ETV Bharat / bharat

চীনেই সৃষ্টি কৰিছিল ক'ৰণা ভাইৰাছঃ চীনা বিজ্ঞানীৰ দাবী - ক'ভিড-19

এগৰাকী চীনা বিজ্ঞানীৰ চাঞ্চল্যকৰ দাবী, চীনেই সৃষ্টি কৰিছিল ক'ৰণা ভাইৰাছ ৷ চীনৰ বিজ্ঞানী ডঃ লি মেঙ য়ানৰ দাবী চীনা চৰকাৰ নিয়ন্ত্ৰিত য়ুহানস্থিত এক পৰীক্ষাগাৰত সৃষ্টি কৰা হৈছিল ক'ৰণা ভাইৰাছ ৷ সমগ্ৰ প্ৰক্ৰিয়াটো পোহৰলৈ নানিবৰ বাবে তেওঁক আনকি ভাবুকিও প্ৰদান কৰা হৈছে ৷ অতি সোনকালেই সমগ্ৰ তদন্তৰ প্ৰতিবেদন বিশ্ববাসীৰ সন্মুখলৈ আগবঢ়াই দিব বুলি সদৰি কৰিছে চীনা বিজ্ঞানী গৰাকীয়ে ৷

চীনৰ বিজ্ঞানী ডঃ লি মেঙ য়ানৰ দাবী য়ুহানস্থিত এক চৰকাৰী পৰীক্ষাগাৰত সৃষ্টি কৰা হৈছিল ক'ৰণা ভাইৰাছ

author img

By

Published : Sep 15, 2020, 2:13 PM IST

নেশ্যনেল ডেস্ক, 15 ছেপ্তেম্বৰ: চীনেই সৃষ্টি কৰিছিল ক'ৰণা ভাইৰাছ ! এই চাঞ্চল্যকৰ অভিযোগ এগৰাকী চীনা বিজ্ঞানীৰ ৷ সমগ্ৰ বিশ্বৰ স্বাভাৱিক জীৱনযাত্ৰাক দীৰ্ঘকালৰ বাবে স্তব্ধ কৰি তোলা ক'ৰণা ভাইৰাছৰ উৎপত্তিক লৈ এগৰাকী চীনা ভাইৰাছবিদে পোহৰলৈ আনিছে এই ভয়ংকৰ সত্য ৷ চীন দেশৰে এগৰাকী বিজ্ঞানীৰ দাবী যে, ক'ৰণা ভাইৰাছক আচলতে সৃষ্টিহে কৰা হৈছিল ৷ নিজৰ দাবীক সঁচা প্ৰমানিত কৰি বিজ্ঞানী গৰাকীয়ে আনকি তথ্যভিত্তিক কেতবোৰ বৈজ্ঞানিক প্ৰমাণো দাঙি ধৰিছে ৷ তেওঁ দাবী কৰিছে যে, মাৰাত্মক ভাইৰাছবিধক ভাইৰাছবিধৰ অভিকেন্দ্ৰ চীনৰ য়ুহান চহৰৰ এটা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত পৰীক্ষাগাৰত সৃষ্টি কৰা হৈছিল ৷

'লুজ ওমেন' শীৰ্ষক এটা ব্ৰিটিছ টক শ্ব' ৰে হোৱা এক বিশেষ বাৰ্তালাপত বিজ্ঞানী ডঃ লি মেঙ য়ানে সদৰি কৰে যে, য়ুহান চহৰত 'নতুন নিউমনিয়া' বিধৰ ওপৰত এক তদন্ত কৰিবৰ কাৰনে তেওঁক দায়িত্ব দিয়া হৈছিল ৷ তেওঁ কয় যে, তদন্তকালিন সময়ত তেওঁ ক'ৰণা ভাইৰাছৰ সমগ্ৰ প্ৰক্ৰিয়াটো পোহৰলৈ আনিছে ৷ ডঃ লি মেঙে কয় যে, চীনত উদ্ভাৱিত এই নতুন নিউমনীয়া বিধৰ ওপৰত ডিচেম্বৰ আৰু জানুৱাৰী মাহত দুটাকৈ গৱেষণা চলাইছিল ৷ তেওঁ লগতে কয় যে, নিজৰ গৱেষণাৰ প্ৰতিবেদন বিশ্ব স্বাস্থ্য সংস্থাত কৰ্মৰত পৰ্যৱেশক গৰাকীৰ সন্মুখত প্ৰদৰ্শন কৰিবলৈ তেওঁ সিদ্ধান্ত লৈছিল যদিও তেওঁক নিৰৱে থাকিবলৈ ভাবুকি দিয়া হ'ল ৷

ভাইৰাছবিদ গৰাকীয়ে দাবী কৰে যে, তেওঁৰ পৰ্যৱেশক গৰাকীৰ লগতে বিশ্ব স্বাস্থ্য সংস্থাৰ ফালৰ পৰাও তেওঁ কোনো আগ্ৰহ নেদেখাৰ পৰিপ্ৰেক্ষিতত এজন বিখ্যাত চীনা ইউটিউবাৰক তেওঁ সম্পৰ্ক কৰে ৷ তাৰ পাছতে চীনা ভাষাত ভাইৰাছবিধৰ আঁৰৰ ৰহস্য অনাবৃত কৰি বহু কথা পোহৰলৈ আহে ৷ এক আশ্চৰ্যকৰ মন্তব্য কৰি তেওঁ দাবী কৰিছিল যে, এই ভাইৰাছ প্ৰকৃতিৰ পৰা নহয় বৰঞ্চ য়ুহানস্থিত চীনা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত পৰীক্ষাগাৰতহে ইয়াৰ উৎপত্তি ঘটোৱা হৈছিল ৷ চীন মিলিটেৰী ইন্সটিটিউচনে আৱিস্কাৰ কৰা চি চি-45 আৰু জে ড এক্স চি-41 নামৰ দুবিধ ক'ৰণা ভাইৰাছ বিশ্বত্ৰাস ক'ভিড-19ৰ ভিত্তি বুলিও বিজ্ঞানী গৰাকীয়ে দাবী কৰে ৷ তেওঁ কৰা দাবীৰ বৈজ্ঞানিক ভিত্তিৰ ওপৰত কৰা প্ৰশ্নত ভাইৰাছবিদ গৰাকীয়ে কয় যে, চাইনীজ চেন্চাৰ ফৰ দিজিচ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যন, স্থানীয় চিকিৎসক তথা চীনৰ অন্য লোকৰ তথ্য তেওঁৰ হাতত মজুত আছে ৷

তেওঁ ইয়াকো সদৰি কৰে যে, বিশ্বৰ ভিন্ন প্ৰান্তৰ বিজ্ঞানীসকলৰ এটা সৰু গোটৰ সৈতে তেওঁ এটা বৈজ্ঞানিক প্ৰতিবেদন প্ৰস্তুত কৰাৰ কাম কৰি আছে আৰু অতি সোনকালেই ইয়াক প্ৰকাশ কৰা হ'ব ৷ তেওঁ এইবুলিও উল্লেখ কৰে যে, যিমান সোনকালে সম্ভৱ হয় তেওঁ এই বাৰ্তা বিশ্ববাসীৰ ওচৰলৈ যোৱাটো বিচাৰে ৷

লি মেঙে কয়, "সেই সময়খিনি যথেষ্ঠ ভয়ংকৰ আছিল ৷ যিহেতু মই এগৰাকী চিকিৎসক সেয়ে বিশ্ববাসীৰ আগত মই সঁচা খিনি দাঙি ধৰিব লাগিব ৷ নিউইয়ৰ্কত থকা এটা সংস্থাই মোক হংকঙৰ পৰা গোপনে উলাই অহাত সহায় কৰিলে ৷ ভাইৰাছবিধৰ উৎপত্তিৰ বিষয়ে আমি জনাটো অতি প্ৰয়োজনীয় অন্যথা আমাৰ সকলোৰে বাবে ই অত্যন্ত প্ৰাণঘাটী প্ৰমাণিত হ'ব ৷" তেওঁৰ অপ্ৰকাশিত বৈজ্ঞানিক প্ৰতিবেদনটোক লৈ তেওঁ কয় যে জীৱবিজ্ঞানৰ ওপৰত কোনো জ্ঞান নথকা লোক এজনেও ইয়াক বুজিব পাৰিব ৷

লগতে পঢ়ক: চীনৰ চোৰাংচোৱা সংস্থাৰ নজৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা শচীন তেণ্ডুলকাৰলৈকে বহুকেইজন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.