নিউজ ডেস্ক, 12 জুলাইঃ বিভিন্ন বিতৰ্কিত নীতিৰ বাবে চীন দেশে বিভিন্ন ক্ষেত্ৰত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে । হংকঙত ব্যাপক হাৰত মানৱাধিকাৰ ভংগ, তিব্বত আৰু চিনজিয়াঙৰ ইছ্যু, দক্ষিণ চীন সাগৰত সম্প্ৰসাৰণবাদী কূট কৌশল, কেইবাখনো দেশৰ সৈতে বাণিজ্যিক সংঘাত, কৰ’না ভাইৰাছ সংক্ৰমণ সম্পৰ্কে তথ্য প্ৰচাৰৰ ক্ষেত্ৰত খেলিমেলি, বৰ্ডাৰ ৰোড ইনিচিয়েটিভ, ভাৰতৰ সীমাত দখলৰ চেষ্টা, নেপালৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপৰ লগতে ঋণ প্ৰদানৰ কূটনীতিৰ বাবে চীন আন বহু ৰাষ্ট্ৰৰ পৰা একাষৰীয়া হৈ পৰিছে ।
ঋণ প্ৰদানৰ কূটনীতি বা ইংৰাজীত “Debt Trap Diplomacy” বাক্যাংশ ২০১০ ৰ দশকৰ প্ৰথমছোৱাত বিশ্বৰ আগশাৰীৰ লেখক তথা বিশ্লেষক ব্ৰহ্মা চেলানীয়ে পোন প্ৰথমে ব্যৱহাৰ কৰিছিল । আফ্ৰিকাৰ দেশসমূহক উন্নয়নমূলক প্ৰকল্পৰ বাবে চীনৰ ঋণ প্ৰদানৰ নীতিৰ ক্ষেত্ৰত প্ৰথমতে ইয়াক ব্যৱহাৰ কৰা হৈছিল যদিও বৰ্তমান সমগ্ৰ পৃথিৱীতে চীনৰ ঋণক বুজাবলৈ এই বাক্যাংশ ব্যৱহাৰ কৰা হয় । ইয়াৰ দ্বাৰা চীনৰ ঋণ প্ৰদানৰ ধৰণ আৰু চৰ্তসমূহ বুজোৱা হয় ।এনেদৰে ঋণ প্ৰদান কৰি ঋণ লওঁতা দেশসমূহত চীনে গুৰুত্বপূৰ্ণ অংশত দখল দিয়ে আৰু নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে সেইসমূহ দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰে । কিদৰে এই নীতি প্ৰয়োগ কৰা হয়? সাধাৰণতে চীনে তাৎক্ষণিকভাৱে নিম্ন উপাৰ্জনৰ উন্নয়নশীল দেশসমূহক উন্নয়নমূলক প্ৰকল্পৰ বাবে ঋণ প্ৰদান কৰে । ইংৰাজীত এইসমূহ দেশক কোৱা হয় কোৱা হয় ল’ ইনকাম ডেভলপিং কান্ট্ৰী বা চমুকৈ এল আই ডি চি । এই দেশসমূহে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সংস্থাসমূহৰ প্ৰকল্প ৰূপায়ণ, পুনৰ আদায় আৰু ৰূপায়ণৰ স্বচ্ছতাৰ ক্ষেত্ৰত কঠোৰ নীতি-নিৰ্দেশনা থকাৰ বাবে সহজে ঋণ লাভ নকৰে । যাৰ ফলত এইসমূহ দেশে বিদেশী কোম্পানীসমূহৰ পৰা পুঁজি আদায়ৰ চেষ্টা কৰে । তেনে ক্ষেত্ৰতেই চীনা কোম্পানীসমূহে প্ৰৱেশ কৰে ।
উৎপাদন আৰু ৰপ্তানিকেন্দ্ৰিক চীনা কোম্পানীসমূহৰ সহায়ত চীনৰ চৰকাৰ, বেংক আৰু ব্যক্তিগত খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে এই উন্নয়নমূলক প্ৰকল্পত কাম কৰা কোম্পানীসমূহক ছয় শতাংশ সুতলৈকে ঋণ প্ৰদান কৰে । আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি, বিশ্ববেংক আদি আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ এনে সুতৰ পৰিমাণ তিনি-চাৰি শতাংশ । ইয়াৰ পৰাই আছল খেলখনৰ আৰম্ভণি হয় । ঋণ প্ৰদানকাৰী চীনা কোম্পানী, বেংক বা ব্যক্তিগত বিত্তীয় সংস্থাবোৰে আগধন হিচাপে ঋণ লোঁতা দেশসমূহৰ পৰা ভূমি, খননৰ অনুমতি, হাইড্ৰকাৰ্বন বা বাণিজ্যৰ ক্ষেত্ৰত প্ৰাধান্য দাবী কৰে । এই দাবী দেশভেদে ভিন ভিন হয় । এই ঋণ দান কৰা চীনা কোম্পানীসমূহে প্ৰকল্পৰ খৰচ হিচাপে অত্যধিক ধনৰ পৰিমাণ উল্লেখ কৰে । যিহেতু এইবোৰ কোম্পানীয়ে ধনৰ লগতে সংশ্লিষ্ট দেশৰ নেতাসকলক তৈলমৰ্দন কৰি থাকে সেয়ে কোম্পানীবোৰে ব্যৱসায়িক লেনদেনৰ স্বচ্ছতা অবিহনে কাম আদায় কৰে । ধনৰ লগতে চীনা কোম্পানীসমূহৰ সৈতে হোৱা চুক্তিত চীনা সা-সামগ্ৰীৰ ব্যৱহাৰ, চীনা প্ৰকল্প পৰিচালনা ব্যৱস্থা আৰু বহু সময়ত চীনা কৰ্মচাৰী নিয়োগৰ চৰ্তও সন্নিবিষ্ট থাকে । এনেদৰে প্ৰকল্পৰ খৰচৰ এক বৃহৎ অংশ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ হাতত যায় । যদি ঋণ লওঁতা দেশখনে কিস্তি সময়সমতে পৰিশোধ কৰাত ব্যৰ্থ হয় তেতিয়া নিৰাপত্তা হিচাপে চুক্তিবদ্ধ সম্পদবোৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ হাতত যায় । এই সমস্ত প্ৰক্ৰিয়াৰ লগত ভাৰতৰ গাঁওসমূহত থকা সুদখোৰ মহাজনৰ সাদৃশ্য আছে । কিছুসংখ্যক বিশ্লেষকৰ মতে চীন সহজতে এনেধৰণৰ সন্দেহজনক চুক্তিৰ লগত জড়িত নাথাকে । কিন্তু ঠিকাবোৰৰ বক্ৰ প্ৰকৃতি, খৰচৰ পৰিমাণৰ সঘন বৃদ্ধি, ঠিকাদাৰে মাজতে কাম বন্ধ কৰাৰ ঘটনা, আগধনৰ ৰূপত দিয়া সম্পদৰ দখল আদিয়ে চীনৰ উদ্দেশ্য সম্পৰ্কে প্ৰশ্নৰ অৱতাৰণা কৰে ।
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এক অধ্যয়ন মতে চীনে বৰ্তমানলৈকে ১৫২ খন দেশক প্ৰায় ১.৫ ট্ৰিলিয়ন ডলাৰৰ ঋণ প্ৰদান কৰিছে । এই ধনৰ পৰিমাণ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন বা জিডিপিৰ সমান । কিন্তু কিয়েল ইনষ্টিটিউট অৱ্ ৱৰ্ল্ড ইকনমীৰ মতে চীনে উন্নত দেশৰ পৰা গ্ৰহণ কৰা পৰ্টফলিঅ’ ঋণ আৰু বিভিন্ন দেশক দিয়া বাণিজ্যিক ঋণক যদি আমি যোগ কৰোঁ এই সংখ্যা হ’ব প্ৰায় ৫ ট্ৰিলিয়ন ডলাৰ অৰ্থাৎ বিশ্ব অৰ্থনীতিৰ ৬ শতাংশ । এই ঋণসমূহ চীনৰ বহুল চৰ্চিত বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ চমুকৈ বি আৰ আই বা ব্যক্তিগত পৰ্যায়ৰ অন্তৰ্ভুক্ত । এই ঋণৰ জালৰ প্ৰমাণ বৰ্তমান বাৰখন দেশত পোৱা গৈছে । এই দেশসমূহৰ ওপৰত চীনৰ ঋণৰ বোজা তেওঁলোকৰ জিডিপিৰ ২০ শতাংশতকৈ অধিক । দেশসমূহ হৈছে—জিবউটি, টংগা, কংগো, কিৰগিস্তান, নাইগাৰ, লাওছ, জাম্বিয়া, ছামোৱা, মংগোলিয়া আৰু ভানাউটু । এনে হেঁচাৰ ফলতে জিবউটিয়ে চীনক প্ৰথমবাৰৰ বাবে চীনৰ ভূখণ্ডৰ বাহিৰত সামৰিক ঘাটি স্থাপনৰ অনুমতি দিবলৈ বাধ্য হয় । ইয়াৰ লগতে শ্ৰীলংকাই চীনৰ ঋণেৰে নিৰ্মাণ কৰা হাম্বানচচা বন্দৰটো চীনক ৯৯ বছৰৰ বাবে লীজত দিবলৈ বাধ্য হয় । কিয়নো প্ৰায় ১ বিলিয়ন আমেৰিকান ডলাৰৰ ঋণৰ কিস্তি শ্ৰীলংকাই পৰিশোধ কৰিব পৰা নাছিল ।
তেলৰ ক্ষেত্ৰত চহকী আংগোলাই ৪৩ বিলিয়ন ডলাৰ মূল্যবৰ তেল চীনক পৰিশোধ কৰি আহিছে । আংগোলাৰ ৰাজধানী লুৱাণ্ডাৰ সমীপত চীনে এখন সম্পূৰ্ণ নতুন চহৰ নিৰ্মাণ কৰিছে । কিন্তু তাত এজনো জনপ্ৰাণীয়ে বাস নকৰে । ঋণ পৰিশোধ কৰিব নোৱৰাৰ ভয়ত তানজানিয়া, মালয়েছিয়া আনকি পাকিস্তানেও কিছুসংখ্যক প্ৰকল্প আধাতে বন্ধ ৰাখিব লগাও হৈছে । মালয়েছিয়াৰ এটা প্ৰকল্পৰ ব্যয়ৰ ৯০ শতাংশ ঋণৰ পৰা আহৰণ কৰা হৈছিল যদিও ১৫ শতাংশ কামো সম্পূৰ্ণ কৰা হোৱা নাই । ইয়াৰ ফলত মাহাথিৰ মহম্মদৰ চৰকাৰখনে প্ৰকল্পটো বাতিল কৰিবলৈ বাধ্য হৈ পৰে । পাকিস্তানত প্ৰথমাৱস্থাত চি পি ই চি প্ৰকল্পৰ খৰচৰ পৰিমাণ ৩৬ বিলিয়ন আমেৰিকান ডলাৰ দেখুওৱা হৈছিল যদিও পাছত ৬৪ বিলিয়ন হৈ পৰে আৰু এই সংখ্যা ৮০ বিলিয়নো হ’ব পাৰে । চীনা কোম্পানীসমূহে এই প্ৰকল্পৰ বাবে ২.৫ বিলিয়ন ডলাৰৰ উৎকোচ দিয়া বুলিও অভিযোগ উত্থাপিত হয় । আমাৰ চুবুৰীয়া দেশ নেপালে যদি ঋণৰ বাবে চীনৰ সৈতে ৰোমাঞ্চ কৰা বন্ধ নকৰে তেন্তে
দেশখনে শীঘ্ৰে ৮ বিলিয়ন ডলাৰৰ ঋণৰ বোজা মূৰত ল’ব লাগিব । এই নিশ্চিত চক্ৰান্তৰ লক্ষণ এতিয়াই দেখা পোৱা গৈছে । বহু ধৰুৱা দেশে জালখনৰ কথা উপলব্ধি কৰি ভৱিষ্যতৰ বাবে ঋণৰ ক্ষেত্ৰত বিকল্পৰ সন্ধান আৰম্ভ কৰিছে ।
চীনৰ এই কুচক্ৰান্তৰ মাজত ভাৰতৰ স্থিতি কি? আনাৰ অনুদান, ঋণ আৰু সহায়ৰ জৰিয়তে বিভিন্ন উন্নয়নশীল দেশত আমাৰ উপস্থিতি বৰ্তাই ৰাখিছোঁ । চীনৰ ঋণৰ গতি আৰু পৰিমাণৰ লগত যদিও আমাৰ তুলনা নহয়, নিশ্চিতভাৱে এই দেশসমূহৰ সৈতে চীনে ভাবিব নোৱৰাকৈ আমাৰ সদ্ভাৱ আছে । চীনৰ দৰে ভাৰতৰ অৰ্থনীতিও কৰ’না মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে যদিও চীনৰ বিৰুদ্ধে ক্ৰমবৰ্ধমান অসন্তুষ্টিক আমি সুযোগ হিচাপে গ্ৰহণ কৰিব পাৰোঁ । আমি উদাৰভাৱে বিচৰা কিছু দেশক ঋণ প্ৰদান কৰিব পাৰোঁ । ইয়াৰ ফলত দীৰ্ঘকালীনভাৱে আমাৰ সুসম্পৰ্ক স্থাপনত সহায় হ’ব ।