৰৰ ভাৰতবিৰোধী মন্তব্যক আন্তঃৰাষ্ট্ৰীয় ইছলামিক সমাজখনৰ নেতা হোৱাৰ তেওঁৰ বাসনাৰ দৃষ্টিৰে চাব লাগিব আৰু তেনেবোৰ মন্তব্যক একাষৰীয়াকৈ থ’ব লাগিব ।
পশ্চিমীয়া বিশ্বৰ স্বঘোষিত মানৱাধিকাৰী কৰ্মীসকল, ধৰ্মীয় স্বাধীনতা, সমতাৰ অধিকাৰৰ প্ৰবক্তাসকলে আইনখনক সমালোচনা কৰাৰ সুযোগ ত্যাগ কৰা নাই । উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰৰীয় ধৰ্মীয় স্বাধীনতা আয়োগে ‘কা’ক ভুল পথত এক বিপজ্জনক দিশ হিচাপে অভিহিত কৰিছে ।
ভাৰতে তাৎক্ষণিকভাৱে বিদেশত সৃষ্টি হোৱা মিছা ধাৰণাক সঠিকভাৱে নস্যাৎ কৰাৰ লগতে প্ৰত্যুত্তৰ দিছে । দেশৰ ভিতৰত চৰকাৰে স্পষ্টীকৰণ আৰু আশ্বাস প্ৰদানৰ জৰিয়তে সকলোৰে আৱেগ-অনুভূতিক মৰ্যাদা প্ৰদান কৰিছে ।
পাকিস্তানে এই বিষয়ত কি কয় সেই সন্দৰ্ভত ভাৰত চিন্তিত হোৱাৰ প্ৰয়োজন নাই । বৰ্তমান সময়ত দেশ দুখনৰ যি সম্পৰ্ক তাতকৈ অধিক বেয়া হ’ব নোৱাৰে ।
কিন্তু বাংলাদেশ আৰু আফগানিস্তানৰ সৈতে যাতে আন্তৰিক সম্পৰ্ক বিনষ্ট নহয় তাৰ বাবে দেশ দুখনৰ আৱেগ-অনুভূতিক প্ৰশমিত কৰাৰ উদ্দেশ্যে ভাৰতে সতৰ্কতাৰে কিছু প্ৰচেষ্টা গ্ৰহণ কৰিছে । অতীতত বাংলাদেশত সামৰিক শাসক আৰু আফগানিস্তানত তালিবানে অত্যাচাৰ কৰা বুলি কৈ বৰ্তমানৰ চৰকাৰক সংখ্যালঘু দৰদী বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছে ।
এই সংশোধনী আইনৰ ডাঙৰ কথাটো হ’ল যে ই দেশৰ ভিতৰতে বিতৰ্ক আৰু বিভেদৰ সূচনা কৰি বিদেশত ভাৰতৰ ধৰ্ম নিৰপেক্ষ হিচাপে থকা সুনামত আঘাত হানিছে । ইয়াৰ লগতে শাসকীয় বিজেপিৰ ভাৰতক হিন্দু সংখ্যাগৰিষ্ঠ দেশ তথা হিন্দু ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ এজেণ্ডাক প্ৰতিষ্ঠা কৰে । তদুপৰি দেশজুৰি এন আৰ চি আৰম্ভ কৰিলে চৰকাৰে সন্মুখীন হ’ব লগা বিৰোধিতাৰ প্ৰাবল্য কাকলৈ সৃষ্টি হোৱা অসন্তুষ্টিয়ে ইংগিত বহন কৰে ।
মোৰ দৃষ্টিত এই বিতৰ্ক এৰাই চলিব পৰা গ’লহেঁতেন যদিহে ধৰ্মীয় সংখ্যালঘুসকলক পোনপটীয়াকৈ চিনাক্ত কৰা নহ’লহেঁতেন । ২০১৪ ৰ ৩১ ডিচেম্বৰ বা তাৰ পূৰ্বে আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানত ধৰ্মৰ ভিত্তত অত্যাচাৰৰ সন্মুখীন হৈ ভাৰতলৈ পলাই অহা ধৰ্মীয় সংখ্যালঘুসকলে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে বুলি সাধাৰণভাৱে উল্লেখ কৰিলে ইয়াৰ উদ্দেশ্য সাধন হ’লহেঁতেন । তেওঁলোকৰ আবেদনক বাতিল কৰাৰ অধিকাৰ থকাৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগতে সকলো দিশ চাইহে বিবেচনা কৰা হ’ব বুলি উল্লেখ কৰিব পাৰিলেহেঁতেন । মানুহৰ মৃত্যু নোহোৱাকৈ বা সা-সম্পত্তিৰ ক্ষয়-ক্ষতি নোহোৱাকৈ চৰকাৰে এনেদৰে উল্লেখ কৰিব পাৰিলেহেঁতেন । বিভিন্ন সংগঠনে উচ্চতম ন্যায়ালয়ত ‘কা’ক প্ৰত্যাহ্বান জনাই দাখিল কৰা গোচৰসমূহত সৰ্বোচ্চ ন্যায়ালয়ে কি সিদ্ধান্ত প্ৰদান কৰে আৰু দেশত কেনেদৰে শীঘ্ৰে স্বাভাৱিক জীৱন যাত্ৰা উভতি আহে সেয়াহে চাবলগীয়া বিষয় হিচাপে পৰিগণিত হৈছে ।
Conclusion: