নিউজ ডেস্ক, ১৭ মে': পুনৰ ভাৰতৰ সীমান্তৰ আশে-পাশে দেখা পোৱা গ'ল চীনৰ সামৰিক হেলিকপ্টাৰ । এইবাৰ হিমাচল প্ৰদেশৰ লাহৌল স্পিটি জিলাৰ ছুডো এলেকাত প্ৰত্যক্ষ কৰা হয় চীনৰ হেলিকপ্টাৰ । জানিব পৰা মতে, ভাৰতীয় সীমান্তৰ ১২ কিল'মিটাৰৰ ভিতৰত প্ৰৱেশ কৰিছিল চীনৰ সামৰিক হেলিকপ্টাৰখন ।
হিমাচল প্ৰদেশ আৰক্ষীয়ে ততাতৈয়াকৈ ভাৰতীয় সেনাৰ চোৰাংচোৱা, ইন্টেলিজেঞ্চ ব্যুৰো (IB) আৰু ইণ্ডো-তিব্বতিয়ান সীমান্ত আৰক্ষীক সতৰ্কমূলক জাননী প্ৰেৰণ কৰে । ৰাজ্যিক আৰক্ষীৰ পৰা জনোৱা মতে, অতি নিম্ন উচ্চতাত উৰা মাৰিছিল হেলিকপ্টাৰখনে । ইয়াৰ লগতে বিগত এক-ডেৰ মাহত এই অঞ্চলত দ্বিতীয়বাৰৰ বাবে অনুৰূপ ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ দিয়ে ।
উল্লেখ্য যে, কিছুদিন পূৰ্বে লাডাখ সীমান্তত শেহতীয়াকৈ চীনৰ হেলিকপ্টাৰ প্ৰত্যক্ষ কৰা হৈছিল । যাৰ পাচত ভাৰতীয় বায়ু সেনাই যুঁজাৰু বিমান সষ্টম কৰি তুলিছিল অঞ্চলটোত । পাংগং হ্ৰদৰ কাষত প্ৰায় ২৫০ গৰাকী চীন আৰু ভাৰতীয় সৈনিকৰ মাজত সংঘটিত হোৱা হতাহতিৰ ঘটনাৰ পাচতেই সঘনাই ভাৰতীয় সীমান্তৰ আশে-পাশে প্ৰত্যক্ষ কৰা হৈছে চীনৰ হেলিকপ্টাৰ ।