ETV Bharat / bharat

বিজয় মালিয়াৰ প্ৰত্যাৰ্পন গোচৰৰ কালক্ৰম !

author img

By

Published : Apr 21, 2020, 5:16 PM IST

৯ হাজাৰ কোটি লৈ বিদেশলৈ পলায়ন কৰা কুখ্যাত ঠগ তথা অৰ্থনৈতিক অপৰাধী বিজয় মালিয়াৰ প্ৰত্যাৰ্পনৰ ঘটনাৰ কালক্ৰম । চাওঁক আমাৰ এই প্ৰতিবেদন ।

বিজয় মালিয়াৰ প্ৰত্যাৰ্পন গোচৰৰ কালক্ৰম !
বিজয় মালিয়াৰ প্ৰত্যাৰ্পন গোচৰৰ কালক্ৰম !

নিউজ ডেস্ক, ২১ এপ্ৰিলঃ সোমবাৰে বিজয় মালিয়াই তেওঁৰ ভাৰতলৈ প্ৰত্যাৰ্পন গোচৰৰ এটা অভিযোগত সংযুক্ত গণৰাজ্যৰ এখন আদালতত পৰাস্ত হয় । ইয়াৰ ফলতেই ভাৰতৰ ক্ষেত্ৰত এইগৰাকী অৰ্থনৈতিক অপৰাধী তথা ঠগ যিয়ে ৯০০০কোটি লৈ বিদেশলৈ পলায়ন কৰিছিল তেওঁক ওভোটাই অনাটো সহজ হৈ পৰে ।

বিজয় মালিয়াৰ প্ৰত্যাৰ্পন গোচৰৰ কালক্ৰমঃ

  • মে' ২০০৫: United Breweries Holdings Limitedৰ অধ্যক্ষ বিজয় মালিয়াৰ বিমান পৰিবহনকাৰী সংস্থা কিংফিছাৰ এয়াৰলাইনছে নিজৰ ব্যৱসায়িক যাত্ৰা আৰম্ভ কৰে ।
  • জুন ২০০৭: ধাৰত বুৰ গৈ থকা এয়াৰ ডেক্কান ক্ৰয় কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কিংফিছাৰ এয়াৰলাইনছৰ ।
  • ২০০৮: UBHLএ এয়াৰ ডেক্কানক ৫৫০ কোটি টকা প্ৰদান কৰে ।
  • মাৰ্চ ২০০৮: ইন্ধনৰ মূল্যবৃদ্ধিৰ ফলত কিংফিছাৰ এয়াৰলাইনছ ধাৰ হয়গৈ ৯৩৪ কোটি ।
  • ২০০৯: কিংফিছাৰৰ ধাৰ হয়গৈ ৭,০০০ কোটি ।
  • ২০১১: এয়াৰলাইনৰ লোকচান ইয়াৰ সৰ্বমুঠ আয়ৰ ৫০ শতাংশৰো অধিক বৃদ্ধি পায় ।
  • ২০১১: চাৰ্ভিচ টেক্স ডিপাৰ্টমেন্টৰ দ্বাৰা ৭০ কোটিৰ কৰ প্ৰদান নকৰাৰ ফলত ১১টা বেংক একাউন্ট বন্ধ কৰি দিয়া হয় ।
  • ২০১২: পৰিবহন সংস্থাৰ বাবে ৫,৯০৪ কোটিৰ ঋণত মালিয়াৰ গেৰান্টি প্ৰদান ।
  • ২০১৩: ভাৰতীয় ষ্টেট বেংকৰ নেতৃত্বত গঠিত ভাৰতীয় বেংকসমূহ এটা দলে United Breweries Holdings Ltdক কিংফিছাৰ এয়াৰলাইনছৰ নামত লোৱা ৬,৪৯৩ কোটিৰ ঋণ প্ৰদান কৰিবলৈ হেঁচা প্ৰদান কৰে ।
  • মাৰ্চ ২০১৩: কিংফিছাৰ এয়াৰলাইনছৰ বাৰ্ষিক আয় নিগেটিভ ১৩,০০০ কোটিলৈ অৱনমিত ।
  • ডিচেম্বৰ ২০১৪: United India Bankএ কিংফিছাৰ এয়াৰলাইনছৰ গেৰান্টৰ হিচাপে UBHLক ডিফল্টাৰ ঘোষণা কৰে ।
  • ফেব্ৰুৱাৰী ২০১৫: এছবিআইৰ নেতৃত্বত বেংকসমূহে ভিলে পাৰ্লিত থকা কিংফিছাৰ হাউচ অধিগ্ৰহণ কৰে ।
  • এপ্ৰিল ২০১৫: United Spirits Limitedএ মালিয়াক পূঁজিৰ অপব্যৱহাৰৰ অভিযোগত অধ্যক্ষ পদৰ পৰা অব্য়াহতি ল'বলৈ বাধ্য কৰায় ।
  • অক্টোৱৰ ২০১৫: IDBI Bankএ মালিয়াক প্ৰদান কৰা ৯৫০ কোটি ঋণৰ সংযোগত মালিয়াৰ কাৰ্যালয়ত CBIৰ অভিযান ।
  • ডিচেম্বৰ ২০১৫: বিজয় মালিয়াক CBIৰ সোধাপোছা আৰম্ভ ।
  • ফেব্ৰুৱাৰী ২০১৬: এছবিআইৰ নেতৃত্বত বেংকসমূহে DRTত গৈ মালিয়াৰ পাছপোৰ্ট বাজেয়াপ্ত কৰিবলৈ দাবী উত্থাপন ।
  • মাৰ্চ ২০১৬: ঋণ পৰিশোধ কৰিবলৈ বেংকসমূহৰ সৈতে বিজয় মালিয়াৰ আলোচনা ।
  • মাৰ্চ ২০১৬: ৯,০০০ কোটিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ লৈ লণ্ডনলৈ পলায়ন বিজয় মালিয়াৰ ।
  • ফেব্ৰুৱাৰী ২০১৭: সংযুক্ত গণৰাজ্যলৈ ভাৰতৰ প্ৰত্যাৰ্পনৰ অনুৰোধ প্ৰেৰণ ।
  • এপ্ৰিল ২০১৭: চেন্ট্ৰেল লণ্ডন পুলিছ ষ্টেচনত আত্মসমৰ্পনৰ পিচতেই মালিয়াক স্কটলেণ্ড য়াৰ্দত প্ৰত্যাৰ্পন গোচৰত আটক । ৬৫০,০০০ পাউণ্ডৰ জামিন আমানত প্ৰদান কৰাৰ পিচতে মালিয়াক মুকলি ।
  • ছেপ্টেম্বৰ ২০১৭: মালিয়াৰ অধিবক্তাই আদালতক জনোৱা ছগৰাকী বিশেষজ্ঞৰ প্ৰমাণ প্ৰদান কৰাৰ ঘোষণাৰ পিচতে আন এক কেছ মেনেজমেন্ট শুনানি অনুষ্ঠিত ।
  • অক্টোবৰ ২০১৭: ইডিৰ দ্বাৰা ৰুজু কৰা গোছৰত পুনৰ মালিয়াক ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ । কিন্তু চিবিআই আৰু ইডিয়ে প্ৰত্যাৰ্পন শুনানিক লৈ একত্ৰিত হোৱাৰ সময়তে পুনৰ জামিনত মুকলি মালিয়াক ।
  • নৱেম্বৰ ২০১৭: পূৰ্বৱৰ্তী ফ্ৰডৰ গোচৰৰ লগতে চাপ্লিমেন্টেল অভিযোগত ধন আত্মসাৎৰ বাবে এক আগতীয়া শুনানি ।
  • ডিচেম্বৰ ২০১৭: মালিয়াৰ প্ৰত্যাৰ্পনৰ শুনানি আৰম্ভ ।
  • ৭ ডিচেম্বৰ ২০১৭: মালিয়াৰ অধিবক্তাই ধাৰৰ ৮০ শতাংশ ধন প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিক এছবিআইৰ নেতৃত্বত ভাৰতীয় বেংকসমূহে নাকচ কৰে ।
  • ১৩ ডিচেম্বৰ ২০১৭: মুম্বাইস্থিত আৰ্থাৰ ৰোড জেইলত প্ৰত্যাৰ্পনৰ পিচত মালিয়াক ৰখা হ'ব বুলি সংবাদ শীৰ্ষ দখল, লণ্ডনস্থিত জেইল সেৱা বিশেষজ্ঞ ডাঃ এলান মিছেলৰ দাবীক অগ্ৰাহ্য ।
  • জানুৱাৰী ২০১৮: প্ৰমাণকৈ ন্য়ায়াধীশৰ সপক্ষে আৰু বিপক্ষে শুনানি আৰম্ভ ।
  • মাৰ্চ ২০১৮: ভাৰতীয় বেংকসমূহৰ দ্বাৰা নীতি উলংঘা হোৱা বুলি ন্যায়াধীশৰ "blindingly obvious" মন্তব্য প্ৰদান ।
  • ছেপ্টেম্বৰ ২০১৮: গোচৰৰ শুনানি সমাপ্তিৰ দিশে আগবঢ়াত মুম্বাইস্থিত আৰ্থাৰ ৰোড জেইলৰ এটা ভিডিঅ আদালত প্ৰদান কৰিবলৈ নিৰ্দেশনা ।
  • ডিচেম্বৰ ২০১৮: ৱেষ্টমিনষ্টাৰ দণ্ডাধীশৰ আদালতে মালিয়াৰ প্ৰত্যাৰ্পনৰ নিৰ্দেশ প্ৰদান কৰে । সংযুক্ত গনৰাজ্যৰ গৃহ সচিবক দুমাহৰ ভিতৰত মালিয়াৰ প্ৰত্যাৰ্পন চুক্তিত স্বাক্ষৰ কৰিবলৈ নিৰ্দেশনা । অৱশ্যে মালিয়াৰ অধিবক্তাক সংযুক্ত গনৰাজ্যৰ উচ্চ ন্যায়ালয়ত আবেদন প্ৰদান কৰিব পাৰিব বুলি উল্লেখ ।
  • ফেব্ৰুৱাৰী ২০১৯: সংযুক্ত গনৰাজ্যৰ গৃহ সচিব সাজিদ জাভিদে মালিয়াক ভাৰতলৈ প্ৰত্যাৰ্পন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে ।
  • জুলাই ২০১৯: লণ্ডনস্থিত The Royal Court of Justiceএ মালিয়াক ভাৰতত তেওঁৰ প্ৰত্য়াৰ্পন গোচৰৰ বিৰুদ্ধে আবেদন কৰিবলৈ নীতি প্ৰদান কৰে ।
  • ১১ ফেব্ৰুৱাৰী ২০২০: সুৰা সম্ৰাট বিজয় মালিয়াই লণ্ডনৰ Royal Courts of Justiceত তেওঁৰ প্ৰত্য়াৰ্পন গোচৰৰ বিৰুদ্ধে আবেদন দাখিল কৰে । আদালতত দণ্ডাধীশৰ নিৰ্দেশত বহুটো ভুল থকাৰ দোহাই দি এই আবেদন দাখিল ।
  • ১৩ ফেব্ৰুৱাৰী: মালিয়াই বেংকসমূহক হাতজোৰ কৰি তেওঁলোকৰ ১০০ শতাংশ মুলধন ঘুৰাই ল'বলৈ আহ্বান জনায় ।
  • ২০ এপ্ৰিল: ভাৰতলৈ প্ৰত্যাৰ্পন গোচৰৰ বিৰুদ্ধে মালিয়াই দাখিল কৰা আবেদন নাকচ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.