নিউজ ডেস্ক, 27 মে': দুই দুৰ্বৃত্তই মঙলবাৰে অতি নৃসংশভাৱে হত্যা কৰে কেন্দ্ৰীয় উদ্যোগীক সুৰক্ষা বাহিনী(CISF)ৰ এজন জোৱানক । জোৱান জন CISF ৰ উপ পৰিদৰ্শক ৰামবিৰ সিং বুলি জানিব পৰা গৈছে । উত্তৰ প্ৰদেশৰ কানপুৰ জিলাৰ পংকি-মিৰ্জাপুৰ পথত এই ঘটনা সংঘটিত হয় ।
হত্যাকাৰী দুজনে জোৱানজনৰ দেহটো এটা পুখুৰীত পেলাই দি তেওঁৰ গাড়ীখন লৈ উধাও হয় ঘটনাস্থলীৰ পৰা ।
এগৰাকী মহলাই ঘটনাটো দেখি আছিল আৰু তেওঁ আৰক্ষীক অৱগত কৰে । আৰক্ষীয়ে মহিলা গৰাকীৰ পৰা গাড়ীখনৰ তথ্য লাভ কৰে আৰু চহৰৰ পৰা 30 কিমি দূৰত গাড়ীখন উদ্ধাৰ কৰাৰ লগতে দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে ।
কি কাৰনত CISF ৰ উপ পৰিদৰ্শক গৰাকীত নৃসংশ ভাৱে হত্যা কৰিলে সেই সম্পৰ্কে এতিয়াও জানিব পৰা হোৱা নাই । আনহাতে হত্যাৰ বলি হোৱা CISFৰ উপ পৰিদৰ্শকজন মণিপুৰৰ বুলি জানিব পৰা গৈছে ।
দুয়োজন অভিযুক্তক আৰক্ষীয়ে নিজৰ জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে ।