নিউজ ডেস্ক ,১০ জুনঃ এগৰাকী খ্ৰীষ্টান ধৰ্মীয় যুৱতীক অপহৰণ কৰে বন্দুক দেখুৱাই মুছলমান ধৰ্মীয়লোকে য়ুহনৱাদ এলেকাৰ পাকিস্তানৰ পাঞ্জাৱত সোমবাৰে । ঘটনা অনুসৰি যুৱতী গৰাকী অপেক্ষা কৰি আছিল উদ্যোগ এটাৰ কাষতে। তেতিয়াই দুই তিনিজন মানুহে আহি যুৱতী গৰাকীক অশালীন ব্যৱহাৰ কৰিবলৈ ধৰোতে যুৱতী গৰাকীৰ লগত থকা লগৰী কেইজনী পলাই যাবলৈ সক্ষম হয়।
টনভীৰ আৰিয়ান ৰাজনৈতিক নিৰাপত্তা বিশেষজ্ঞ জনৰ টুইটত হে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৪ জুনৰ দিনা যেতিয়া যুৱতী গৰাকীৰ মাতৃয়ে যুৱতী গৰাকীৰ নিৰুদ্দেশৰ কথা সদৰি কৰাৰ পিছত।
আনহাতে যুৱতী গৰাকীৰ পৰিয়ালটো অসহায় হৈ পৰিছে যি দৰে সংখ্যালঘুসকলৰ ওপৰত পাকিস্তানত বাৰে বাৰে নিৰ্যাতন আৰু হিংসাৰ বলি হৈ আহিব লগীয়াত পৰিছে । আৰক্ষী প্ৰশাসন আৰু ৰাজনৈতিক নেতাই কোনো গুৰুত্ব প্ৰদান নকৰে সংখ্যালঘু সকলৰ ওপৰত নিৰ্যাতন চলি থাকিলে বুলি অভিযােগ কৰি দুৰ্ভগীয়া যুৱতীৰ মাতৃ গৰাকীয়ে ।