ETV Bharat / bharat

প্ৰব্ৰজনকাৰী শ্ৰমিক সমস্যা : বিহাৰ চৰকাৰক সমালোচনা চিৰাগৰ !

author img

By

Published : May 12, 2020, 10:30 AM IST

বিহাৰ চৰকাৰক সমালোচনা LJP ৰ মুৰব্বৰী চিৰাগৰ পাছোৱানৰ ৷ বিহাৰ চৰকাৰ ছাত্ৰ আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকৰ সমস্যা সমাধান কৰিবলৈ অসমৰ্থ বুলি মন্তব্য চিৰাগৰ ৷

বিহাৰ চৰকাৰক সমালোচনা চিৰাগৰ
LJP ৰ মুৰব্বৰী চিৰাগৰ পাছৱান

নেশ্যনেল ডেস্ক, 12 মে' : সোমবাৰে বিহাৰৰ এন ডি এ চৰকাৰক সমালোচনা আগবঢ়াই লোক জনশক্তি পাৰ্টিয়ে (LJP) ৷ দেশৰ বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু ছাত্ৰসকলক উদ্ধাৰত পলম আৰু প্ৰয়োজনতকৈ কম ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ৰাজ্য চৰকাৰক সমালোচনা কৰে দলটোৱে ৷

LJP ৰ প্ৰতিস্থাপক সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছোৱানৰ পুত্ৰ তথা দলৰ মুৰব্বী চিৰাগ পাছোৱানে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰাৰ লগতে এক সাক্ষাৎকাৰত এই মন্তব্য কৰে ৷

চিৰাগ পাছোৱানে কয় যে, দলটোৱে গ্ৰহণ কৰা ব্যৱস্থাক লৈ আমি সন্তুষ্ট নহয় ৷ কোটাৰ পৰা বহু লোকক কঢ়িওৱা আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকক ৰাজ্যলৈ ওভতাই অনাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাক লৈ আমি অসন্তুষ্ট ৷

ৰাম বিলাস পাছোৱানেও ৰাজ্য চৰকাৰক সমালোচনা আগবঢ়াই কৈছিল যে, ৰেচন কাৰ্ড নথকা প্ৰায় 1 মিলিয়ন লোকৰ তথ্য প্ৰদান কৰিবলৈ বিহাৰ চৰকাৰ অসমৰ্থ হৈছিল ৷ জামুই সমষ্টিৰ সাংসদ চিৰাগে মন্তব্য কৰিছিল যে, লক্ ডাউনৰ ফলত ৰাজস্থানৰ কোটাত আৱদ্ধ হৈ থকা ছাত্ৰসকলক উদ্ধাৰৰ বাবে বহু অনুৰোধ জনোৱাৰ অন্তত নীতিশ কুমাৰ সন্মত হৈছিল ৷

চৰকাৰে ছাত্ৰ আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সেয়া যথেষ্ট নহয় ৷ প্ৰত্যাৱৰ্তনৰ বাবে শ্ৰমিকসকলে ভৰ্তি কৰিব লগা অনলাইন ফৰ্ম সম্পৰ্কতো চিৰাগে সমালোচনা জনাই কয় যে, ইয়াৰ বাবে তেওঁলোকৰ অধ্যয়নৰ অভাৱ হ'বও পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.