ETV Bharat / bharat

চিআইএছএফৰ ১৩ গৰাকী কোভিড-১৯ত আক্ৰান্ত

author img

By

Published : May 9, 2020, 9:18 PM IST

কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বল, চমুকৈ চিআইএছএফৰ ১৩ গৰাকী জোৱান কোভিড-১৯ত আক্ৰান্ত হৈছে । দিল্লী মেট্ৰ'ৰ সুৰক্ষাৰ দায়িত্বত আছিল এইসকল জোৱান । চিআইএছএফত এতিয়ালৈকে ৪৮ গৰাকী কৰ্মচাৰী কোভিড-১৯ত আক্ৰান্ত হৈছে ।

চিআইএছএফৰ ১৩ গৰাকী কোভিড-১৯ত আক্ৰান্ত
চিআইএছএফৰ ১৩ গৰাকী কোভিড-১৯ত আক্ৰান্ত

নিউজ ডেস্ক, ৯ মে' : শনিবাৰে কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বল চমুকৈ চিআইএছএফত ১৩ গৰাকী জোৱান কোভিড-১৯ত আক্ৰান্ত হয় । আক্ৰান্ত হোৱা জোৱানসকলৰ অধিকাংশই দিল্লী মেট্ৰ'ৰ সুৰক্ষাত নিয়োজিত আছিল ।

১.৬২ লাখ কৰ্মচাৰী থকা কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীটোত সৰ্বমুঠ ৪৮ গৰাকী কৰ্মচাৰী কোভিড-১৯ত আক্ৰান্ত হৈছে । ইতিমধ্যে বিগত দুদিনত দুগৰাকী জোৱানে মৃত্যুক সাৱতি লৈছে ।

আক্ৰান্ত হোৱাসকলৰ ভিতৰত ৩১গৰাকী দিল্লী মেট্ৰ'ৰ হোৱাৰ বিপৰীতে ১৩ গৰাকী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১৩ গৰাকী কোভিড-১৯ত আক্ৰান্ত হৈছিল ।

ইয়াৰ উপৰিও দিল্লী বিমানবন্দৰ (৩), আহমেদাবাদ বিমানবন্দৰ (২) কলকাতা জাহাজঘাট (৩) আৰু গ্ৰেটাৰ নয়দাস্থিত এটা ইউনিটত এগৰাকী এই ভাইৰাছৰ বলি হৈছে ।

দেশৰ কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীত এতিয়ালৈকে সৰ্বাধিক ৫৪০ গৰাকী পজিটিভ পোৱা গৈছে আৰু ৫গৰাকীয়ে মৃত্যুমুখত পৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ অধীনস্থ এইসমূহ বাহিনী হৈছে, চিআৰপিএফ, বিএছএফ, আইটিবিপি, চিআইএছএফ আৰু এছএছবি ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.