ETV Bharat / bharat

নিজস্ব পৰিকল্পনাত চীন, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বৃদ্ধি সামৰিক সহযোগিতা !

author img

By

Published : Jun 4, 2020, 11:30 PM IST

ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দুখন আগশাৰীৰ দেশ হিচাপে ভাৰত আৰু অষ্ট্ৰেলিয়াই মুক্ত, সাৰ্বজনীন আৰু শৃংখলিত এক অঞ্চলৰ প্ৰতি আগ্ৰহী । এই অঞ্চলত সামুদ্ৰিক আৰু আকাশী পথ ব্যৱহাৰৰ স্বাধীনতাৰ লগতে চলাচল আৰু যোগাযোগৰ বাবে মুক্ত, নিৰাপদ আৰু ফলপ্ৰসূ সামুদ্ৰিক পথৰ পোষকতা কৰে ।

India-Australia Add Muscle To Defence Cooperation

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত জলপৃষ্ঠত উমৈহতীয়া দৃষ্টিভংগী আৰু পাৰস্পৰিক সহযোগিতা বৃদ্ধিয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত গুৰুত্ব বহন কৰিছে । বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্কট মৰিছনৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন ভাৰ্চুৱেল সন্মিলনৰ পাছত এক যুটীয়া বিবৃতি প্ৰকাশ কৰা হয় । এই বিবৃতিত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, নিৰাপত্তা, সুস্থিৰতা আৰু প্ৰগতি সুনিশ্চিত কৰাৰ বিষয়ে উল্লেখ কৰা হয় ।

এই ভিজন ডকুমেণ্টত এনেদৰে উল্লেখ কৰা হৈছে “ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দুখন আগশাৰীৰ দেশ হিচাপে ভাৰত আৰু অষ্ট্ৰেলিয়াই মুক্ত, সাৰ্বজনীন আৰু শৃংখলিত এক অঞ্চলৰ প্ৰতি আগ্ৰহী । এই অঞ্চলত সামুদ্ৰিক আৰু আকাশী পথ ব্যৱহাৰৰ স্বাধীনতাৰ লগতে চলাচল আৰু যোগাযোগৰ বাবে মুক্ত, নিৰাপদ আৰু ফলপ্ৰসূ সামুদ্ৰিক পথৰ পোষকতা কৰে ।”

তাৎপৰ্যপূৰ্ণভাৱে দক্ষিণ চীন সাগৰত চীনৰ আগ্ৰাসন আৰু ভাৰত মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ আধিপত্য বিস্তাৰৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু অষ্ট্ৰেলিয়াই সহযোগিতা গভীৰ কৰাৰ বাবে বুজাবুজিত উপনীত হ’বলৈ সক্ষম হয় । বিগত ছবছৰত নতুন দিল্লী আৰু কেনবেৰাই ‘AUSINDEX’ ৰ লগতে বহু গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক সামৰিক আৰু নৌসেনাৰ অনুশীলন সম্পাদন কৰিবলৈ সক্ষম হৈছে ।

এই বন্ধুত্বৰ বুজাবুজি সম্পাদন হোৱাৰ পাচত প্ৰকাশ কৰা এক যুটীয়া বিবৃতিত এনেদৰে উল্লেখ কৰা হৈছে— “Mutual Logistics Support (MLSA) ৰ জৰিয়তে দুয়োটা পক্ষই সামৰিক কাৰ্যকলাপত সহযোগিতা বৃদ্ধিৰ বাবে সন্মতি প্ৰকাশ কৰিছে ।”

কেনবাৰেস্থিত ভাৰতৰ প্ৰাক্তন উচ্চায়ুক্ত নৱদীপ সুৰীৰ মন্তব্য এনেধৰণৰ “কম্প্ৰিহেন্সিভ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপলৈ উন্নীত কৰাটো এক বিশেষ সম্পৰ্ক । এম এল এছ এ সামৰিক সহযোগিতা বৃদ্ধিত সহায় কৰিব । লগতে এই সম্পৰ্ক Quad ৰ প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ (জাপান, আমেৰিকা আৰু অষ্ট্ৰেলিয়া) সৈতে গঢ়াটো সম্ভৱ হ’ব । লগতে ২+২ আলোচনা প্ৰতি দুবছৰৰ মূৰে মূৰে বিদেশ আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ পৰ্যায়ত অনুষ্ঠিত হ’ব । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সামৰিক সহযোগিতাক অধিক অৰ্থপূৰ্ণ কৰাৰ প্ৰচেষ্টাৰ ইও এক অংশ ”৷

তেওঁ অষ্ট্ৰেলিয়াত থকা কালতে দেশ দুখনে সামুদ্ৰিক ক্ষেত্ৰত হোৱাইট শ্বিপিং এগ্ৰীমেণ্টত স্বাক্ষৰ কৰিছিল । এম এল এছ এ দেশ দুখনক সামৰিক ক্ষেত্ৰত বিভিন্ন সহযোগিতাত সহায় কৰিব । যেনেদৰে সেনা বাহিনীৰ লোকসকলৰ খাদ্য, পানী আদি যোগানৰ ক্ষেত্ৰত সহায়ক হ’ব । তদুপৰি এই চুক্তিৰ জৰিয়তে যৌথ অনশীলন কৰাৰ বাবে ভাৰতীয় নৌসেনা আৰু ৰয়েল অষ্ট্ৰেলিয়ান নৌসেনাৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰা হৈছে ।

অষ্ট্ৰেলিয়ান ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় নিৰাপত্তা মহাবিদ্যালয়ৰ মুৰব্বী আৰু অধ্যাপক তথা ‘কনটেষ্ট ফৰ্ দ্যা উণ্ডো-পেচিফিক’ গ্ৰন্থখনৰ লেখক ৰ’ৰী মেডকেফে মত প্ৰকাশ কৰিছে এনেদৰে “অষ্ট্ৰেলিয়া আৰু ভাৰত মহাসাগৰীয় চুবুৰীয়া । এই চুক্তিয়ে আমাৰ উপকূলৰক্ষীসকলক চোৰাংচোৱাৰ তথ্য আদান-প্ৰদান, প্ৰশিক্ষণ আৰু কাৰ্যাৱলী একেলগে সম্পাদন কৰাত সহায় কৰিব । ভাৰত মহাসাগৰৰ ওপৰত আমাৰ দেশ দুখনে অধিক নিৰীক্ষণ কৰিব পাৰিব আৰু অবৈধ মাছ ধৰা কাৰ্যৰ পৰা আন নৌসেনাৰ চলাচল আদিৰ তথ্য দেশ দুখনে ভাগ-বাটোৱাৰা কৰিব পাৰিব ।”

এই সিদ্ধান্তক আদৰণি জনায় ভাৰতীয় নৌসেনাৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন ডি কে শৰ্মাই কয় যে জলপথত চলাচলৰ স্বাধীনতা, মূলতঃ সাগৰৰ আইনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ সন্মিলন চমুকৈ ইউ এন চি এল অ’এচৰ দৰে আন্তঃৰাষ্ট্ৰীয় আইন আৰু সাৰ্বভৌমত্বক সমৰ্থন কৰা সমভাৱাপন্ন দেশসমূহৰ নৌসেনা বাহিনী একেলগ হ’ব লাগে । কেপ্টেইন শৰ্মাই আশা প্ৰকাশ কৰি কয় যে ভাৰত, জাপান আৰু আমেৰিকাৰ নৌসেনাই ভাগ লোৱা মালাবাৰ অনুশীলনত ছমাহৰ ভিতৰত অষ্ট্ৰেলিয়াই ভাগ লোৱাৰ ক্ষেত্ৰত বৃহস্পতিবাৰে স্বাক্ষৰিত চুক্তিয়ে ৰাস্তা মুকলি কৰিব ।

“এয়া আদৰণীয় আৰু বহু প্ৰতীক্ষিত পদক্ষেপ । ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত অষ্ট্ৰেলিয়াৰ কেন্দ্ৰিকতা আৰু চীনৰ পৰা য’ত ভাবুকিৰ সৃষ্টি হৈছে সেয়া চিন্তনীয় । এই জলপথত ভাৰতীয় নৌসেনাই চলাচল কৰিবলৈ হ’লে অষ্ট্ৰেলিয়াৰ সৈতে বুজাবুজিত উপনীত হোৱাটো নিতান্তই প্ৰয়োজন ।” কেপ্টেইন শৰ্মাই এনেদজৰে মৱ্তব্য কৰে ।

তেওঁ লগতে কয় যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় নৌপথৰ উত্তৰ পূবৰ জাপানৰ সৈতে, দক্ষিণ পূবত অষ্ট্ৰেলিয়াৰ সৈতে পূবত আমেৰিকাৰ সৈতে ভাৰতৰ বৰ্তমান প্ৰভাৱশালী সম্পৰ্ক আছে । চীনে ভাৰত মহাসাগৰীয় অঞ্চলত দৃষ্টি নিক্ষেপ কৰাৰ প্ৰেক্ষাপটত ভাৰত-অষ্ট্ৰেলিয়াৰ সহযোগিতাৰ চুক্তি এক যুক্তিপূৰণ পদক্ষেপ বুলি তেওঁ মত ব্যক্ত কৰে ।

“মাত্ৰ ক’ভিড-১৯ পৰিস্থিতিৰ বাবে বছৰেকীয়া মালাবাৰ অনুশীলনত ভাগ লোৱাৰ বাবে অষ্ট্ৰেলেয়াক আমন্ত্ৰণ জনোৱা আৰু তাক Quad গঠনলৈকে সম্প্ৰসাৰিত কৰা হোৱা নাই ।” অৱসৰপ্ৰাপ্ত নৌসেনাৰ বিষয়াগৰাকীয়ে এনেদৰেও উল্লখ কৰে ।

অষ্ট্ৰেলিয়াও কোৱাৰ্ড বা চতুৰ্দেশীয় নিৰাপত্তা আলোচনাৰ এক অংশ । এই আলোচনা ভাৰত, জাপান, আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী পৰ্যায়ত বিগত দিনত অনুষ্ঠিত হৈছিল । কিন্তু অতীততে বেইজিঙৰ সৈতে কেনবাৰেৰ ঘনিষ্ঠতা থকাৰ বাবে মালাৱাৰ অনুশীলনত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াই বাধাৰ সন্মুখীন হৈছিল । কিন্তু অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে কৰ’ণা ভাইৰাছৰ উদ্ভৱৰ বাবে অনুসন্ধান দাবী কৰাৰ বাবে ক্ষোভিত চীনে ব্যৱসায়িক পৰিণামৰ ভাবুকি দিয়াৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ সেই স্থিতি সলনি হৈছে ৷

“পূৰ্বতে আমি চীনৰ সংবেদনশীলতাৰ প্ৰতি গুৰুত্ব দিছিলোঁ । কিন্তু শেহতীয়াকৈ অষ্ট্ৰেলিয়াই চীনৰ অধিক কৰৰ বোজা সহিবলগীয়া হৈছে আৰু এল এ চিত কি ঘটি আছে সেয়াও আমি দেখিছোঁ । চীনে হংকং, টাইৱান, ভিয়েটনামত শক্তি প্ৰয়োগ কৰিছে । কিন্তু ইয়াৰ ফলস্বৰূপে চীনে আন দেশসমূহৰ মাজত বন্ধুত্ব স্থাপনত সহায়হে কৰিছে ।” নৱদীপ সুৰীৰ মন্তব্য এয়া ।

আনহাতে ৰ’ৰী মেডকেফে কেনবেৰাৰ মতামত এনেদৰে ব্যক্ত কৰে—"অনাগত দিনত অষ্ট্ৰেলিয়াৰ নৌসেনা, উপকূলৰক্ষী আৰু বায়ুসেনাই ইটো পক্ষই সিটো পক্ষৰ ঘাটি পৰ্যবেক্ষণ কৰিব বা বিভিন্ন তথ্য, সেৱা আদি আদান-প্ৰদান কৰিব । ইয়াৰ ফলত আমাৰ এই দুখন গণতান্ত্ৰিক দেশৰ মাজত জলপৃষ্ঠত সহযোগিতা বৃদ্ধি পাব আৰু চীনা শক্তি অধিক সক্ৰিয় হোৱাৰ পৰিপ্ৰেক্ষিতত আমাৰো শক্তি বৃদ্ধি কৰাত সহায়ক হৈ পৰিব ।”

বৰ্তমান লজিষ্টিক আৰু তথ্য বিনিময়ৰ ক্ষেত্ৰত আমেৰিকা, ইংলেণ্ড, ফ্ৰান্সকে ধৰি সৰু-বৰ বিভিন্ন ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ চুক্তি আছে । কেৱল চীন আৰু পাকিস্তনৰ নৌসেনাৰ লগতহে এনেধৰণৰ চুক্তি সম্পাদন হোৱা নাই ।

অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী মেৰিছা পায়নেয়ে এক বিবৃতিত কয়—“সাগৰীয় নিৰাপত্তা আৰু সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত সম্প্ৰসাৰিত সহযোগিতাই উপকূলৰক্ষী, অসামৰিক সাগৰীয় সংস্থা বা বিভাগ আৰু নৌসেনাৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব ।”

লেখিকা : স্মিতা শৰ্মা

লগতে পঢ়ক : কেন্দ্ৰই ৰাজ্য সমূহলৈ মুকলি কৰিলে 36,400 কোটি টকাৰ GSTৰ ক্ষতিপূৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.